ৰাজ্যৰ ৩৮ লাখ+ মহিলাক সামৰি মুকলি হ'ল অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ
বি টি চিৰ ৬ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন ৷ মঙলবাৰে ৩০ খন জিলাৰ ২৫০০০ ঠাইত একেলগে এই উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয় ।

Published : October 7, 2025 at 6:13 PM IST
গুৱাহাটী: “মোক সমালোচনা কৰক, কিন্তু মা সকলৰ বাবে থকা অৰুণোদয় আঁচনিক লৈ বিৰোধিতা নকৰিব” - অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সকীয়নিৰে ৰাজ্যৰ ৩৮ লাখ+ মহিলাক সামৰি মুকলি হ’ল অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ ৷
গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মঙলবাৰে কেন্দ্ৰীয়ভাৱে মুকলি কৰে এই আঁচনি ৷ মঙলবাৰে ৰাজ্যৰ ৩০ খন জিলাত ২৫০০০ ঠাইত একেলগে এই উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয় ।
বি টি চিৰ ৬ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
এই আঁচনিৰ অধীনত প্রতিমাহে নিৰ্ধাৰিত সময়ত ১২৫০ টকাকৈ লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৷ ইয়াৰ বাবে প্রতিমাহে ৰাজ্য চৰকাৰৰ ব্যয় হ'ব ৪১০+ কোটি টকা ৷ অৱশ্যে সম্প্রতি এই আঁচনিয়ে বি টি চিৰ হিতাধিকাৰীক সামৰি নলয় যদিও খানাপাৰাৰ জনসভাত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা —“বি টি চিৰ ৬ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, ইয়াৰ বাবে প্রয়োজন হ'ব আৰু এমাহৰ ৷”

এক কথাত আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইবামান মাহ বাকী থকা অৱস্থাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমক দি মঙলবাৰে মহিলা হিতাধিকাৰীসকললৈ আগবঢ়ালে সাময়িক সকাহ ৷
মোদী ডাঙৰ মামা, হিমন্ত বিশ্ব সৰু মামা: অহাবাৰ দিব মিঠাতেল
“চাইকেল কোনে দিয়ে ? ছোৱালীক কোনে পঢ়ায়, অৰুণোদয় কোনে দিয়ে ? সকলো মামাই দিয়ে ৷ চাউল দিয়ে ডাঙৰ মামা মোদীয়ে ৷ অহাবাৰ মিঠাতেল দিম” — এই মন্তব্যৰে জনসভাত মহিলা হিতাধিকাৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্রীৰ ঘোষণা যে অহাবাৰ নিৰ্বাচনত জিকিলে হিতাধিকাৰীসকলক মিঠাতেল দিয়াৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে ।

