ETV Bharat / state

পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে, দুমাহ নহওঁতেই চাৰিবাৰ

জানুৱাৰী মাহত দুটা পৰ্যায়ত মুঠ ১০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে যোৱা ৪ ফেব্ৰুৱাৰীতো ৯০০ কোটি টকাৰ ঋণ লৈছিল ।

ASSAM GOVT RBI LOAN
পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 3:18 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : পুনৰ ঋণ । থমকি ৰোৱা নাই অসম চৰকাৰ । এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । অহা ১৮ ফেব্ৰুৱাৰীত দহ বছৰৰ বাবে চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ জৰিয়তে এই ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে ।

লক্ষণীয় বিষয় যে জানুৱাৰী মাহত দুটা পৰ্যায়ত মুঠ ১০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে যোৱা ৪ ফেব্ৰুৱাৰীতো ৯০০ কোটি টকাৰ ঋণ লৈছিল । জানুৱাৰী মাহৰ ৭ আৰু ২৮ তাৰিখে চৰকাৰখনে পাঁচশ কোটিকৈ এজাহাৰ কোটি টকাৰ ঋণ লৈছিল । ইয়াৰ পিছত ৪ ফেব্ৰুৱাৰীত পুনৰ ৫০০ কোটি ঋণ লোৱাৰ এটা পষেক নৌহওঁতেই ৰাজ্য চৰকাৰখনে পুনৰ ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সাজু হৈছে ।

অহা মাৰ্চ মাহত চলিত বিত্তীয় বৰ্ষ শেষ হ'ব । বিত্তীয় বৰ্ষ সমাপ্ত হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰখনে আৰু প্ৰায় ১৫০০ কোটি ঋণ লোৱাৰ বাবে লক্ষ্য স্থিৰ কৰিছে । ইফালে এনেদৰে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ।

যোৱা মাৰ্চলৈকে ৰাজ্যখনৰ মুঠৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই পাই হৈছেগৈ ১,৫০,৯০০ কোটি টকা । চলিত বিত্তীয় বর্ষ সমাপ্ত হোৱালৈ এই ঋণৰ পৰিমাণ ১,৬৭,০০০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে । ৰাজ্য চৰকাৰখনে এনেদৰে ঋণ লোৱাৰ ফলত প্ৰতি বছৰে সুদৰ নামতে ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন ওলাই যাবলৈ ধৰিছে ।

যোৱা বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰখনে সুদৰ নামত ভৰিবলগীয়া হৈছে মুঠ ৮৮১৫ কোটি টকা । ইফালে ৰাজ্য চৰকাৰখনে প্রতি মাহে লোৱা ঋণৰ ধন ভোটৰ অংকত হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিত ব্যয় কৰাৰ অভিযোগ বিৰোধীয়ে উত্থাপন কৰি আহিছে যদিও চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ।

লক্ষণীয় বিষয় যে নগদ ধন দিয়া অৰুণোদয় আঁচনিৰ লগতে বিভিন্ন সামগ্রী বিতৰণৰ আঁচনিৰ নামত ৰাজ্য চৰকাৰখনে বছৰি কেইবা হাজাৰ কোটি টকা ব্যয় কৰি আহিছে । চৰকাৰখনে ঋণৰ ধন মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্রী বিতৰণৰ আঁচনিবোৰৰ নামত ব্যয় কৰাক লৈ বিৰোধী দলবোৰে সততে ৰাজ্য চৰকাৰখনক সমালোচনা কৰি আহিছে যদিও এই সমালোচনাক কোনো ধৰণৰ গুৰুত্বই দিয়া নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।

লগতে পঢ়ক: