ETV Bharat / state

ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে পালনৰ সিদ্ধান্ত কেবিনেটৰ - BHARAT RATNA BHUPEN HAZARIKA

বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ৷ শনিবাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

BHARAT RATNA BHUPEN HAZARIKA
বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 8:08 AM IST

Updated : April 13, 2025 at 8:38 AM IST

3 Min Read

গুৱাহাটী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

  • কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল :

১) শনিবাৰৰ কেবিনেটে নতুনকৈ ১০ খন সম-জিলা গঠনৰ বাবে অনুমোদন জনায় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি বকো-ছয়গাঁও, পলাশবাৰী, বৰচলা, ৰঙাপাৰা, মাকুম, ডিগবৈ, টিয়ক, মৰিয়নী, ধলাই আৰু দূধনৈত নতুন সম-জিলা হ'ব ।

ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী (ETV Bharat Assam)

২) আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ যোগেদি ইতিমধ্যে ৯ খন কৰ্কট হাস্পতাল নিৰ্মাণ কৰা হৈছে আৰু ৮ খন নিৰ্মিয়মান অৱস্থাত আছে । নিৰ্মাণকাৰ্য চলি থকা ৮ খন কৰ্কট হাস্পতালৰ বাবে কেবিনেটে ২৫০ কোটি টকা মঞ্জুৰ কৰে । ইতিমধ্যে প্ৰায় ২৫০০ কোটি টকা ব্যয় কৰা হৈছে ।

৩) ৰাজ্যৰ বোকাখাট, ডিব্ৰুগড়, যোৰহাট আৰু বজালীত নিৰ্মাণ কৰা চাৰিটা গাখীৰ উৎপাদন কেন্দ্ৰ কেবিনেটে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডচ লিমিটেডক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

BHARAT RATNA BHUPEN HAZARIKA
বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী (ETV Bharat Assam)

৪) সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । শনিবাৰৰ কেবিনেটত এই সম্পৰ্কে বিশদ আলোচনা কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰত আৰম্ভ হ'ব ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত সামৰণি পৰিব । ৰাজ্য চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিব । ইয়াৰ বাবে মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৫০ জনীয়া সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সমিতিখনত পৃষ্ঠপোষক হিচাপে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্রীক থকাৰ বাবে আহ্বান জনোৱা হ'ব । চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰত শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি উপস্থিত থাকিব । সেইদৰে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰৰ সামৰণি অনুষ্ঠানটো প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি উপস্থিত থাকি ব। আৰম্ভণি নাইবা সমাৰণি এটা অনুষ্ঠান দিল্লীত আৰু এটা অনুষ্ঠান গুৱাহাটীত কৰা হ'ব । শতবাৰ্ষিকীৰ তিনিটা বিশেষ অনুষ্ঠান অৰুণাচল প্ৰদেশ, কলকাতা আৰু মুম্বাইত কৰা হ'ব । এই সময়চোৱাত ভূপেন হাজৰিকাৰ নামত বিশেষ আন্তঃগাঠনিমূলক প্ৰকল্প নাইবা বিশেষ অনুষ্ঠান এটা উচৰ্গা কৰা হ'ব । আনহাতে এই বছৰ সুধাকণ্ঠৰ জীৱনী ৰাজ্যৰ ১০ লাখ লোকক উপহাৰ হিচাপে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত চলি আছে ভূপেন হাজৰিকাৰ জীৱনীৰ কাম । এই জীৱনীখন ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা হ'ব । লগতে সকলো পুথিভঁৰাললৈ প্ৰেৰণ কৰা হ’ব জীৱনীখন । অসমীয়া, ইংৰাজী, হিন্দীত নিৰ্মাণ হ’ব সুধাকণ্ঠৰ তথ্যচিত্ৰ । সুধাকণ্ঠৰ নামেৰে মুদ্ৰা নিৰ্মাণৰ পোষকতাও কৰিছে ৰাজ্য চৰকাৰে । মুদ্ৰা প্ৰস্তুতৰ বাবে ভাৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতি আহ্বান জনাব অসম চৰকাৰে । ড° ভূপেন হাজৰিকাৰ গান আৰু কৰ্মজীৱনৰ ওপৰত গোটেই বছৰটো ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত চৰ্চা কৰা হ'ব ।

লগতে পঢ়ক : কোনে আৰু কিয় অসমক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছিল; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

লগতে পঢ়ক : মনে-প্ৰাণে অসমীয়া হৈ পৰিল আমেৰিকাৰ জীয়াৰী ৰেহেনা

Last Updated : April 13, 2025 at 8:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.