ETV Bharat / state

ডিব্ৰুগড়, গুৱাহাটী, শিলচৰত ২৪ ঘন্টাই খোলা থাকিব দোকান: কেবিনেটে ল'লে সিদ্ধান্ত - CABINET MEETING

প্ৰথম গৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী বৰ্ষজোৰাকৈ অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে ।

Assam government to issue PRC to Moran community living in Arunachal Pradesh
কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 10:24 PM IST

3 Min Read

ডিব্ৰুগড়: উজনিৰ কেইবাখনো জিলাৰ উন্নয়নৰ খতিয়ান ল'বলৈ চাৰিদিনৰ কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে বিয়লি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীগৰাকীক বিমান বন্দৰত উষ্ম আদৰণি জনাই কেইবাজনো মন্ত্ৰী-বিধায়কে ।

ইয়াৰ পাছতে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অসম চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাতে ডিব্ৰুগড়ৰ সচিবালয়ত আজি অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰৰ সকলো মন্ত্ৰী উপস্থিত থাকে । কেবিনেট বৈঠকৰ পাছতে এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সংবাদমেল (ETV Bharat Assam)

সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "কেন্দ্ৰীয় কেবিনেটত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে অনুমোদন দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম কেবিনেটে ধন্যবাদ জনায় । প্ৰধানমন্ত্ৰীয়ে এডভাণ্টেজ আছামত অংশগ্ৰহণ কৰি গৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । অৰুণাচলৰ বিভিন্ন স্থানত বাস কৰা মৰাণ লোকসকলক অৰুণাচল চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নিদিয়াৰ বাবে অৰুণাচলত তেওঁলোকে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হয় ।

সেয়ে অৰুণাচলত বাস কৰা মৰাণ জনগোষ্ঠীয়ে অসম চৰকাৰৰ পৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰিব । ফলত তেওঁলোকে অসমত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব । এন এইছ এমত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বয়সৰ কোনো উৰ্ধসীমা নাথাকিব । এমালগেচনৰ পাছত বন্ধ হোৱা বিদ্যালয়সমূহ আয়ুক্তৰ অধীনত থাকিব । যিকোনো চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰিব । জোনাই সমষ্টিত চিমেন চিচি টঙানি নামেৰে এটা নতুন ব্লক গঠন কৰা হ'ব ।"

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কমতাপুৰ, মৰাণ আৰু মটক স্বায়ত্ত শাসিত পৰিষদীয় এলেকাত ৫০ শতাংশতকৈ কম স্ব-জনগোষ্ঠীয় লোক থাকিলেও পৰিষদত অন্তৰ্ভুক্ত হ'ব । গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত ২৪ ঘন্টাই দোকান খোলা থাকিব । সপ্তাহৰ ১ টা দিনো বন্ধ নাথাকিব । চহৰত ২ বজালৈ আৰু গ্ৰামাঞ্চলত নিশা ১১ বজালৈ খোলা থাকিব । গুৱাহাটীত আৰু আন ঠাইসমূহত পূৰ্বৰ সময়ৰ দৰেই সুৰা বিপণিসমূহ খোলা ৰাখিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷" মুখ্যমন্ত্ৰীয়ে আৰু কয়- "স্বায়ত্ত পৰিষদে নিৰ্ধাৰিত পুঁজিতকৈ অধিক ধনৰ নিবিদা দিব নোৱাৰিব । ২৬২ কোটি বাগিচা উন্নয়নৰ বাবে আজি কেবিনেটে মুকলি কৰি দিয়ে ।"

কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আৰু কয়, "প্ৰাথমিক বিদ্যালয়ত ন্যূনতম ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী থাকিলে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব । প্ৰথম গৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী বৰ্ষজোৰাকৈ অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে । এটা চৰকাৰী অনুষ্ঠান গোলাপ বৰবৰাৰ নামেৰে নামকৰণ কৰা হ'ব । ২৯ আগষ্টৰ পৰা এই কাৰ্যসূচী বৰ্ষজোৰাকৈ পালন কৰা হ'ব । ৰংঘৰৰ বাকৰিত কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।" ইয়াৰোপৰি ৰংঘৰৰ চৌহদত যি পানী হৈছে তাক পৰ্যবেক্ষণ কৰিবলৈ এখন কমিটী গঠন কৰিছে বুলিও সংবাদমেল জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰৰ দহ হেজাৰ কোটি টকা অনুমোদন; সৰ্বানন্দ সোণোৱালৰ কৃতজ্ঞতা - NAMRUP IV AMMONIA UREA PLANT

ভূমি দখলৰ স্বাৰ্থত নগা দুৰ্বৃত্তই জ্বলালে দ্বাৰা তিৰু হিলছ বনাঞ্চল - TIRU HILLS RESERVE FOREST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.