NRC ত আবেদন নকৰি আধাৰ লোৱা সকলৰ বিৰুদ্ধে চলিব জোৰদাৰ অভিযান : মুখ্যমন্ত্রী
''মন কি বাত'' অনুষ্ঠানৰ পিচতেই মুখ্যমন্ত্রীৰ সকীয়নি-কাকো নিদিয়ে ৰেহাই । পুনৰ সাংসদ গৌৰৱ গগৈক টাৰ্গেট মুখ্যমন্ত্রীৰ ।

Published : April 27, 2025 at 6:59 PM IST
গুৱাহাটী : এন আৰ চিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে চলিব অভিযান । এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে আজাৰাত প্ৰধানমন্ত্রীৰ ''মন কি বাত'' অনুষ্ঠান শুনাৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্রীয়ে ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "হিন্দু-মুছলমানৰ কথা নাই, পাকিস্তানৰ সমৰ্থনত মন্তব্য দিয়া কাকো মই এৰাত নাই । পাকিস্তানৰ উপৰি বাংলাদেশৰ সপক্ষেও মন্তব্য দিলে এৰাত নাই । অহা দুই-চাৰি দিনত অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিম । এন আৰ চিত আবেদন নকৰাকৈ কিমান মানুহে আধাৰ কাৰ্ড লৈ বহি আছে । আৰু এটা পৰ্যায়লৈ আমি গৈ আছো আৰু তাৰ বিষয়ে দুই-তিন দিনত সংবাদমেল সম্বোধন কৰিম ।"
মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয়, "যোৱা কিছু বছৰত অসমত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ বাবে পৰৱৰ্তী একচন প্লেন এটা আমি প্ৰস্তুত কৰিছো । বহু মানুহে এন আৰ চিত আবেদন কৰা নাছিল আৰু এতিয়া অসমত আধাৰ কাৰ্ড লৈছে । এতিয়া বন্ধ কৰি দিয়া হৈছে যদিও ইয়াৰ আগতে লোৱা সকলৰ ওপৰত আমি ব্যৱস্থা ল'বলৈ গৈ আছো । প্ৰয়োজন হ'লে নেচনেল ছিকিউৰিটি এক্ট লগোৱাৰ বাবেও আৰক্ষীক কোৱা হৈছে ।"
- পুনৰ সাংসদ গৌৰৱ গগৈক টাৰ্গেট মুখ্যমন্ত্রীৰ :
সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা সম্পৰ্কত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "পাকিস্তানত যোৱা-নোযোৱাৰ কথাটো ক'লে তেওঁ অকাই-পকাই কথা কয়। পহলগামৰ কথা কয় । তেওঁ এজন প্ৰাক্তন মুখ্যমন্ত্রীৰ পুত্র । মানুহ বুৰ্বক নহয় । মানুহে বুজি পাই যে তেওঁ চিধা কথা ক'ব খোজা নাই । কথা হ'ল ১৫ দিন পাকিস্তানত থাকি অহাটো সঁচা হয় নে নহয় ?"
"তেওঁ ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক’ত শিকিলে ? অসমত তথা ভাৰতত প্ৰশিক্ষণ প্ৰতিষ্ঠান নাই । ১৫ দিনতে নামাজ পঢ়ি আহিলে । আপোনাৰ পত্নীয়ে পাকিস্তানৰ এন জি অ'ৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি কিবা আৰু ডাঙৰ প্ৰমাণ লাগে নেকি ? আপোনাৰ পত্নীৰ কথা বাদ দিয়ক আপোনাৰ ল'ৰা আৰু ছোৱালীৰ নাগৰিকত্ব কি ? এই কথাটো আপুনি ৰাইজক কওক ।" মুখ্যমন্ত্রীগৰাকীয়ে কয় ।

মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয়, "ধৰ্ম কি মই পাছত সুধিম । মোৰ সন্দেহ আছে তেওঁৰ দুয়োগৰাকী সন্তান ভাৰতীয় নাগৰিক নহয় । মই মুখ্যমন্ত্রী হিচাপে এই কথা কৈছো । তৰুণ গগৈৰ নাতিনীয়ে ভাৰতীয় নহয়, অসমীয়া নহয়, তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে । ১০ ছেপ্টেম্বৰত মই সকলো তথ্য প্ৰমাণ সহকাৰে দিম ।"
"মুখ্যমন্ত্রীৰ আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰো । মোৰ তিনিটা প্ৰশ্ন হ'ল যে তেওঁ ১৫ দিন পাকিস্তানত থাকি আহিছে নে নাই ? তেওঁ নামাজ পঢ়িব ক'ত শিকিলে আৰু আপোনাৰ পত্নী, ল'ৰা-ছোৱালীৰ ধৰ্ম কি ? ল'ৰা-ছোৱালীৰ নাগৰিকত্ব কি ? আপোনাৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল নে নাই ? আৰু বহুত প্ৰমাণ আছে ।" তেওঁ কয় ।

