ETV Bharat / state

ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰিবহে জানে, হাতী খেদিব নাজানে বনকৰ্মীয়ে: বনমন্ত্ৰীৰ বিস্ফোৰণ

নলবাৰীৰ গোবিন্দপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা মিণ্টু বৰ্মনৰ পৰিয়ালক চাৰি লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱাৰ ৷

Man Elephant conflict in Nalbari
বন্যহস্তীৰ আক্ৰমণত নিহত যুৱকৰ পৰিয়ালক চেক প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 20, 2024 at 11:01 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : নলবাৰী জিলাৰ গোবিন্দপুৰত শুকুৰবাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে বন্যহস্তীৰ আক্ৰমণত নিহত মিণ্টু বৰ্মনৰ পিতৃক সাক্ষাৎ কৰে । মন্ত্ৰীদ্বয়ে প্ৰথমে মিণ্টু বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিচতেই নিহত যুৱকজনৰ পিতৃৰ হাতত চাৰি লাখ টকাৰ এখন চেক প্ৰদান কৰে ।

উল্লেখ্য় যে কালি স্থানীয় ৰাইজে প্ৰায় সাত ঘন্টা ধৰি অৱৰোধ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ । কালিয়েই প্ৰশাসনৰ পৰা ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গোবিন্দপুৰত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজৰ লগত মত বিনিময় কৰে । বিগত তিনি বছৰ ধৰি অঞ্চলটোত বন্যহস্তীৰ তাণ্ডৱ চলি আহিছে ।

বন্যহস্তীৰ আক্ৰমণত নিহত যুৱকৰ পৰিয়ালক চেক প্ৰদান (ETV Bharat Assam)

নলবাৰীত বন্যহস্তীয়ে তাণ্ডৱ চলাই থকা এই অঞ্চলটোৰ ৰাইজৰ সুৰক্ষাৰ বাবে ২৫ জনীয়া বন্দুকধাৰী ফৰেষ্ট বেটেলিয়ান নিয়োগ কৰিব বুলি আজি ৰাজহুৱা সভাত ঘোষণা কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ২৫ জনীয়া বন্দুকধাৰী ফৰেষ্ট বেটেলিয়ান নিয়োগ কৰি শিৰাল প্ৰাথমিক বিদ্যালয়ত কেম্প স্থাপন কৰিব আৰু চাৰিখন গাড়ীৰে নিশা হাতী নিৰিক্ষণ কৰিব বুলিও ঘোষণা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ৰাইজে আপত্তি কৰা ইটা ভাটা যদি হাতীৰ ক'ৰিডৰত পৰে তেতিয়াহলে বন্ধ কৰি দিয়া হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "অঞ্চলটোত হাতীৰ অৱস্থিতি নিৰিক্ষণ কৰিবলৈ ফ্লাড লাইটৰ ব্যৱস্থা কৰা হ'ব ।" আনহাতে, ফৰেষ্ট গাৰ্ডে বালি কঢ়িয়াই নিয়া ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰিবহে জানে, হাতী খেদিব নাজানে বুলি কটাক্ষ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

লগতে পঢ়ক:মন্ত্ৰীৰ কনভয়কো আগুৰি ধৰিলে: ৰাজপথ অচল কৰি প্ৰতিবাদত বহিল শতাধিক লোক - MAN ELEPHANT CONFLICTS

বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যু: দুগৰাকীকৈ বন বিষয়াক বদলি - MINISTER CHANDRAMOHAN PATOWARY