গুৱাহাটী/ঢকুৱাখনা : শগুন চুবুৰীৰ প্ৰকৃতিপ্ৰেমী বাইদেউ ফুলেশ্বৰী দত্তৰ শগুন সংৰক্ষণৰ ৩৬ বছৰীয়া সংগ্ৰামৰ কাহিনী এয়া । এতিয়া ৬০ ৰ পৰা ৭০ টা পৰ্যন্ত বিভিন্ন প্ৰজাতিৰ শগুনৰ বিচৰণথলীৰ গৰাকী ফুলেশ্বৰী বাইদেউৰ প্ৰগতিশীল মনৰ কাহিনী এয়া ।
শগুন ঘৰত পৰিলে অমংগল হয়, ধৰ্মীয় ৰীতি-নীতিৰে অমংগল খেদি মংগল আনিব লাগে বুলি ভবা সময়ৰ কথা । বাৰীত শগুনে বাহ সাজিলে অমংগলৰ ভয়ত গছজোপাকেই কাটি পেলোৱা সময়তে হোৱা এটা আৰম্ভণিৰ কথা এয়া ।
“অই নাচনী কেনিবা অই গ'ল... অই নাচনী মূৰতে শগুনে হাগিলে... এপৰাচিত হ’বলে গ’ল" - পুৰণি বিহু নাম এফাকি এয়া ৷ বিহু নামফাকিয়েই কয় যে মানুহৰ গাত শগুনৰ বিষ্ঠা পৰিলে পৰাচিত হ’ব লাগে বুলি বিশ্বাস আছিল এসময়ত । এই সকলো কথাৰে ঊৰ্ধ্বত ফুলেশ্বৰী দত্ত ৷
এই বছৰৰ ৩ মাৰ্চ, বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনা সমগ্ৰ অসম তথা বিশ্বৰ অসমীয়াভাষিক লোকসকলৰ মাজত তৈলনগৰী ডিগবৈৰ এগৰাকী সচেতন যুৱতী শিখা বৰুৱাৰ এটা ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছিল । য’ত আছিল প্ৰকৃতিৰ জামাদাৰ শগুনৰ সংৰক্ষণৰ বাবে কেইবা দশক ধৰি আত্মোৎসৰ্গা কৰি নিজৰ ঘৰৰ চৌহদটোকে উছৰ্গা কৰি অহা এগৰাকী অখ্যাত নায়ক ফুলেশ্বৰী দত্তৰ নীৰৱ সাধনাৰ কথা ।

ইয়াৰ পিছতে সৌসিদিনালৈ অসমবাসীৰ ওচৰত অপৰিচিত ফুলেশ্বৰী দত্ত পৰিচিত হৈ পৰিল প্ৰকৃতি সুৰক্ষাৰ প্ৰতীকৰূপে । অসম চৰকাৰে তেওঁলৈ স্বীকৃতি আগবঢ়াই যোৱা ৩ এপ্ৰিলৰ দিনা আনুষ্ঠানিকভাৱে আগবঢ়ালে অসমৰ মৰ্যাদাসম্পন্ন ৰাজ্যিক অসামৰিক বঁটা ''অসম গৌৰৱ বঁটা'' ৷ য’ত একেখন মঞ্চতেই অসম চৰকাৰে লগতে ৰাজ্যিক অসামৰিক বঁটা আগবঢ়ায় অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, টাটা কনছালটেন্সীৰ (TCS) প্ৰতিষ্ঠাপক অধ্যক্ষ সুব্ৰমণিয়াম ৰামাদোৰা আদিকো ।

যিগৰাকী ফুলেশ্বৰী দত্ত স্থানীয় প্ৰকৃতিপ্ৰেমীসকলৰ বাদে আন সকলোৰে বাবে অপৰিচিত আছিল, তেওঁৰ নাম ফলক ওলমি ৰৈছে আজি গুৱাহাটী চহৰত । মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীয়ে শিক্ষা বিভাগৰ টিউটৰ হিচাপে কাম কৰা ফুলেশ্বৰী দত্তক লৈ টুইট কৰিছে, তেওঁৰ মহৎ প্ৰকৃতি সংৰক্ষণ কৰ্মক লৈ ।
