ETV Bharat / state

বাস্তৱায়িত হ’ব ‘আপোন ঘৰ’ৰ সপোন ! অসম বিধানসভাৰ সিদ্ধান্তক লৈ উৎফুল্লিত কলিয়াবৰবাসী

কলিয়াবৰ আৰু ড৹ ভূপেন হাজৰিকা । উজ্জীৱিত হ'ব কুঠৰীৰ 'আপোন ঘৰ' । বিধানসভাৰ মজিয়াত বিশেষ চৰ্চা । এক প্ৰতিবেদন ।

Assam Govt has decided to preserve Bhupen Hazarika's house in Kaliabor
উজ্জীৱিত হ'ব কুঠৰীৰ 'আপোন ঘৰ' (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 11:44 AM IST

8 Min Read
Choose ETV Bharat

কলিয়াবৰ: "কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে । কলিয়াবৰ মোৰ অতি আপোন ঠাই । কলিয়াভোমোৰা দলং হোৱাৰ আগতেও তেজপুৰৰ পৰা আমি কলিয়াবৰত জলপান খাই ১৯২৮ চনীয়া ফৰ্ড গাড়ীত উঠি নাজিৰালৈ যাওঁ ।"-কলিয়াবৰৰে থকা সম্বন্ধৰ কথা সুঁৱৰি এদিন এই মন্তব্য কৰিছিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই । অসম বিধানসভাত ভূপেন হাজৰিকাৰে কলিয়াবৰৰ সম্বন্ধৰ প্ৰসংগত ওলোৱাৰ পিছতেই চৰ্চালৈ আহিছে সুধাকণ্ঠৰ এই বিশেষ মন্তব্য় ।

অসম বিধানসভাৰ বিশেষ অধিৱেশনত সুধাকণ্ঠৰ স্মৃতি বিজড়িত সত্ৰসমূহৰ সংৰক্ষণৰ চৰকাৰৰ সিদ্ধান্তৰ পিছতেই কলিয়াবৰত ভূপেনদাৰ অনুৰাগীৰ উল্লাস । ৯ জুনত অসম বিধানসভাৰ বিশেষ অধিৱেশনত এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই কয়, "মই কলিয়াবৰীয়া হিচাপে অসমৰ মুখ্যমন্ত্ৰীক অকণমান ধন্যবাদ দিবলৈ বিচাৰিছোঁ । কলিয়াবৰত ভূপেন হাজৰিকাৰ এটা ঘৰত, তেওঁৰ নিজৰ মাটিত এটা ঘৰত বহুত দিন আছিল । সেইতো সংৰক্ষণ কৰাৰ কথা তেখেতে কৈছে । তেখেতলৈ মই পুনৰ স্মৰণ কৰিছোঁ যে কলিয়াবৰত এটা গীত লিখি থৈ কলিয়াবৰখনলৈ এটা দান দি থৈ গৈছিল । আমি ভাৰতৰত্ন ভূপেন হাজৰিকাৰ কৰ্মৰাজিক জীয়াই ৰাখি জাতিটো যাতে আগুৱাই যাব পাৰি তাৰে কামনা কৰিলোঁ ।"

উজ্জীৱিত হ'ব কুঠৰীৰ 'আপোন ঘৰ' (ETV BHARAT ASSAM)

কলিয়াবৰৰ কুঠৰীত নিজাকৈ এখন ঘৰ বান্ধিছিল ভূপেন দাই:

কলিয়াবৰৰ এক বিশেষ ঘৰ যিখন ১৯৭৪ চনত কুঠৰীত বান্ধিছিল, সেই ঘৰখনেই ভূপেন হাজৰিকাৰ নিজাপী ঘৰ আছিল বুলি কোৱা হয় । শিল্পীপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত ভূপেনদাই বান্ধিছিল এই ঘৰখন । যিখন ঘৰৰ নাম 'আপোন ঘৰ', কলিয়াবৰৰ দুজনকৈ সুহৃদ বন্ধুক লৈ সুধাকণ্ঠই দুটিকৈ গীত লিখিছিল । কলিয়াবৰলৈ আহিলে ষোল্ল বছৰকাল আলহী হিচাপে থকা সেই সময়ৰ কুঠৰীৰ গাঁওবুঢা শশীফুকন আৰু কুঠৰীৰ শিক্ষকৰে বিদেশৰ পৰাও চিঠি যোগে সম্পৰ্ক ৰক্ষা কৰি চলিছিল ।

সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত কুসুম বৰাদেৱে ৰচনা 'এইখন কলিয়াবৰ' গীতটিৰে ভূপেনদাৰ কলিয়াবৰৰে থকা সম্বন্ধ যুগমীয়া কৰি তুলিছিল । কলিয়াবৰৰ মঞ্চ নামৰ এক অনুষ্ঠানে আয়োজন কৰা 'ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতালৈ ভূপেন দাই প্ৰয়াত পিতৃ-মাতৃৰ সোঁৱৰণ বঁটা আগবঢ়াইছিল । কলিয়াবৰৰ ইতিহাস, ভৌগোলিক, সামাজিক পৰিৱেশৰ ভিত্তিত প্ৰস্তুত কৰা এক প্ৰসংগ ভূপেনদাৰ কণ্ঠৰে বাণীবদ্ধ কৰা হৈছে । যিটো কোনো এখন ঠাইৰ ইতিহাস বিজড়িত বিষয়ত ভূপেনদাই কণ্ঠ নিগৰোৱা একমাত্ৰ প্ৰস্তুতি ।

ভূপেন হাজৰিকাৰ গীতটো প্ৰাণ পাইছে কলিয়াবৰে:

কাজিৰঙা বোলছবিৰ এটি গীতত ভূপেন দাই গাইছে,"কাজিৰঙা মোৰ সেউজ সপোন, আপোন কঁহৰা বাগৰি, সীমাৰ লুইত আৰু ডিফলু আপোন, আপোন মৰমী কুঠৰী । মোৰ কাজিৰঙাখনি অনন্য ।" কুঠৰীৰ শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ লগত আছিল ভূপেনদাৰ অকৃত্ৰিম বন্ধুত্ব‌ । চন্দ্ৰ ফুকনৰ বাসস্থান আছিল ভূপেন দাৰ ভাতঘৰ, বহু গীতৰ ৰচনাৰ থলী । সেই বন্ধুত্বৰ সূত্ৰেই কুঠৰীত লৈছিল এটুকুৰা মাটি, সাজিছিল আটোম-টোকাৰিকৈ এটি ঘৰ ।

Assam Govt has decided to preserve Bhupen Hazarika's house in Kaliabor
উজ্জীৱিত হ'ব কুঠৰীৰ 'আপোন ঘৰ' (ETV BHARAT ASSAM)

উজনি-নামনিৰ যাত্ৰা কালত জিৰণি লৈছিল সেই ঘৰটোত । এতিয়া ভূপেন দা নাই, সেই ঘৰটোৰ চোতালত আছে ভূপেনদাৰ এটি প্ৰতিমূৰ্তি । এক ঐতিহাসিক স্থল হিচাপে সংৰক্ষণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতা দেখুৱাইছিল । সোণোৱাল চৰকাৰে দায়িত্ব লৈয়েই কেবিনেটৰ প্ৰথম সভাত ভূপেনদাৰ টালিগঞ্জ আৰু কলিয়াবৰৰ বাসগৃহ দুটিক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছিল ।

এই ঘৰটো ভূপেনদাৰ বহু সৃষ্টিৰ সাক্ষী:

কেৱল ভূপেনদাই নহয়, ভূপেনদাৰ পৰিয়ালৰ সকলো ভাই-ভনীৰ বাবে এই ঘৰটো আছিল বিশেষ আকৰ্ষণৰ কেন্দ্ৰ । ভূপেনদাৰ কলিয়াবৰৰ প্ৰতি সীমাহীন ভালপোৱাৰ উমান দিয়ে পিতৃ-মাতৃৰ সোঁৱৰণত কলিয়াবৰৰ মঞ্চই আয়োজন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে দিয়া বঁটাই । তদুপৰি, তেখেতৰ বিশেষ বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ বিষাদগ্ৰস্ততা দূৰ কৰিবলৈ লিখা 'যদি জীৱনে কান্দে নাই নাই বুলি' আৰু ব্যতিক্ৰমী চিন্তাৰ ভূপেনদাৰ এগৰাকী কলিয়াবৰীয়া বন্ধু 'জঙ্ঘলী'ৰ জীৱনক লৈ লিখা ‘মোক জংলী জংলী দুনিয়াই কয়,জংঘলেই মোৰ ঘৰ' শীৰ্ষক গীত দুটি ।

কাজিৰঙা বোলছবিতো সেউজী বাগৰি আৰু মৰমী কুঠৰীয়ে স্থান পাইছিল । কলিয়াবৰীয়া সাহিত্যিক প্ৰয়াত কুসুম বৰাদেৱে ৰচনা আৰু যোগেন বৰদলৈৰ সুৰাৰোপিত 'এইখন কলিয়াবৰ' গীতটিৰ জৰিয়তে কলিয়াবৰৰ মহিমামণ্ডিত কৰিছিল । সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীস্থিত বাসগৃহসহ সাত বিঘা ভূমি সমাহৰ্তা তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে অধিগ্ৰহণ কৰি অধিকৃত ভূমিসহ ভূপেনদাৰ গৃহটি হস্তান্তৰ কৰিলে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক ।

