ETV Bharat / state

ইউ পি এছকলৈ সৰৱ অসম চৰকাৰৰ কৰ্মচাৰী : প্ৰতিবাদৰ বাবে পুনৰ সাজু কৰ্মচাৰী সংস্থা

শেহতীয়া কেবিনেট বৈঠকত ইউ পি এছ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ । পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবী ।

Protest against UPS
সংহত পেন্সন আঁচনি (ইউ পি এছ) প্ৰৱৰ্তনৰ বিৰোধিতা (ETV Bharat Assam( file photo))
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 4:12 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : পুৰণি পেন্সন নীতি বিলুপ্ত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন নীতি (এন পি এছ) প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে দেশৰ কৰ্মচাৰী সমাজৰ প্ৰবল প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এন পি এছক কিছু সংশোধন কৰি সংহত পেন্সন আঁচনি (ইউ পি এছ) প্ৰৱৰ্তন কৰিছে । এই আঁচনিৰো তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে পুৰণি পেন্সন আঁচনি (অ’ পি এছ) পুনৰ প্ৰৱৰ্তনৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

নৱেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলন :

শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত ইউ পি এছ আঁচনিখন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই । চৰকাৰৰ এই সিদ্ধান্ত কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায় বুলি সংগঠনটোৱে অভিহিত কৰি পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত নৱেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

Decision to implement UPS in cabinet meeting  ( file photo)
শেহতীয়া কেবিনেট বৈঠকত ইউ পি এছ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ (ETV Bharat Assam)

কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায় চৰকাৰৰ :

এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয়, "অসমৰ কৰ্মচাৰী সমাজ আৰু এন পি এছৰ অধীনত অৱসৰপ্ৰাপ্তসকলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত একযুগান্তকাৰী সিদ্ধান্ত ল'ব বুলি আশা কৰি আছিল; কিন্তু এই সময়তে চৰকাৰৰ ইউ পি এছ বলবৎ কৰাৰ সিদ্ধান্তই সকলোকে পুনৰ হতাশ কৰি তুলিছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতেই ইউ পি এছ বলৱৎ কৰিও কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ অৱকাশ আছিল যদিও অসম চৰকাৰে তাকে নকৰি কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায়হে কৰিলে ।"

সংস্থাৰ নেতৃত্বদ্বয়ে পুনৰ কয়, "কৰ্মচাৰী সমাজৰ শংকা নিৰ্মূল কৰাটো চৰকাৰৰ দায়িত্ব হোৱাৰ পাছতো চৰকাৰে চূড়ান্ত দায়িত্বহীনতাক পুনৰ প্ৰতিপন্ন কৰিছে । কৰ্মচাৰী সমাজে এই ইউ পি এছ ব্যৱস্থা গ্রহণতো নকৰে । পুৰণি পেন্সন বা অ’ পি এছ ব্যৱস্থা বলৱতৰ বাবে সংগ্রাম অধিক তীব্ৰতৰ কৰি তুলিব । আমাৰ স্পষ্ট কথা যে আমাক অ’ পি এছেই লাগিব ।"

সংস্থাৰ নেতৃত্বদ্বয়ে কয়, "যোৱা জুলাইত সংস্থাৰ স'তে হোৱা আলোচনাত ইউ পি এছ ব্যৱস্থাৰ আসোঁৱাহসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ পক্ষে মত দিছিল; কিন্তু দুর্ভাগ্য যে কাৰ্যতঃ অসম চৰকাৰে অৱসৰী সুৰক্ষাৰ বাবে অ’ পি এছৰ ধাৰণাক উলাই কৰিছে ।"

তেওঁলোকে কয়,'' সংস্থাৰ যোৱা দ্বি-বার্ষিক অধিবেশনে কৰ্মচাৰী সমাজৰ বাবে অ’ পি এছ পুনঃপ্ৰতিষ্ঠাৰ বাহিৰে সকলো ধৰণৰ প্ৰচেষ্টাক বিৰোধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । যাৰ বাবে এই মাহৰ শেষ সপ্তাহৰ পৰা সংস্থাই এন পি এছ আৰু ইউ পি এছ নামৰ অশুভ ব্যৱস্থাৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজক সতৰ্ক কৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে প্ৰতিবাদী সভাৰ উপৰি নৱেম্বৰ আৰু ডিচেম্বৰত প্ৰতিবাদী সমাবেশ অনুষ্ঠিত কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে ।"

ইউ পি এছ কাৰ্যকৰীকৰণৰ বিৰোধিতা কৰ্মচাৰী পৰিষদৰ :