''অসম গৌৰৱ বঁটা'' গ্ৰহণ কৰি ফুলেশ্বৰী দত্তই যোৱা ৩ এপ্ৰিলত ইটিভি ভাৰতৰ সাংবাদিকক কয়, "মই কেতিয়াও কিবা বঁটা পাম বুলি ভাবি শগুনকেইটাক প্ৰতিপালন কৰি অহা নাছিলো । এই পৃথিৱীত আমি সকলো জীৱৰে সমান অধিকাৰ আছে । গতিকে মই মোৰ কামহে কৰি আহিছো । এনে বঁটা মই পাম বুলি কল্পনাও কৰা নাছিলো ৷"

তেওঁ লগতে কয়, "চৰকাৰে এই অনুষ্ঠানলৈ মাতিছে বাবে এই চাৰিদিন মই ঘৰৰ পৰা ৪০০/৫০০ কিঃমিঃ দূৰত গুৱাহাটীত আছোহি ৷ শগুনকেইটাই বা কি খাইছে ? সন্ধিয়া নিজৰ বাহলৈ আহিছেনে নাই তাকে লৈ মোৰ চিন্তা । সোনকালে ঘৰলৈ যাব পাৰিলেই হ’ল ৷”

ফুলেশ্বৰী দত্তই লগতে শলাগ ল’লে তেওঁৰ এই যাত্ৰাত স্থানীয় প্ৰকৃতিকৰ্মী যুৱক বিমান সন্দিকৈ, ধ্ৰুৱজ্যোতি চেতিয়া, মানসে প্ৰায়ে সহযোগ কৰি অহাৰ বাবে । তেওঁ ক’লে, "কোনো এটা শগুন আঘাতপ্ৰাপ্ত হ'লে উদ্ধাৰ কৰাৰ পৰা লৈ চিকিৎসা কৰি পুনৰ মুকলি কৰি দিয়ালৈকে তেওঁলোকে সকলো দায়িত্ব লয় ।"
- কেনেকৈ পোহৰলৈ আহিল ফুলেশ্বৰী দত্তৰ ব্যতিক্ৰমী কাহিনী
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ কাহিনী এয়া । পেছাত তেনেই সামান্য নিৰ্ধাৰিত দৰমহাৰ অসম চৰকাৰৰ শিক্ষা বিভাগত টিউটৰৰ চাকৰি কৰে ফুলেশ্বৰী দত্তই । সংসাৰত এতিয়া দুটি ল’ৰাৰ সৈতে জীৱন সংগ্ৰামৰ মাজত দৈনন্দিন জীৱনৰ অংশস্বৰূপ বাৰীৰ এই শগুনজাকো ৷

ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত কঢ়াঘাটত ৫৯ বছৰীয়া ফুলেশ্বৰী দত্তৰ ঘৰ । প্ৰকৃতিৰ জামাদাৰৰূপে খ্যাত শগুন বিশ্বত ক্ৰমাৎ বিলুপ্তিৰ পথলৈ গতি কৰাৰ সময়তে ৩৬ বছৰ ধৰি শগুনৰ আশ্ৰয়স্থললৈ পৰিণত হৈছে পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চলৰ ফুলেশ্বৰী দত্তৰ ঘৰৰ চৌহদটি ৷ বিগত চাৰে তিনিটা দশকৰো অধিককাল ফুলেশ্বৰী দত্তই তেখেতৰ বাৰীত আশ্ৰয় দি আহিছে এজাক শগুনক ৷

- কেনেকৈ শগুন সংৰক্ষণত জড়িত হৈ পৰিল
সেয়া আছিল ১৯৮৯ চনৰ কাহিনী ৷ বাইদেউহঁতৰ ঘৰৰ বাৰীৰ ওখ এজোপা গছত বাহ সাজিছিলহি শগুনে । অন্ধবিশ্বাস আৰু অমংগলৰ ভূতে খেদি ফুৰা সমাজৰ একাংশৰ পৰামৰ্শ আছিল গছজোপা কাটি পেলোৱাৰ । কাৰণ কিছু লোকৰ মাজত জনবিশ্বাস আছিল যে শগুনে বাৰীত আশ্ৰয় ল’লে, ঘৰত পৰিলে গৃহস্থৰ অনিষ্ট হয় ৷
