শ্যামকানু দূৰ হৈ 'যোৱা'... ! সোণৰ বাঁহী আৰু নাপাব শ্যামকানু মহন্তই
অসমত শ্যামকানু মহন্তই উৎসৱ পতাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিলে মুখ্যমন্ত্ৰীয়ে । ধনৰ যোগান নধৰিবলৈ ভাৰত চৰকাৰকো জনাব অনুৰোধ ৷

Published : September 24, 2025 at 12:23 PM IST
|Updated : September 24, 2025 at 12:30 PM IST
গুৱাহাটী : জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই কঠোৰ হৈছে অসম চৰকাৰ ৷ অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা বিতৰ্কিত 'ফেষ্টিভেল মহন্ত’খ্যাত শ্যামকানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানৰ সকলো অনুষ্ঠান ৷ সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱাবেলা সামাজিক মাধ্যমযোগে ঘোষণা কৰে এইদৰে, “ৰাজ্য চৰকাৰে শ্ৰীশ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ তদুপৰি, ৰাজ্য চৰকাৰেও শ্ৰী মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে ৷”
The State Government has decided to prohibit Shri Syamkanu Mahanta and any organisation associated with him from holding any functions or festivals within the State of Assam. Further, the State Government will not provide any financial grant, advertisement, or sponsorship to any…
— Himanta Biswa Sarma (@himantabiswa) September 24, 2025
কেৱল সেয়ে নহয়, ভাৰত চৰকাৰৰ পৰাও যাতে প্ৰতিষ্ঠিত ইভেণ্ট মেনেজাৰ শ্যামকানু মহন্ত বা তেওঁৰ প্ৰতিষ্ঠানে কোনো ধৰণেই যাতে সাহাৰ্য লাভ নকৰে তাৰো ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক আবেদন কৰিব অসম চৰকাৰে ৷ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে, “ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব ৷”
উল্লেখ্য যে, ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যোৱা ১৯ ছেপ্টেম্বৰত সাগৰত অকাল মৃত্যু সাবটিবলগীয়া হৈছিল শিল্পী জুবিন গাৰ্গে ৷ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আছিল শ্যামকানু মহন্ত ৷ অসুস্থ দেহাৰে জুবিন গাৰ্গক শ্যামকানু মহন্তই ছিংগাপুৰলৈ নি মৃত্যুমুখলৈ ঠেলি দিয়া দিয়া বুলি সমগ্ৰ ৰাজ্যজুৰি জনতাই অভিযোগ উত্থাপন কৰিছে ৷ জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰ পৰাই ৰাজ্যজুৰি দাবী উঠিছে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সকলো প্ৰতিষ্ঠানক অসম চৰকাৰ নিষিদ্ধ কৰিব লাগে ৷
লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থানাত শ্যামকানু মহন্তৰ বিৰুদ্ধে ৪০ খনকৈ এজাহাৰো দাখিল কৰা হৈছে ৷ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই ইতিমধ্যে CIDয়েও গোচৰ সমূহৰ তদন্ত আৰম্ভ কৰিছে ৷
আনহাতে,জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক শ্যামকানু মহন্তই ছিংগাপুৰত ফেষ্টিভেলটো গোপনে আয়োজন কৰা বুলি ইতিমধ্যে পোহৰলৈ আহিছে ৷ নিজৰ ব্যৱসায়িক মুনাফাৰ বাবে শ্যামকানু মহন্তই জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে ৷ মন কৰিবলগীয়া যে, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক অনুদান কৌশলেৰে আদায় কৰি দীৰ্ঘদিন ধৰি বিভিন্ন ঠাইত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰি কোটি কোটি টকাৰ চৰকাৰী ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে তেওঁৰ বিৰুদ্ধে ৷ বৰ্তমানলৈ অসমৰ বাহিৰতে আত্মগোপন কৰি আছে শ্যামকানু মহন্তই ৷
অসম চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানক নিষিদ্ধ ঘোষণা কৰাৰ পিছত তেওঁক কেতিয়া গ্ৰেপ্তাৰ কৰিব সেয়াও এতিয়া লক্ষণীয় হ’ব ৷