"ইউ পি এছ ব্যৱস্থা অ' পি এছৰ বিকল্প নহয় । এন পি এছ, ইউ পি এছ ব্যৱস্থাই কৰ্মচাৰী সমাজৰ অৱসৰকালীন জীৱনৰ সুৰক্ষা দিব নোৱাৰে ।" এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ । ৰাজ্যিক কেবিনেটে এন পি এছ ব্যৱস্থাৰ পৰিপূৰক হিচাপে ইউ পি এছ ব্যৱস্থা কাৰ্যকৰী কৰা বাবে নীতি নিৰ্ধাৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে কৰ্মচাৰী পৰিষদে ।

পৰিষদৰ সভাপতি দ্বীপেন শৰ্মাই কয়, "ইউ পি এছ কিম্বা এন পি এছ ব্যৱস্থা কোনো কাৰণতে অসমৰ কৰ্মচাৰী সমাজৰ বাবে গ্ৰহণযোগ্য নহয় । অ’ পি এছৰ বাহিৰে কোনো পেন্সন ব্যৱস্থা কৰ্মচাৰী সমাজৰ বাবে বিকল্প হ’ব নোৱাৰে । কৰ্মচাৰীৰ অৱসৰকালীন জীৱনৰ সুৰক্ষা প্ৰদান নিশ্চিত কৰাৰ বাবে চৰকাৰক অ' পি এছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনাইছো ।''

উল্লেখ্য যে, ২০০৫ চনত যেতিয়া কেন্দ্ৰীয় চৰকাৰে এন পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, তেতিয়াই ইয়াৰ ভয়াৱহতা উপলব্ধি কৰি ৰাজ্য চৰকাৰক সেই ব্যৱস্থা প্ৰৱৰ্তন নকৰিবলৈ আহ্বান জনোৱা হৈছিল । পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা দিন ধৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি অহা হৈছে ।

তেওঁ পুনৰ কয়, "দেশৰ ভিতৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পোন প্রথমে এন পি এছ ব্যৱস্থাৰ বিৰোধিতা কৰা একমাত্র সংগঠন । সেই দিন ধৰি ধাৰাবাহিকভাৱে এন পি এছ ব্যৱস্থা পৰিষদে বিৰোধ কৰি আহিছে । ইমানতে ক্ষান্ত নাথাকি প্রধানমন্ত্রীক স্মাৰক-পত্ৰ প্ৰদান, ধৰ্ণা, অৱস্থান ধৰ্মঘট, প্রতিবাদী সভা, সকলো পৰ্যায়ৰ আলোচনাত মূল দাবী হিচাপে স্থান দিয়াৰ উপৰি যিদিনাৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে অৰ্থাৎ এক ফেব্ৰুৱাৰীৰ দিনটো প্ৰতি বছৰে পৰিষদে ক'লা দিৱস হিচাপে পালন কৰি আহিছে ।"

ৰাজ্যিক কেবিনেটৰ অনুমোদন :

ব্যাপক প্ৰতিবাদৰ পাছতো দেশৰ পঞ্চমখন ৰাজ্য হিচাপৰ অসমে গ্ৰহণ কৰে ইউ পি এছ আঁচনি । ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ (এন পি এছ) বিৰুদ্ধে দেশজুৰি প্ৰৱল প্রতিবাদ চলি আহিছে । অসমতো এই প্রতিবাদ নিৰন্তৰভাৱে অব্যাহত আছে । চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেন্সন আঁচনি প্ৰৱৰ্তনৰ দাবী জনাই আহিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নতুন আৰু পুৰণি পেন্সন আঁচনিৰ মাজত ইউ পি এছ নামৰ নতুন আঁচনি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্যে কৰ্মচাৰীসকলে ইউ পি এছৰো বিৰোধিতা কৰি আহিছে । ইয়াৰ মাজতে শেহতীয়া কেবিনেট বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত ইউ পি এছ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অৱগত কৰা অনুসৰি ইউ পি এছ ব্যৱস্থাত সেৱাকাল সম্পূৰ্ণ শেষ হোৱাৰ পাছত অথবা স্বেচ্ছামূলক অৱসৰৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পেন্সন লাভ কৰিব । নিশ্চিত পেন্সনৰ হাৰ হ'ব অৱসৰৰ ঠিক আগে আগে ১২ মাহৰ গড় মূল দৰমহাৰ ৫০ শতাংশ । পাৰিবাৰিক পেন্সনৰ হাৰ হ'ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেন্সন পৰিশোধ পৰিমাণৰ ৬০ শতাংশ ।

এনেদৰে বিভিন্ন নিয়ম এই ব্যৱস্থাত আছে । ৰাজ্য চৰকাৰে ইউ পি এছ গ্রহণ কৰিলেও এন পি এছ ব্যৱস্থা খোলা থাকিব । নতুনসকল এন পি এছত বেছি লাভবান হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰিছিল ।

লগতে পঢ়ক:ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ দাবী

কৰ্মচাৰীসকলৰ বাবে NPS ৰ পৰা UPS লৈ সলনি কৰাৰ অন্তিম সুযোগ