১৯৭৪ চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কুঠৰীত সুধাকণ্ঠই সজা 'আপোন ঘৰ'ত জীৱনৰ বিয়লি বেলা অসমৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ব‍্যৱস্থা কৰি এক আশ্ৰম ৰূপে গঢ় দিয়াৰ আশা আছিল ভূপেনদাৰ । পিছে, সেই আশা পূৰণ হোৱা দূৰৰে কথা, ঘটনা চক্ৰত পৰি সেই ঘৰ-মাটি বিক্ৰী কৰে ভূপেন দাই । ভূপেনদাৰ ঘৰ-মাটিৰ নতুনগৰাকীয়ে ঘৰৰ লগতে এছোৱা ভূমি ভূপেনদাৰ স্মৃতিত এৰি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটি সংৰক্ষণ কৰি ইয়াত এটি সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবী আছিল ।

কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কুঠৰীস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে । কিন্তু যোৱা ১২ এপ্ৰিল তাৰিখে অসম চৰকাৰৰ কেবিনেটত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা পিছতে কলিয়াবৰৰ ভূপেনদাৰ গুণমুগ্ধক আনন্দিত কৰিছে । লগতে সুধাকণ্ঠৰ সপোনৰ বাস্তৱ ৰূপ দিয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈও আহ্বান জনাইছে ।

২০০২ চনৰ পৰা ভূপেনদাৰ কুঠৰীৰ 'আপোন ঘৰ'ত ভূপেনদাৰ ওপজা দিন পালন কৰি আহি এইবাৰ পঁচিছ বৰ্ষত ভৰি দিছে কলিয়াবৰৰ সংযোগ নামৰ এক অনুষ্ঠানে । এই অনুষ্ঠানটিৰ প্ৰযোজনাত প্ৰস্তুত কৰা 'সূৰ্যাস্তৰ পিনে ধাৱমান কিয়' শ্ৰব্য সঁফুৰাত সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত কুসুম বৰাৰ ৰচনা আৰু শিল্পী পেঞ্চনাৰ যোগেন বৰদলৈৰ সুৰেৰে ভূপেনদাই 'এইখন কলিয়াবৰ' শীৰ্ষক গীতটি গাই কলিয়াবৰৰ মহিমামণ্ডিত কৰিছিল ।

উল্লেখযোগ‍্য যে, কলিয়াবৰৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটোক এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লৈছিল। পৰৱৰ্তী কালত দুৰ্ভাগ‍্যজনকভাবে বাসগৃহটোৰ চৌহদৰ ভূমি বিবাদে বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছিল । তথাপিও শেহতীয়াকৈ চৰকাৰে লোৱা সিদ্ধান্তাই ভূপেনদাৰ গৃহটি পুনৰ প্ৰাণৱন্ত হৈ উঠিব বুলি আশা প্ৰকাশ কৰে সকলোৱে ।

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "কলিয়াবৰৰ সৈতে ড৹ ভূপেন হাজৰিকাৰ যিটো সম্পৰ্ক তিনিটা যুক্তিসংগত কাৰণত এই সম্পৰ্কক বিশেষভাৱে চাব পাৰি । প্ৰথমটো কথা হ'ল ভূপেন দাৰ নিজা ঘৰ বুলিবলৈ অসমত কুঠৰীৰ ঘৰখনেই তেওঁৰ নিজা ঘৰ । এই ঘৰখনৰ বাহিৰে নিজৰাপাৰৰ ঘৰখন ভূপেনদাৰ নিজা ঘৰ আছিল ।"

তেওঁ লগতে কয়,"দ্বিতীয় কথা ভূপেনদাই নিজৰ মাক-দেউতাকৰ নামত ভূপেন্দ্ৰ সংগীত প্ৰচাৰ কৰিবৰ কাৰণে তেখেতে নিজ হাতে বঁটা দান কৰিছিল । কলিয়াবৰৰ বাহিৰে তেওঁ আৰু কাকো এই বঁটা দান কৰা নাই । তৃতীয়তে কুসুম বৰা ছাৰে লিখা গীতৰ জৰিয়তে কলিয়াবৰৰ মহিমা প্ৰকাশ বা কলিয়াবৰৰ ৰেখাংকন কৰা আদিৰ দৰে কথাৰ বাবে তেখেত কলিয়াবৰৰ সৈতে খুব সংপৃক্ত হৈ আছে ।"

লগতে পঢ়ক: অসমবাসীৰ সপোনক মোদী চৰকাৰে সিদ্ধিলৈ ৰূপান্তৰ কৰিলে : মুখ্যমন্ত্রী - 11TH ANNIVERSARY OF MODI GOVT

জন্ম শতবৰ্ষত সুধাকণ্ঠলৈ বিশেষ সন্মান: অসম বিধানসভাৰ বিশেষ এদিনীয়া অধিৱেশন - ASSAM ASSEMBLY SPECIAL SESSION