ETV Bharat / state

গুণোৎসৱৰ ফলাফল অনুসৰি বিদ্যালয়সমূহক শিক্ষা বিভাগৰ পুৰস্কাৰ প্ৰদান

Gunotsav Award Distribution 2024 : বৃহস্পতিবাৰে কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্যৰ মুঠ ১২,০৪৭ খন A+ প্ৰাপ্ত বিদ্যালয়লৈ আগবঢ়োৱা হয় আৰ্থিক অনুদান ।

গুণোৎসৱৰ ফলাফল অনুসৰি বিদ্যালয়সমূহক শিক্ষা বিভাগৰ পুৰস্কাৰ প্ৰদান
গুণোৎসৱৰ ফলাফল অনুসৰি বিদ্যালয়সমূহক শিক্ষা বিভাগৰ পুৰস্কাৰ প্ৰদান
author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 2:34 PM IST

গুণোৎসৱৰ ফলাফল অনুসৰি বিদ্যালয়সমূহক শিক্ষা বিভাগৰ পুৰস্কাৰ প্ৰদান

গুৱাহাটী, ১৪ মাৰ্চ : বৃহস্পতিবাৰে কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শিক্ষা বিভাগৰ গুণোৎসৱৰ ফলাফল অনুসৰি বিদ্যালয়সমূহক পুৰস্কাৰ প্ৰদান অনুষ্ঠান । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে শিক্ষা বিভাগৰ বিষয়াসকল ।

গুণোৎসৱৰ ফলাফল অনুসৰি বিদ্যালয়সমূহক পুৰস্কাৰ প্ৰদান কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই । ৰাজ্যৰ মুঠ ১২,০৪৭ খন A+ প্ৰাপ্ত বিদ্যালয়লৈ আগবঢ়োৱা হয় আৰ্থিক অনুদান । উক্ত অনুষ্ঠানতে ৯৩ গৰাকী অধ্যাপক আৰু ৩৪ গৰাকী অনা-শিক্ষক কৰ্মচাৰী, ক্ৰীড়া বিভাগৰ ৫৫ গৰাকীক প্ৰদান কৰা হয় নিযুক্তি-পত্ৰ । লগতে গুণোৎসৱৰ ওপৰত নিৰ্মাণ কৰা তথ্য-সম্বলিত ভিডিঅ' মুকলি কৰে মুখ্যমন্ত্রীয়ে ।

২০২৪ চনৰ গুণোৎসৱৰ ফলাফল অনুসৰি, প্ৰথম স্থানত আছে শিৱসাগৰ জিলা, দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা আৰু তৃতীয় স্থানত আছে যোৰহাট জিলা । আনহাতে, এই অনুষ্ঠনতে ২০২৩ বৰ্ষত A+ প্ৰাপ্ত বিদ্যালয়সমূহলৈ ২৫ হাজাৰকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয় । গুণোৎসৱৰ ফলাফল তথা শুকুৰবাৰৰ অনুষ্ঠানৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ৰাজ্যৰ প্ৰায় ১৮ হাজাৰ বিষয়া নিয়োজিত হৈছিল গুণোৎসৱত । এইবাৰ A+ পোৱা শিক্ষাৰ্থী আৰু বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে ।

A+ পোৱা বিদ্যালয়সমূহলৈ আৰ্থিক অনুদানৰ বাবে বিশ্ব বেংকৰ লগত কথা পাতি থকা হৈছে ।" উক্ত অনুষ্ঠানতে সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ বাবেও জলপানি বিতৰণ কৰা হয় । বৰ্তমান সময়ত ৰাজ্যৰ বিদ্যালয়সমূহৰ ১০০ শতাংশ গুণগত মান বৃদ্ধি হৈছে । উক্ত অনুষ্ঠানৰ পৰা ৩১ মাৰ্চৰ দিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ । লগতে তেওঁ উল্লেখ কৰে যে বিগত সময়ত বিনামূলীয়াকৈ নামভৰ্তি কৰা কলেজসমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰা হৈছে । ৪১৪৩ গৰাকী কলেজীয়া ছাত্ৰীলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১০ হাজাৰকৈ টকা প্ৰদানৰো ঘোষণা কৰা হয় ।

আনহাতে, উচ্চতৰ মাধ্যমিকৰ দুয়োটা বর্ষতে নামভৰ্তি কৰা ছাত্ৰীসকলক ১০ হাজাৰ টকাকৈ দিয়া হ'ব । ১২,৫০০ টকা ডিগ্ৰীৰ ছাত্ৰীক দিয়া হ'ব আৰু স্নাতকোত্তৰ ছাত্ৰীক ২৫,০০০ টকা দিয়া হ'ব । আনহাতে, এতিয়াৰে পৰা নতুনকৈ নিযুক্তিপ্ৰাপ্ত অধ্যাপকসকলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁলোকৰ কামৰ প্ৰতিবেদন দিব লাগিব । সক্ৰিয় খেলুৱৈ কৰ্মচাৰীসকলে ডিউটি নকৰিলেও দৰমহা লাভ কৰিব । কেন্দ্ৰীয় চৰকাৰত নিয়োজিত অসমৰ খেলুৱৈ কৰ্মচাৰীক অসম চৰকাৰত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

লগতে পঢ়ক :'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.