ETV Bharat / state

নৱজাতকৰ মৃত্যুত লজ্জিত হ’ল মুখ্যমন্ত্ৰী ! তিনিজনীয়া তদন্ত সমিতিয়ে উদঘাটন কৰিব প্ৰকৃত সত্য

ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব, স্বাস্থ্য শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰে গঠন কৰা হৈছে তদন্ত সমিতিখন ৷ প্রসূতি বিভাগৰ নাৰ্ছ ইনচার্জক তাৎক্ষণিকভাৱে নিলম্বন ৷

CM ON NEWBORN DEATH
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 19, 2025 at 12:25 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: এটা নৱজাতকৰ মৃত্যুৱে কঁপাইছে সমগ্ৰ ৰাজ্য ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এই কৰুণ ঘটনাত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷

অসম চৰকাৰে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত নৱজাতকৰ দুৰ্ভাগ্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰি দিছে তিনিজনীয়া তদন্ত সমিতি । ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি ছাংচন, স্বাস্থ্য শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰে এই তদন্ত সমিতিখন গঠন কৰা হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সদ্যোজাত কেঁচুৱাৰ বিশেষ যতনকক্ষত সংঘটিত এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা হাস্পতালখনত নিশা উপস্থিত হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সদ্যোজাত কেঁচুৱাৰ বিশেষ যতনকক্ষটো পৰিদৰ্শন কৰে । মুখ্যমন্ত্রীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু চিকিৎসকসকলৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰে ।

পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘মই নিজে যিটো ফটোথেৰাপি ইউনিটৰ পৰা শিশুটি বাগৰি পৰিছিল চাই আহিলো । যথেষ্ট খালী মেচিন থকা সত্ত্বেও এটা মেচিনতে কর্তব্যৰত নাৰ্ছেই হওঁক, চিকিৎসকেই হওঁক তিনিটাকৈ নৱজাতকক তেওঁলোকে ৰাখি থৈছিল । মেচিনৰ অভাৱ নাছিল । এনেকুৱা ঘটনা মই আগতে দেখা নাই । ২০০৬ চনৰ পৰা মই জি এম চি এইচৰ লগত জড়িত । আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুঃখিত । এই ঘটনাই মেডিকেল কলেজখনৰ প্রতি ৰাইজৰ যি মৰম, সেই মৰম কমাই দিয়ে । অহা তিনি দিনৰ ভিতৰত সমিতিয়ে ৰিপ’ৰ্ট দিব । কর্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে । গোটেই বিষয়টোৰ যিহেতু চি চি টি ভি ফুটেজ আছে, সেয়ে নিৰপেক্ষভাৱে তদন্ত কৰা হ'ব । আজিৰ ঘটনাটো ৰোগী বেছি হৈছে বুলি কৈ দায় সাৰিব পৰা বিষয় নহয় । এয়া এক মানৱীয় ভুল । ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত, তাৰ তদন্ত কৰিব লাগিব । কিন্তু ভুলটোক আমি ভুল বুলি ক'ব পাৰিব লাগিব । তাত বেলেগ কথা কৈ ভুলটো নোহোৱা কৰিবলৈ চেষ্টা কৰাটো মই ঠিক বুলি নাভাবো ।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘এইটো এটা ভুলো হৈছে আৰু অক্ষমণীয় অপৰাধো হৈছে । কথাটো শুনাৰ পৰাই মনটো বেয়া লাগি আছে । সেয়ে নিজেই আহিছো ।’’

আনহাতে, কন্যা সন্তানটিৰ পিতৃকো মুখ্যমন্ত্রীয়ে জি এম চি এইচত সাক্ষাৎ কৰি সমবেদনা জনাই কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে মেডিকেল কলেজখনত সংঘটিত এই ঘটনাত অত্যন্ত দুখ আৰু লাজ পাইছে ।

জি এম চি এইচৰ অধ্যক্ষই আগবঢ়োৱা মন্তব্যৰ উদ্ধৃতি দি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘তেওঁলোকে এয়া ক'ব নালাগিছিল । এই কথাৰ পৰা মই আৰু দুখ পাইছো । জি এম চি এইচত প্রয়োজনতকৈ অধিক চিকিৎসক, নাৰ্ছ আছে । যদি কোনোবাই এনে কথা-কৈছে, তেনেহ'লে সেয়া দায়সৰা মন্তব্য । অধ্যক্ষ, অধীক্ষকে যদি এনে কথা কৈছে, তেওঁলোককো মই বেয়া পাইছো । অধ্যক্ষই দেউতাক-মাকৰ ওচৰত ক্ষমা খুজিব লাগে । ভুলটোক ভুল বুলি কোৱাৰ সাহস থাকিব লাগে ।’’

জি এম চি এইচ কর্তৃপক্ষৰ শিথিলতাৰ বাবেই একাংশ নাৰ্ছ, স্বাস্থ্যকর্মীয়ে কর্তব্য পালনত চৰম গাফিলতি কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । মুখ্যমন্ত্ৰীৰ এনে কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিততে প্রসূতি বিভাগৰ নাৰ্ছ ইনচার্জ ভানুপ্রিয়া মিছঙক তাৎক্ষণিকভাৱে জি এম চি এইচ কর্তৃপক্ষই নিলম্বন কৰিছে ।

সমান্তৰালকৈ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙক অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, শিশু বিভাগৰ মুৰব্বী অধ্যাপক আৰু স্ত্রীৰোগ বিশেষজ্ঞসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই গোটেই বিষয়টো অৱগত কৰি ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে উচিত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে ।

লগতে পঢ়ক: জি এম চি এইচত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু: আজৱ যুক্তি অধ্যক্ষৰ