ETV Bharat / state

৪ ফেব্ৰুৱাৰীত পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে - ASSAM GOVT RBI LOAN

আকৌ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ যোগেদি ৰাজ্য চৰকাৰে ৰিজার্ভ বেংকৰ ওচৰত ঋণৰ বাবে প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে ।

Assam Govt RBI Loan
ঋণৰ বোজাও দ্ৰুত গতিত বৃদ্ধি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 2, 2025 at 2:00 PM IST

3 Min Read

গুৱাহাটী : অব্যাহত আছে ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । পুনৰ ঋণ ল'বলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন । জানুৱাৰী মাহত দুটা পৰ্যায়ত মুঠ ১০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে পুনৰ অহা ৪ ফেব্ৰুৱাৰীত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ যোগেদি এই ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে ।

লক্ষণীয় বিষয় যে চলিত বিত্তীয় বৰ্ষ শেষ হ'বলৈ মাত্ৰ দুটা মাহ বাকী আছে । অনাগত এই দুটা মাহতো ৰাজ্য চৰকাৰখনে প্ৰায় ২৫০০ কোটি টকা ঋণ লোৱাৰ বাবে লক্ষ্য স্থিৰ কৰিছে । ইতিমধ্যে চলিত বিত্তীয় বৰ্ষটোত এতিয়ালৈকে প্ৰায় পোন্ধৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে চৰকাৰখনে ।

ইফালে প্ৰতি মাহে ঋণ লোৱাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ।শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা মতে যোৱা মাৰ্চলৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা ।

Assam government to take loan of Rs 900 crore again on eight February
৪ ফেব্ৰুৱাৰীত পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে (ETV Bharat)

আনহাতে যোৱা মাৰ্চৰ পাছত চৰকাৰে লোৱা ঋণৰ পৰিমাণ যদি যোগ কৰা হয় তেনেহ'লে ঋণৰ পৰিমাণ ১,৬৬,০০০ কোটি টকা হ'বগৈ । মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্ৰী বিতৰণৰ আঁচনিবোৰৰ বাবেই চৰকাৰখনে এনেদৰে মাহে মাহে ঋণ ল'ব লগীয়া হৈছে ।

লগতে পঢ়ক : আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ

প্ৰণিধানযোগ্য যে ৰিজাৰ্ভ বেংক আৰু 'কেগ'-এ অনুৎপাদনমূলক ব্যয় হ্ৰাস কৰি উৎপাদনমূলক কামত ধন ব্যয় কৰিবলৈ অসম চৰকাৰক পৰামৰ্শ দিছিল । কিন্তু অসম চৰকাৰে ৰিজাৰ্ভ বেংক কর্তৃপক্ষ আৰু কেগৰ পৰামৰ্শক গুৰুত্ব নিদি একমাত্ৰ ভোটৰ স্বাৰ্থতে ঋণৰ ধন হিতাধিকাৰী আঁচনিত ব্যয় কৰি আহিছে ।

বিগত সময়ছোৱাত বহু কেইখন হিতাধিকাৰীকেন্দ্ৰিক আঁচনিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটতো এনে ধৰণৰ চমক সৃষ্টিকাৰী কেইবাখনো আঁচনি গ্ৰহণ কৰাৰ বাবে যো-জা চলাইছে । ইফালে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অর্থাৎ ফেব্ৰুৱাৰী নাইবা মাৰ্চৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ বাবেও চৰকাৰখনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ।

এনে পৰিস্থিতিত ঋণৰ অবিহনে গত্যন্তৰ নোহোৱা হৈছে চৰকাৰখনৰ । যাৰ বাবে একমাত্ৰ ভোটৰ অংকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে ধাৰ কৰা ধনেৰে হ'লেও হিতাধিকাৰী ৰাইজক সন্তুষ্ট কৰাৰ বাবে উঠিপৰি লাগিছে । হিতাধিকাৰীৰ সংখ্যা যিমানে বৃদ্ধি পাইছে চৰকাৰখনৰ ঋণ লোৱাৰ প্ৰকোপ যিমানে বৃদ্ধি পাইছে ।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেট: কি কয় ড৹ শৰ্মা-সোণোৱাল আৰু গগৈয়ে ?

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প'ৰ্টেল মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.