ETV Bharat / state

হাতীৰ বাসস্থানৰ অভাৱতহে মানুহৰ সৈতে সংঘাতত লিপ্ত হয়: বিনোদ দুলু বৰা

হাতী-মানুহৰ সংঘাত ৰোধৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰৰ অসম গৌৰৱ বঁটা লাভ হাতী বন্ধুৰ । কি ক'লে বিনোদ দুলু বৰাই ।

Assam Gaurav Award to Hati bandhu, Field Director Vinod Dulu Borah reacts
অসম গৌৰৱ বঁটা লাভ হাতী বন্ধুৰ (Binod Dulu Borah FB Account)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 10:25 AM IST

|

Updated : April 5, 2025 at 10:49 AM IST

3 Min Read
Choose ETV Bharat

নগাঁও: ২০১৮ চনৰ পৰাই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা লাভ কৰা প্ৰকৃতিপ্ৰেমী সংস্থা হাতী বন্ধুক অসম চৰকাৰে প্ৰদান কৰিছে অসামৰিক সন্মান অসম গৌৰৱ বঁটা । অসম চৰকাৰৰ এই সন্মান লাভ কৰি উৎফুল্লিত হৈ পৰিছে হাতী বন্ধুৰ প্ৰতিগৰাকী সদস্য । বৃহস্পতিবাৰে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত হাতী বন্ধুক এই প্ৰদান কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাতী বন্ধুৰ হৈ সঞ্চালক প্ৰদীপ ভূঞাই গ্ৰহণ কৰে অসম গৌৰৱ বঁটা । বঁটা গ্ৰহণ কৰাৰ পাছত শুকুৰবাৰে নিজৰ অনুভৱ ব্যক্ত কৰে হাতী বন্ধুৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই । হাতী বন্ধুৱে অসম গৌৰৱ বঁটা লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি বিনোদ দুলু বৰাই কয়, “আমি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে অহৰহ চেষ্টা কৰি আহিছোঁ । নগাঁও কাৰ্বি আংলং সীমান্তৰ লগতে গোলাঘাট জিলাৰ নুমুলীগড়তো হাতী মানুহৰ সংঘাতক ৰোধ কৰি সহাৱস্থান গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ । কিন্তু চৰকাৰে যে আমাৰ এই প্ৰচেষ্টা আঁৰৰ পৰা প্ৰত্যক্ষ কৰি আহিছে ভবা নাছিলোঁ ।"

অসম গৌৰৱ বঁটা লাভ হাতী বন্ধুৰ (ETV Bharat Assam)

তেওঁ লগতে কয়,"চৰকাৰৰ এই সন্মানে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে হাতী বন্ধুৰ দায়িত্ব অধিক বৃদ্ধি কৰিলে । অধিক উদ্যমেৰে এতিয়াৰ পৰা হাতী বন্ধুৰ প্ৰতিগৰাকী কাৰ্যকর্তাই কাম কৰি যাব । হাতীৰ বাসস্থানৰ অভাৱতহে মানুহৰ সৈতে সংঘাতত লিপ্ত হয় । তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি প্ৰথমে পাহাৰীয়া অঞ্চলত গছ ৰোপণৰে হাতীৰ বাসস্থান প্ৰস্তুত কৰাৰ সমান্তৰালকৈ হাতীৰ খাদ্যৰো ব্যৱস্থা কৰিছিলোঁ ।"

হাতী বন্ধুৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয়,"প্ৰথমে নগাঁৱৰ চাপানালাৰ বিভিন্ন অঞ্চলত নেপিয়াৰ খেতি কৰাৰ উপৰিও নগাঁও কাৰ্বি আংলং সীমান্তত দুশৰো অধিক বিঘা ভূমিত ধান খেতি কৰি হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিছিলোঁ। যাৰ ফলত হাতী-মানুহৰ সংঘাত নিৰ্মূল হৈছিল ।”

উল্লেখ্য যে, বিগত প্ৰায় ৮ বছৰে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে পাহাৰীয়া অঞ্চলত গছপুলি ৰোপণ কৰাৰ উপৰিও ধান খেতিৰে হাতী-মানুহৰ মানহৰ সংঘাত ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হাতী বন্ধুক মন কী বাত অনুষ্ঠানত উচ্চ প্ৰশংসা কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইফালে হাতীবন্ধুৰ এই প্ৰচেষ্টাৰ বাবে বৃহত্তৰ চাপানালা অঞ্চলৰ হাজাৰৰো অধিক কৃষকে খেতিৰ ধানেৰে ভঁড়াল ভৰাবলৈ সক্ষম হৈ আহিছে ।

বিশিষ্ট সমাজসেৱক প্ৰদীপ ভূঞাৰ নেত্বৰ হাতী বন্ধুৰ জড়িয়তে বিনোদ দুলু বৰাই দিনে নিশাই পাহাৰীয়া অঞ্চলত অতিবাহিত কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে । বিনোদ দুলু বৰাক এই প্ৰচেষ্টাত দুলু বৰাৰ প্ৰকৃতিপ্ৰেমী পত্নী মেঘনা ময়ুৰ হাজৰিকাই সম্পূৰ্ণ সহযোগ কৰি আহিছে । অসম চৰকাৰৰ অসম গৌৰৱ বঁটা লাভ কৰাত চৰকাৰ, স্থানীয় ৰাইজৰ লগতে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে হাতী বন্ধুৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই ।

লগতে পঢ়ক: ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ উপস্থিতিত কলাক্ষেত্ৰত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ সন্মান প্ৰদান - HIGHEST STATE CIVILIAN AWARDS 2024

শ্ৰীমন্ত শংকৰদেৱ বঁটা নে অসম বৈভৱ বঁটা ? ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ? - ASSAM JATIYA PARISHAD

Last Updated : April 5, 2025 at 10:49 AM IST