গাত শগুনৰ বিষ্ঠা পৰিলে ধৰ্মীয়ভাৱে পৰাচিত হ’ব লাগে ৷ কিন্তু ফুলেশ্বৰী দত্তই সেয়া আওকাণ কৰি বাৰীৰ শিমলু গছ নাকাটি সংৰক্ষণ কৰিলে শগুনৰ আশ্ৰয়থলীৰ বাবে । প্ৰথম অৱস্থাত নিজৰ বাৰীত শগুণক আশ্ৰয় দি দুৰ্ভাগ্যজনকভাৱে ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হৈছিল এইগৰাকী নীৰৱ প্রকৃতিপ্ৰেমী মহিলাই ৷
১৯৮৯ চনত শগুনে তেওঁৰ বাৰীত বাহ পতাৰ সময়ত শগুনক আশ্ৰয় দিয়াৰ বাবে ককৰ্থনা শুনা সময়খিনি ফুলেশ্বৰী দত্তই এইদৰে সোঁৱৰে, “১৯৮৯ চনৰ পৰাই মোৰ বাৰীখনত শগুনে আশ্ৰয় লৈ আহিছে । বাৰীখনত প্ৰথমে শগুনৰ এটা বাহ আছিল । পিছত এটাৰ পৰা দুটা, দুটাৰ পৰা তিনিটা... এনেদৰে বাঢ়ি গৈ থাকিল । শগুনবোৰক আশ্ৰয় দিয়াৰ বাবে বহুতে বহুত কথা কৈছিল । শগুনৰ বেয়া গুণ আছে । বাৰীত শগুন থাকিলে অমংগল হয় ৷ বহু লোকে ককৰ্থনাও কৰিছিল। সেইবোৰ আওকাণ কৰে তেওঁলোকক মই আশ্ৰয় দি আহিছো । তেওঁলোকক মই নিজৰ সন্তানৰ দৰে ভাবি আহিছোঁ । শগুনক এশ গুণৰ অধিকাৰী বুলি কোৱা হয় ।”
“এতিয়া শগুনৰ সংখ্যা বাঢ়ি ৬০/৭০ টামান হৈছেগৈ । মানুহৰ কথাক মই বৰ বেছি গুৰুত্ব নিদিওঁ ৷ একো মন্তব্যও নকৰো ৷ সময় সলনি হৈছে ৷ মানুহবোৰে কথাবোৰ লাহে লাহে বুজি পাইছে । সেয়ে আজিকালি একো নকয় । বাৰীত ডাঙৰ গছ থকাৰ কাৰণে তেওঁলোকৰ থাকিবলৈ ভাল হৈছে । আমি যেনেদৰে আছো, তেনেদৰে পশু-পক্ষীকো বাসস্থান এটা লাগে । পশু-পক্ষী নাথাকিলে মানুহনো জীয়াই থাকিবগৈ কেনেকৈ ? আমি সীমিত আয় সত্ত্বেও বজাৰৰ পৰা শগুনৰ বাবে খাদ্য হিচাপে ছাগলী-মুৰ্গীৰ নাড়ী-ভূৰি আদি কিনি আনি দিবলৈ চেষ্টা কৰি আহিছো ।” ফুলেশ্বৰী দত্তৰ লগতে মন্তব্য ।
- শগুনৰ মৰমতে অতি বেয়া দিনতো বিক্ৰী কৰা নাছিল বাৰীৰ গছ
শগুনজাকৰ বাবেই এতিয়া প্ৰকৃতিপ্ৰেমীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ফুলেশ্বৰী দত্তৰ বাৰীখন । অসমৰ বিভিন্ন ঠাইৰ লোকৰ লগতে কলকাতা আদিৰ পৰাও প্ৰকৃতিপ্ৰেমী আহিছে এই শগুন চুবুৰীলৈ । স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ফুলেশ্বৰী দত্তৰ ঘৰলৈ আনি শগুন সংৰক্ষণৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰি আহিছে ।
