ETV Bharat / state

ভূমিস্খলনত নিহতৰ আত্মীয়লৈ ৪ লাখ টকাৰ সাহায্য চৰকাৰৰ

গুৱাহাটীৰ কৃত্ৰিম বান আৰু ভূমিস্খলন সন্দৰ্ভত জৰুৰী বৈঠক । লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

Guwahati flood review meeting
কৃত্ৰিম বান-ভূমিস্খলনক লৈ জৰুৰী বৈঠক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 8:05 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী মহানগৰীত ভূমিস্খলনত মৃত্যু হোৱা ৫ গৰাকী ব্যক্তিৰ নিকট আত্মীয়লৈ চৰকাৰে ৪ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছে । এই কথা প্ৰকাশ কৰে নগৰ উন্নয়ন বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই । গুৱাহাটী মহানগৰীৰ ভয়াৱহ কৃত্রিম বান আৰু ভূমিস্খলন সন্দৰ্ভত মন্ত্রী জয়ন্ত মল্লবৰুৱাই দেওবাৰে কামৰূপ জিলা আয়ুক্তৰ কার্যালয়ত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে । বৈঠকত পৌৰ নিগমৰ পাৰিষদসকলৰ লগতে জিলা প্রশাসন তথা অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবৰ্গ উপস্থিত থাকে ।

কৃত্ৰিম বানক লৈ জৰুৰী বৈঠক

ভূমিস্খলনত নিহতৰ আত্মীয়লৈ ৪ লাখ টকাৰ সাহায্য ঘোষণা (ETV Bharat)

জৰুৰীকালীন বৈঠকখনত গুৱাহাটীৰ কৃত্ৰিম বানত জৰ্জৰিত নাগৰিকৰ সাহায্য ব্যৱস্থা সন্দৰ্ভত পর্যালোচনা কৰা হয় । এই বৈঠকতে ভূমিস্খলনত প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ উপৰিও আন ক্ষতিগ্ৰস্তসকলকো অনতিপলমে আর্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয়, "পানী হৈ আছে আৰু হোৱাৰ সম্ভাৱনা আছে । গতিকে এইক্ষেত্রত কিদৰে মোকাবিলা কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰিলো । যোৱা সময়ত বিভিন্ন ঠাইত সাহায্য সামগ্ৰী দিয়া হৈছে । কিন্তু সাহায্য সামগ্ৰীসমূহ সময়মতে পোৱা নাই নাইবা বহু ঠাইত অসুবিধা হোৱাৰ কথা ৰাইজে কৈছে । সেই দিশবোৰ আজি চালি-জাৰি চালো । এতিয়া প্ৰত্যেকগৰাকী পাৰিষদক লগত লৈ এটা সিদ্ধান্ত লৈছো যে সম্পূৰ্ণ সাহায্য সামগ্ৰী যাতে সময়মতে গৈ পায় সেয়ে প্ৰয়োজনীয় সকলো সামগ্ৰী পঠিওৱাৰ বাবে নিৰ্দেশনা দিয়া হৈছে । যাতে সকলো ঘৰতে এই সামগ্ৰীসমূহ উপলব্ধ হয় । আনহাতে কৃত্রিম বান প্ৰভাৱিত এলেকাত বানপানী হোৱাৰ লগে লগে সাহায্য সামগ্ৰী দিয়াৰ বাবে সেইস্থানৰ সুৰক্ষিত ঠাইত মজুত কৰি ৰখাৰ বাবেও নিৰ্দেশ দিয়া হৈছে । যাতে লগে লগে সকাহ পাব পাৰে । কিছুমান কাম আমি ইচ্ছা কৰিলেও কৰিব নোৱাৰো । ৰুক্মিণীগাঁৱৰ পানী আমি একেদিনাই নোহোৱা কৰি দিম বুলি বিচাৰিলেও আমি নোৱাৰো ।"

Guwahati flood review meeting
পৌৰ নিগম পাৰিষদৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক (ETV Bharat)

ভূমিস্খলনৰ ভুক্তভোগীৰ পৰিয়াললৈ ক্ষতিপূৰণ

বৈঠকত লোৱা সিদ্ধান্তৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে কয়, "পৌৰ নিগমৰ প্ৰত্যেকগৰাকী পাৰিষদে ১০ জনকৈ আপদামিত্র নাইবা নগৰবন্ধু নিযুক্ত কৰিব । স্বেচ্ছামূলকভাৱে এই নিয়োগ কৰা হ'ব । স্বেচ্ছাসেৱকসকলক বাৰিষাত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ আমি দিম । যাতে বিপদৰ সময়ত তেওঁলোকে সহায়ৰ হাত আগবঢ়াব পাৰে । আনহাতে ভূমিস্খলনপ্ৰৱণ এলেকাসমূহত আপদৰ সময়ত ল'ব লগা ব্যৱস্থাৰ বাবে নিৰ্দেশ দিয়া হৈছে । সেইদৰে শুকুৰবাৰে গুৱাহাটীত ভূমিস্খলনত ৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে । প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ আমি ৪ লাখ টকাকৈ দিম আৰু আজিয়েই এই চেকসমূহ প্ৰস্তুত কৰি দিয়া হৈছে । আজিৰ ভিতৰতে এই চেকসমূহ প্ৰদান কৰা হ'ব ।"

মন্ত্রীগৰাকীয়ে লগতে কয়, "ইতিমধ্যে নলা নিষ্কাষণ এবাৰ হৈ গ'ল আৰু তাৰ পাছত পানী আহিল । এতিয়া নলাবোৰ আকৌ বোকাৰে ভৰ্তি হৈ গ'ল । পানী কমাৰ লগে লগে আকৌ নলা নিষ্কাষণ কৰিব লাগিব ।" বৈঠকত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সাত্তাৱন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :বৰষুণৰ পানী ভূগৰ্ভৰ গভীৰতালৈ নিয়াৰ প্ৰক্ৰিয়া আছে বিল্ডিং উপ-বিধিত : ক'লে অভিযন্তাই - GUWAHATI FLOOD