হাতী-মানুহৰ সংঘাত ৰোধৰ সংগ্ৰামে স্বীকৃতি পালে
প্ৰকৃতিপ্ৰেমী সংগঠন 'হাতীবন্ধু'লৈ 'অসম গৌৰৱ বঁটা' । উৎফুল্লিত 'হাতীবন্ধু'ৰ ক্ষেত্ৰ সঞ্চালকে চৰকাৰক জনালে ধন্য়বাদ ।

Published : March 10, 2025 at 10:44 PM IST
নগাঁও : অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত হৈ অহা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিগত প্ৰায় দহ বছৰ ধৰি নীৰৱে কাম কৰি অহা প্ৰকৃতিপ্ৰেমী সংগঠন 'হাতীবন্ধু' এ অৱশেষত লাভ কৰিলে আনুষ্ঠানিক স্বীকৃতি । হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি দহ বছৰৰ অন্তত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ পাছত অৱশেষত অসম চৰকাৰৰো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে ।
দেওবাৰে ৰাজ্য় চৰকাৰৰ 'অসম গৌৰৱ বঁটা'ৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাম ঘোষণা কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে 'হাতীবন্ধু'ৰ সৈতে জড়িতসকল । এই বঁটাৰ বাবে মনোনীত হোৱাাৰ পাছত সোমবাৰে ৰাজ্য চৰকাৰৰ উপৰি 'হাতীবন্ধু'ক সহায়-সহযোগিতা কৰি অহা সকলো পক্ষৰ লগতে ই টিভি ভাৰতকো ধন্যবাদ জ্ঞাপন কৰে 'হাতীবন্ধু'ৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই ।
'অসম গৌৰৱ বঁটা'ৰ বাবে মনোনীত হোৱাৰ পাছত বিনোদ দুলু বৰাই সাংবাদিকৰ আগত কয়, "আজিৰ পৰা প্ৰায় দহ বছৰ পূৰ্বেই হাতীবন্ধু নামৰ এটা সংগঠনৰ জন্ম হৈছিল নগাঁও জিলাতেই । বিশিষ্ট সমাজকৰ্মী প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত এই প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ জন্ম হৈছিল । প্ৰথমে পাহাৰৰ পৰা চাপানলাৰ বিভিন্ন অঞ্চললৈ নামি অহা হাতীৰ ঠিকনা বিচাৰি হাতীবন্ধু নামৰ সংস্থাটোৱে আৰম্ভ কৰিছিল অভিযান ।"

তেওঁ লগতে কয় যে দুৰ্গম পাহাৰীয়া এলেকাৰে কেইবাদিন খোজকাঢ়ি ভৈয়ামলৈ নামি অহা হাতীৰ ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছিল 'হাতীবন্ধু'এ । তাৰ পাছতেই শতাধিক হাতীৰ জাকৰ বাবে পাহাৰত আৰম্ভ কৰিছিল নেপিয়াৰ খেতি । নেপিয়াৰ, কল, কঠাল আদি গছৰ খেতি কৰি প্ৰথম বৰ্ষত সফলতা লাভ কৰাৰ পাছত নগাঁও-কাৰ্বি আংলং সীমান্তত স্থানীয় ৰাইজৰ সহযোগত প্ৰায় দুশ বিঘা ভূমিত ধান খেতি কৰি হাতীৰ বাবে এৰি দিছিল । এনেদৰেই হাতীৰ বাবে খেতি কৰি বৃহত্তৰ অঞ্চলটোত হাতী-মানুহৰ সংঘাত ৰোধ কৰাত ক্ৰমাগতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল 'হাতীবন্ধু' ।
নগাঁও-কাৰ্বি আংলং সীমান্তত হাতীৰ বাবে খেতি কৰি নিশা পাহাৰৰ টঙীঘৰত থাকি হাতীৰ গতি-বিধিও পৰ্যবেক্ষণ কৰিছিল বিনোদ দুলু বৰাই । তেওঁক এই পদক্ষেপত 'হাতীবন্ধু'ৰ সঞ্চালক প্ৰদীপ ভূঞাই সম্পূৰ্ণ সহযোগ কৰি অহাৰ উপৰি দুলু বৰাৰ প্ৰকৃতিপ্ৰেমী সহধৰ্মিনী মেঘনা ময়ূৰ হাজৰিকায়ো আগবঢ়াই আহিছে সহযোগিতা । এই বঁটাৰ বাবে মনোনীত হোৱাত প্ৰকৃতিৰ প্ৰতি 'হাতীবন্ধু'ৰ দায়বদ্ধতা অধিক বৃদ্ধি কৰা বুলিও মন্তব্য কৰে বিনোদ দুলু বৰাই ।