কেৱল মিঠাতেলেই নহয়, দাইল, চেনী, ৰন্ধন গেছৰ বাবেও চৰকাৰে আগবঢ়াব বিশেষ সহায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়, “১ নৱেম্বৰৰ পৰা ৰেচনৰ জৰিয়তে উপলব্ধ হ'ব দাইল, নিমখ আৰু চেনী । ৰন্ধন গেছৰ বাবে ২৫০ টকাকৈ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৰাজসাহায্য । নিৰ্বাচনত ভোট দি জয়ী কৰালে সুলভ মূল্যত উপলব্ধ হ'ব মিঠাতেল ৷”
অৰুণোদয়ক সমালোচনা নকৰিব— মুখ্যমন্ত্ৰী শৰ্মাৰ কংগ্ৰেছক সকীয়নি
আনহাতে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে অভিলেখ ৰচনাকাৰী ঋণৰ বোজা লৈ হিতাধিকাৰী আঁচনিৰে জনতাক ভৱিষ্যতহীনতালৈ ঠেলি বুলি বিৰোধীয়ে যোৱা ৫টা বছৰ কঠোৰ সমালোচনা কৰি আহিছে । পিছে বিৰোধী, বিশেষকৈ কংগ্ৰেছক কঠোৰ সকীয়নি দি আত্মপক্ষ সমৰ্থন মুখ্যমন্ত্ৰী ।
অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলক মাতৃৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ কংগ্ৰেছক সকীয়নি, “মাক সহায় কৰাটো কেতিয়াও অপৰাধ বা দোষ হ'ব নোৱাৰে ৷ মাক আমি যিমানেই পূজা নকৰো, যিমানে সন্মান নকৰো ধাৰ পূৰাব নোৱাৰো ৷ মাৰ ওচৰত আমি সদায় ঋণী । সেয়ে কংগ্ৰেছক কওঁ আপোনালোকক কওঁ মোৰ সমালোচনা কৰক, কিন্তু মা সকলৰ বিৰুদ্ধে একো নক’ব ৷”
কংগ্ৰেছীসকল মাকৰ পেটৰ পৰা জন্ম হৈছেনে নাই নাজানোঁ
‘‘অৰুণোদয় আঁচনিয়ে অসমক ধ্বংস কৰা বুলি দাবী কৰে কংগ্ৰেছে ৷ আই মাতৃক সেৱা কৰাটো কেতিয়াও অপৰাধ হ’ব নোৱাৰে ৷ কংগ্ৰেছীসকল মাকৰ পেটৰ পৰা জন্ম হৈছেনে নাই নাজানোঁ ৷ আই মাতৃ নাথাকিলে হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহ'লহেঁতেন” - বুলি কংগ্ৰেছক কটাক্ষ কৰি সমালোচনা মুখ্যমন্ত্রীগৰাকীৰ ।
লগতে, কংগ্ৰেছক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ভাষাৰে সমালোচনা কৰি ক’লে, ‘‘কংগ্ৰেছে অৰুণোদয়ক যিমানেই সমালোচনা কৰিব, সিমানেই মই বেছি মাক অৰুণোদয় দি গৈ থাকিম । ৪০ লাখ মাতৃৰ আশীৰ্বাদ থকা আমাৰ চৰকাৰৰ নোম এডালো লৰাব নোৱাৰে কংগ্ৰেছে ।”
আপডেট থাকিব লাগিব বেংক একাউণ্টৰ KYC
অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান যে অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ আপডেট থাকিব লাগিব বেংক একাউণ্টৰ KYC ৷ লগতে, পঞ্জীয়ন হৈ থকা ম’বাইল নম্বৰ কাৰ্যক্ষম হৈ থাকিব লাগিব ৷ সেয়ে এই কাম দুটা সকলোকে কৰি ৰাখিবলৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে । নহ’লে চৰকাৰে ধন দিলেও কিন্তু হিতাধিকাৰীৰ একাউণ্টত ধন নোসোমাব । মাজতে ওলমি ৰ’ব ধন ।
অসমৰ অৰুণোদয়ক অনুকৰণ কৰিয়েই ছত্তীশগড়, কর্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰই গ্রহণ কৰিছে অৰুণোদয় আঁচনি ৷ এই মন্তব্যৰে অসমৰ পৰা দেশৰ সূর্যোদয় হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
উল্লেখযোগ্য যে, শাহুৱেকৰ মৃত্যুৰ পিছত বোৱাৰীয়েকে অৰুণোদয় আঁচনি লাভ কৰিব ৷ তাৰ বাবে শাহুৱেকৰ অৰুণোদয়ৰ নম্বৰটো চৰকাৰক জনাব লাগিব ৷ অৰুণোদয় ৩.০ মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা ।
সমান্তৰালকৈ ২০২৬ ৰ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে আকৌ আন এক বিশেষ উপহাৰ লৈ আহিব বুলি মঙলবাৰে ঘোষণা মুখ্যমন্ত্ৰীৰ । ২০২৬ ৰ মাৰ্চ-এপ্ৰিল মাহত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । এনে প্ৰেক্ষাপটত বিভিন্ন প্ৰতিবন্ধকতা স্বত্বেও অৰুণোদয় ৩.০ আঁচনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ভোট বেংক তথা ৰাজনীতিত একমাষ্টাৰ ষ্ট্ৰোক বুলি বুলি চৰ্চিত হৈছে ।
লগতে পঢ়ক: চি আই ডি কাৰ্যালয়ত হাজিৰ ৰূপকমল কলিতা, এতিয়াও খবৰ নাই বাকী ছিংগাপুৰীয়া অসমীয়াৰ

