মুখ্যমন্ত্ৰীৰ এক ঘোষণাত উৎফুল্লিত হলৌবন্ধু বাৰেকুৰিবাসী
হলৌ বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপৰ বাবে বাৰেকুৰি গাঁৱলৈ আগবঢ়োৱা হ'ব অসম গৌৰৱ বঁটা ।

Published : March 10, 2025 at 12:04 PM IST
তিনিচুকীয়া : বাৰেকুৰি এক সকলোৰে চিনাকি নাম । হলৌ বান্দৰ সংৰক্ষণৰ বাবে বিখ্যাত তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি অঞ্চল । বিলুপ্তপ্ৰায় হলৌ বান্দৰ আৰু মানুহৰ সহৱস্থানৰ বাবে বিশ্বজুৰি চৰ্চিত এই অঞ্চলটো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও 'মন কী বাত' অনুষ্ঠানত বাৰেকুৰিবাসীৰ প্ৰশংসা কৰিছে । বাৰেকুৰি অঞ্চলৰ ২১ খন গাঁৱত পাঁচটাকৈ হলৌ বান্দৰৰ পৰিয়ালৰ মুঠ ২১ টাকৈ হলৌ বান্দৰে মৰম চেনেহৰ মাজেৰে ঘৰচীয়া জন্তুৰ দৰেই বাস কৰি আহিছে ৷
হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা
হলৌ সংৰক্ষণৰ ক্ষেত্ৰত বাৰেকুৰিবাসীৰ এই প্ৰশংসনীয় পদক্ষেপে অৱশেষত আন এক স্বীকৃতি লাভ কৰিলে । এইবাৰ অসম চৰকাৰে প্ৰদান কৰিব সন্মানীয় অসম গৌৰৱ বঁটা । বাৰেকুৰিৰ হলৌ বান্দৰ সংৰক্ষণ, সজাগতা, পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিলৈ আগবঢ়োৱা হ'ব ২০২৪ চনৰ অসম গৌৰৱ বঁটা । দেওবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে বাৰেকুৰি অঞ্চলত । বাৰেকুৰিবাসীৰ মুখত হাঁহি বিৰিঙিছে ।
আনন্দিত বাৰেকুৰিবাসী
এইক্ষেত্ৰত বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি দিপ্লৱ চুতীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে তিনিচুকীয়া জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁ কয়, "বাৰেকুৰিৰ ২১ খন গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে একোগৰাকী বনকৰ্মী হিচাপে কাম কৰি আহিছে । বাৰেকুৰিৰ প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ এই বঁটা বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ নহয় প্ৰতিগৰাকী বাৰেকুৰিবাসীলৈ । বাৰেকুৰিৰ প্ৰতিগৰাকী লোকৰ বাৰীক বনাঞ্চলৰ দৰে ৰাখি হলৌ বান্দৰক সংৰক্ষণ কৰি আহিছে ৷ হলৌ বান্দৰক লৈ আয়োজন কৰা প্ৰতিটো অনুষ্ঠানত বাৰেকুৰিৰ প্ৰতিগৰাকী ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান, বিদ্যালয়ে সহায় কৰি আহিছে । এতিয়াৰে পৰা বাৰেকুৰিবাসীৰ দায়িত্ব আৰু বাঢ়িল বুলি মই ভাবো । আমি আগন্তুক দিনসমূহত কেনেকৈ হলৌ বান্দৰসমূহ সংৰক্ষণ কৰিব লাগিব, পৰ্যটকক কেনেকৈ আদৰিব লাগিব তাৰো দায়িত্ব বাঢ়িল । চৰকাৰেও এইক্ষেত্ৰত বাৰেকুৰিৰ হলৌ বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত গৱেষণা কৰি বিশেষ পদক্ষেপ ল'ব বুলি মই আশাবাদী ।"
মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে আনন্দ প্ৰকাশ কৰি বাৰেকুৰিৰ যুৱক অশ্বিনী বড়াই বাৰেকুৰিক অসম গৌৰৱ বঁটাৰ দৰে এক গুৰুত্বপূৰ্ণ সন্মানেৰে গৌৰৱান্বিত কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক দিনত বাৰেকুৰিক পৰ্যটনৰ ক্ষেত্ৰখনত আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আশাবাদী বুলি উল্লেখ কৰে ।

