জ্যোতি-বিষ্ণুৰ নামত তেজপুৰ বিমানবন্দৰ নামকৰণৰ প্ৰস্তাৱ
তেজপুৰ বিমানবন্দৰত ২০২৩ চনৰ ২৫ জুনত সংযোগ হৈছিল তৃতীয়খন যাত্ৰীবাহী বিমান ।

Published : June 11, 2025 at 9:55 PM IST
তেজপুৰ: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ পিছত এইবাৰ জ্যোতি-বিষ্ণুৰ নামত তেজপুৰ বিমানবন্দৰ নামকৰণৰ বাবে চিন্তা কৰিছে অসম চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে তেজপুৰৰ শালনিবাৰী বিমানবন্দৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ নামত পুনৰ নামকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ পঠিয়াব ।
এই নামকৰণৰ পৰা তেজপুৰ বিমানবন্দৰ কিমান লাভবান হ’ব ?
এই সন্দৰ্ভত তেজপুৰ বিমানবন্দৰ প্ৰাধিকাৰী জি শিৱকুমাৰে কয় - ‘‘তেজপুৰ বিমানবন্দৰ দুগৰাকী প্ৰখ্যাত শিল্পীৰ নামত নামকৰণ কৰিবলৈ লোৱাটো তেজপুৰৰ ৰাইজৰ বাবে এটা ভাল খবৰ । কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে চিন্তা-চৰ্চা কৰিব আৰু দেশৰ এয়াৰপ’ৰ্ট অথৰিটিৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেয়া কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাহে হৈ উঠিব ।"
বৰ্তমান বিমানবন্দৰত সেৱা
জি শিৱকুমাৰে পুনৰ কয়- "বৰ্তমান তেজপুৰ বিমানবন্দৰত পূৰ্বৰ দৰে এয়াৰ ইণ্ডিয়া বা অন্য বিমান চলাচল বন্ধ হৈ আছে । কাৰণ তেজপুৰ বিমানবন্দৰ শালনিবাৰী তেজপুৰ বায়ুসেনাৰ লগত সংলগ্ন হোৱা বাবে ৰাণৱেৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে । সেইবাবে বৰ্তমান যাত্ৰীৰ বাবে এক মাত্ৰ পবনহংস হেলিকপ্টাৰে সেৱা আগবঢ়াই আহিছে । এই হেলিকপ্টাৰে ডিব্ৰুগড়-যোৰহাট-তেজপুৰ আৰু গুৱাহাটীৰ মাজত যাত্ৰীৰ বাবে সেৱা আগবঢ়াই আছে । সপ্তাহত তিনিদিন প্ৰচলিত এই সেৱা সোমবাৰ, বুধবাৰ, শুকুৰবাৰে পুৱা ১০.৩০ বজাত তেজপুৰৰ পৰা গুৱাহাটীলৈ মাত্ৰ ৩০ মিনিটৰ ভিতৰতে যাত্ৰা সমাপ্ত কৰে । হেলিকপ্টাৰ সেৱাৰ বাবে প্ৰতিগৰাকী যাত্ৰীৰ তেজপুৰৰ পৰা গুৱাহাটীৰ মূল্য ২৫০০ টকা । তেজপুৰ বিমানবন্দৰত পুনৰ বিমান চলাচল অহা ২০২৬ বৰ্ষৰ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।’’

তেজপুৰ বিমানবন্দৰ স্থাপন
ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা ১২ কিলোমিটাৰ নিলগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত তেজপুৰ বিমানবন্দৰ । ১৯৪২ চনত ব্ৰিটিছ শাসনৰ সময়ত শালনিবাৰীত স্থাপন কৰা এই বিমানবন্দৰৰ এটা টাৰ্মিনেল আছে । মুঠ ৪০০ যাত্ৰী অহা-যোৱাৰ বাবে ৰখিব পাৰে । এই বিমানবন্দৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ ৰয়েল ইণ্ডিয়ান এয়াৰফ'ৰ্চে স্থাপন কৰা । এই বিমানবন্দৰটো পিছলৈ ইউ এছ এ এফে বোমাৰু বিমানৰ ঘাটি হিচাপে ব্যৱহাৰ কৰে । তেজপুৰ চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৯ কিলোমিটাৰ । পৰৱৰ্তী সময়ত ১৯৫৯ চনত ভাৰতীয় বায়ুসেনাৰ ষ্টেচনলৈ ৰূপান্তৰিত হয় । বৰ্তমান বায়ুসেনাৰ যুঁজাৰু স্কোয়াড্ৰন যেনে, Su‐30MKI আৰু হেলিকপ্টাৰ ইউনিট উপলব্ধ আছে ।
তেজপুৰ কলকাতা সংযোগী বিমান
উল্লেখ্য় যে, তেজপুৰ বিমানবন্দৰত বন্ধ হোৱাৰ পূৰ্বে এ টি আৰ বিমান আৰু স্পাইছ জেটৰ বিমান চলাচল কৰিছিল তেজপুৰৰ পৰা কলকাতালৈ । কেন্দ্ৰীয় চৰকাৰৰ উড়ান অভিযানৰ অধীনত তেজপুৰ বিমানবন্দৰত বিগত ২০২৩ চনৰ ২৫ জুনৰ পৰা সংযোগ হৈছিল তৃতীয়খন যাত্ৰীবাহী বিমান স্পাইছ জেট ।
প্ৰথম দিনাই মুঠ ৩০ গৰাকী যাত্ৰীৰে তেজপুৰৰ পৰা কলকাতালৈ পোনপটীয়াকৈ সংযোগ স্থাপন কৰা স্পাইছ জেটৰ ৭০ খন আসনৰ বিমানখনৰ পৰা ৯০ খন আসনলৈ বৃদ্ধি হৈছিল । ইয়াৰ উপৰি দুখন এয়াৰলাইন্সৰ বিমান গুৱাহাটী, পাছিঘাট, তেজপুৰ হৈ কলকাতালৈ দৈনিক চলাচল কৰি আছিল ।

পূৰ্বতে সপ্তাহত তিনিদিন কলকাতা সংযোগী বিমান চলাচল কৰিছিল যদিও সেয়া বিমান কৰ্তৃপক্ষই নিজৰ খেয়াল-খুঁচি মতে যাত্ৰীৰ বাবে সেৱা আগবঢ়াইছিল । তেজপুৰ চহৰৰ পৰা দীৰ্ঘদিনীয়া দাবী থকা স্বত্বেও চৰকাৰী কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ কৰা নাছিল ।
বিমানবন্দৰতো তেজপুৰ বায়ুসেনা ঘাটিৰ লগত সংযোগ থকাৰ বাবে বিমানবন্দৰত বহু যাত্ৰীৰ প্ৰৱেশত অসুবিধাৰ সন্মুখীন হয় । যাত্ৰীয়ে ভ্ৰমণৰ বাবে ব্যয় কৰি প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এনে অসুবিধাৰ সন্মুখীন হয় আৰু তাৰ বাবে তেজপুৰ বিমানবন্দৰৰ পৰা যাত্ৰী বহু পৰিমাণে কম ৷ ফলস্বৰূপে যাত্ৰী কমি যোৱাৰ লগে লগেই বিমান চলাচল বন্ধ হৈ পৰিছিল ।