ফুলেশ্বৰী দত্তৰ শগুন সংৰক্ষণৰ সংগ্ৰামৰ কাহিনীৰ গভীৰতা উপলব্ধি কৰিব পৰা যায় তেওঁৰ অতিশয় আৰ্থিক দুৰ্যোগৰ সময়তো বাৰীৰ ওখ ওখ গছবোৰ বিক্ৰী নকৰা ঘটনাৰ পৰা । ৫৯ বছৰীয়া ফুলেশ্বৰী দত্তই ১৯ বছৰীয়া বিনামূলীয়া শিক্ষকতা কৰ্মৰ পিছত কেইবছৰমানৰ পূৰ্বেহে সামান্য দৰমহাৰ টিউটৰ চাকৰিটো লাভ কৰে ৷ ২০ বছৰৰ প্ৰয়াত স্বামী শৰ্যাগত হৈ থাকোতেও টকাৰ প্ৰয়োজন হোৱাতো বিক্ৰী কৰা নাছিল বাৰীৰ ডাঙৰ গছবোৰ ।
ফুলেশ্বৰী দত্তই এই প্ৰসংগত কয়, “আমি আগৰ সময়খিনি অতিশয় দুখ-কষ্টৰ মাজতেই কটালো । কোনোবা কোনোবা আহিছিল গছ কিনিবলৈ ৷ পক্ষীখিনিৰ বাবেই কষ্টত থাকিও আমি গছবোৰ বিক্ৰী নকৰিলোঁ । নহ’লে সিঁহত ক’ত থাকিব ?” সেই সময়ছোৱাত বাৰীৰ পাচলি বিক্ৰি কৰি দুটা সন্তানৰ পঢ়াৰ খৰচৰ লগতে দৈনন্দিন খৰচবোৰ সামৰিছিল ফুলেশ্বৰী দত্তই ।
- আজি ৪ টা প্ৰজাতিৰ ৭০ টা শগুনৰ আবাসস্থলী
আজিৰ তাৰিখত ফুলেশ্বৰী দত্তৰ বাৰীত থকা শিমলু গছবোৰত ভাৰতত উপলব্ধ কেইবাটাও প্ৰজাতিৰ ৭০ টাৰো অধিক শগুনে আশ্ৰয় গ্ৰহণ কৰি অহাৰ লগতে বাহ সাজি দুৰ্লভ শগুনে বংশবৃদ্ধি কৰিছে ৷ লগতে আছে পাতি শগুন (Splender Billed vulture) প্ৰজাতিৰ শগুন । আজিৰ তাৰিখত তেখেতৰৰ বাৰীত পাঁচটা শগুনৰ বাহত ১০ টা বগা পিঠিয়া শগুণ (White Rumped Vulture) আছে ।
প্ৰতিবছৰে পৰিভ্ৰমী Himalayan Griffon আহি তেখেতৰ বাৰীতে আশ্ৰয় লয় । যোৱা বছৰ ৭০ টা Griffon গণনা কৰা হৈছিল । এক কথাত প্রকৃতিপ্ৰেমী ফুলেশ্বৰী দত্ত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰখনত হৈ পৰিছে এক ব্ৰেণ্ড এম্বেছাদৰ স্বৰূপ, যি নীৰৱে নিৰলে সংৰক্ষণৰ কাম কৰি আছে । তেওঁ নাজানে ফেচবুক, তেওঁ নাজানে টুইটাৰ কি ? নাজানে WWF কি ? নাজানে বন্যপ্ৰাণী আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে লাখ-কোটি টকাৰ প্ৰজেক্টৰ কাম কৰি অহা এন জি অ’বোৰৰ কথা ।
তেওঁ মাথোঁ জানে মানুহৰ সমানে প্ৰতিটো জীৱৰ এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে । নিঃস্বাৰ্থভাৱে আৰু নীৰৱে পালন কৰি অহা মহানতাৰ বাবেই প্ৰকৃতি সংৰক্ষণৰ এক প্ৰতীক হৈ ৰ’ব অসম গৌৰৱ ফুলেশ্বৰী দত্ত ।