ETV Bharat / state

উৰিয়ামঘাটৰ পিছত এইবাৰ নেঘেৰিবিল, বয়-বস্তু সামৰি ঘৰ-বাৰী এৰিছে একাংশই

৮ আগষ্টৰ পৰা মেৰাপানী-নেঘেৰিবিলত চলিব প্ৰশাসনৰ বুলড'জাৰ । সকলো সামৰি নেঘেৰিবিল ত্যাগ কৰিছে একাংশ লোকে ।

NEGHERIBIL EVICTION
বয়-বস্তু সামৰি ঘৰ-বাৰী এৰিছে একাংশ বেদখলকাৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 6:23 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট : সৰুপথাৰৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পাছত এইবাৰ গোলাঘাটৰ মেৰাপানী-নেঘেৰিবিলত চলিব উচ্ছেদ অভিযান । যাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্ট কৰা হৈছে নেঘেৰিবিলৰ উচ্ছেদৰ দিন । এই ঘোষণাৰ পিছতে একাংশই স্ব-ইচ্ছাই ত্যাগ কৰিছে নেঘেৰিবিল । প্ৰশাসনো সাজু হৈ উঠিছে নেঘেৰিবিলত উচ্ছেদৰ চলাবলৈ ।

উল্লেখ্য যে, বন বিভাগৰ জাননীৰ সাত দিনৰ সময়সীমা আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ সময়সীমাৰ ম্যাদ উকলিব ৭ আগষ্টত ৷ যাৰ বাবে ৮ আগষ্টৰ পুৱা ৮ বজাৰ পৰা চলিব উচ্ছেদ অভিযানৰ কাৰ্যসূচী ৷ গোলাঘাট জিলা প্ৰশাসনৰ এক সূত্ৰই সদৰী কৰিছে এই কথা ৷

নেঘেৰিবিলৰ উচ্ছেদ আৰু নগাৰ ভাবুকি সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

উচ্ছেদ সন্দৰ্ভত প্ৰশাসনৰ স্থিতি স্পষ্ট হোৱাৰ পিছতে বহু বেদখলকাৰীয়ে নিজৰ ঘৰ-দুৱাৰ ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিছে । চৰকাৰী গাঁওপ্ৰধানৰ তথ্য অনুসৰি, নেঘেৰিবিলত ৯৯৫ গৰাকী ভোটাৰৰ ভিতৰত ৭০০ সন্দেহযুক্ত লোকৰ ভোট হোৱাৰ বিপৰীতে আদিবাসী আৰু মিচিং জনগোষ্ঠীয় লোকৰ ভোট হৈছে মাত্ৰ ২৯৫ টা ৷

আনহাতে, সীমান্তত বাস কৰা নগাই উক্ত ভূমি নাগালেণ্ডৰ বুলি দীৰ্ঘদিনৰে পৰা কৰি আহিছে দাবী ৷ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে এই কথা ৷ এই সম্পৰ্কে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিকুঞ্জ মেধিয়ে এনেদৰে কয়, ‘‘নাগালেণ্ডৰ তিনিখন ভিলেজ কাউন্সিলে উল্লেখ কৰিছে যে নেঘেৰিবিল তেখেতসকলৰ আছিল আৰু এইবাৰ ল'ব । ইয়াৰোপৰি তেখেতসকলে নেঘেৰিবিল বনভোজস্থলীত কোনো ধৰণৰ পিকনিক খোৱাত বাধা প্ৰদান কৰিব ৷ পূৰ্বে তিনিখন ভিলেজ কাউন্সিলে এখন ফলক লগাই উক্ত অঞ্চলত বনভোজ খোৱা, মাছ ধৰা, খৰি কটা আদি কাম নিষিদ্ধ কৰিছিল ৷ তাৰ পাছতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰাৰ পাছত গোলাঘাট জিলা প্ৰশাসনৰ তৎপৰতাত সেই ফলক উঠাই ল’বলৈ বাধ্য হৈছিল । এতিয়া আমাৰ স্পষ্ট কথা নেঘেৰিবিল অসমৰ ভূমিত আছে আৰু ভৱিষ্যতে থাকিব । অসমৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে আহিবলগীয়া যিকোনো বিপৰ্যয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলয় ।’’

NEGHERIBIL EVICTION
প্ৰশাসনৰ হাতোৰাত চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পূৰ্বেই নিজৰ সা-সম্পত্তি ভাঙি-ছিঙি পলায়ন একাংশৰ (ETV Bharat Assam)

মেধিয়ে লগতে কয়, ‘‘যদি এইক্ষেত্ৰত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া সেই ভিলেজ কাউন্সিলৰ চেয়াৰমেনসকল জগৰীয়া হ'ব । আমি সেই ভিলেজ কাউন্সিলৰ চেয়াৰমেনসকলক স্পষ্টকৈ কৈছোঁ নেঘেৰিবিল তেখেতসকলৰ বুলি ভবাটো ভুল । নেঘেৰিবিলত অসমৰ ভূমিপুত্ৰ মিচিং আৰু আদিবাসীসকল বসবাস কৰি আছে ৷ তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত তিলমানো যদি ক্ষতিসাধন হয়, তেনেহ’লে অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসন জগৰীয়া হ'ব । আমি তেখেতসকলৰ নিৰাপত্তাৰ বাবে আৰক্ষীক নিয়মীয়াকৈ টহল দিবলৈ দাবী জনাইছো আৰু লগতে অসম বেটালিয়নৰ এটা শিবিৰ উক্ত স্থানত স্থাপন কৰিবলৈ দাবী জনাইছো ।’’

লগতে পঢ়ক: ফাদিল হৈছে দুৰ্নীতিৰ বিস্ফোৰক তথ্য; অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে বিধায়কে !