বলীয়া বানৰ সংহাৰ ; ঘৰ এৰি ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় গ্ৰহণ বন্যাৰ্তৰ - ASSAM FLOOD 2024
Flood Situation in Assam : ৰাজ্যত অপৰিৱৰ্তিত অৱস্থাত বান পৰিস্থিতি ৷ শদিয়াৰ পৰা ধুবুৰীৰ প্ৰায় প্ৰতিটো অঞ্চল বিধ্বস্ত আহাৰৰ বানত ৷ ঠায়ে ঠায়ে নিশা পৰ্যন্ত চলিছে SDRF ৰ উদ্ধাৰ অভিযান ৷ বিভিন্ন স্থানত উপস্থিত মন্ত্ৰী-বিধায়কৰ লগতে প্ৰশাসনৰ লোক ৷

Published : July 3, 2024 at 2:18 PM IST
নিউজ ডেস্ক, 3 জুলাই: ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে আহাৰৰ বানে ৷ মন্ত্ৰী-বিধায়ককে ধৰি প্ৰশাসনৰ লোকে প্ৰতিদিনেই বানাক্ৰান্ত এলেকাবোৰত উপস্থিত হৈ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷
ডিব্ৰুগড়ৰ বান পৰিস্থিতি
ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বানে ৷ মঙলবাৰৰ সন্ধিয়া পৰ্যন্ত খোৱাঙৰ চেনিমাৰী আৰু দীঘলীছিগাত বুঢ়ীদিহিং নৈৰ দুটাকৈ সুৰক্ষাবান্ধ(ৰিং বান্ধ) বাঢ়নী পানীয়ে ছিঙি নিয়াত প্লাৱিত হৈ পৰিছে অৰ্ধ শতাধিক গাঁও । ইয়াৰ পাছতে সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি । নিশা ইখনৰ পিছত সিখন গাঁও জলমগ্ন হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । পানীৰ মাজত আৱদ্ধ হৈ পৰে বহু পৰিয়াল ৷

আনহাতে, ডিব্ৰুগড় জিলাৰ টেঙাখাটত মঙলবাৰৰে পৰা আৰম্ভ হৈছে এক ভয়ংকৰ পৰিস্থিতি । বুঢ়ীদিহিং নদীৰ বাঢ়নী পানী ফেনে-ফোটোকাৰে ওফন্দি অহাৰ বাবে সংঘটিত হৈছে এক অনাকাংক্ষিত পৰিস্থিতি । টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীবন্ধাত বুঢ়ীদিহিং নদীৰ কাষত থকা মথাউৰিটো বাঢ়নী পানীয়ে ভাঙি লৈ যায় । হাতীবন্ধা, খঙীয়া, তামুলীখাট, হাবিচুক, দীঘলীয়া আদি প্ৰায় 30 খন গাঁৱক বানৰ পৰা ৰক্ষা কৰিবলগীয়া একমাত্ৰ সম্বল হাতীবন্ধাৰ মথাউৰিটো বুঢ়ীদিহিং নদীয়ে এছোৱা খহাই লৈ যোৱা বাবে বৃহত্তৰ অঞ্চলটোত হোৰাহোৰে বাঢ়নী পানী সোমাই বিভিন্ন অঞ্চল ইতিমধ্যে প্লাৱিত কৰিছে ।
প্ৰশাসনৰ উদ্যোগত উদ্ধাৰ অভিযান
নিশাই বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ চেনিমাৰী গাঁৱত আৱদ্ধ হৈ পৰা লোকসকলক নিশা 2 বজা পৰ্যন্ত উদ্ধাৰ অভিযান চলাই SDRF বাহিনীয়ে ৷

আশ্ৰয় শিবিৰ স্থাপন
বানপীড়িতৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খোৱাং পিথুবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হৈছে দুটাকৈ আশ্ৰয় শিবিৰ । ইফালে দুটাকৈ সুৰক্ষাবান্ধ ছিগাৰ ফলত খোৱাং চেনিমাৰীৰ লগতে কাৱৈমাৰী, গৰৈমাৰী, দলনিকুৰ, গেৰগেৰী, চমুৱা গাঁও, খোৱাং ঘাটৰ একাংশ, হালধিবাৰী মইনা গাঁও, হালধিবাৰী চেতিয়া গাঁৱকে ধৰি বৃহত্তৰ খোৱাং অঞ্চলৰ অৰ্ধ শতাধিক গাঁৱৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷
বাঢ়নী পানীত বুৰ গৈছে শ শ হেক্টৰ কৃষিভূমি ৷ ইফালে খোৱাং বেতনি চাৰিআলিৰ পৰা গেমন দলঙলৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে বুঢ়ীদিহিঙৰ বাঢ়নী পানী ৷ বান পৰিস্থিতি অপৰিৱৰ্তিত থাকিলে শীঘ্ৰেই খোৱাঙৰ ন ন অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে ।
ইপিনে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত টেঙাখাটৰ বুঢ়ীদিহিং নদীয়ে হাতীবন্ধা মথাউৰি চিঙি পেলোৱাত পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে । বিধায়ক তেৰছ গোৱালা আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াক লগত লৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছতে ইতিমধ্যে আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । সেই স্থানত বানাক্ৰান্ত ৰাইজক খাদ্য, পানী, ঔষধ আদিৰ লগতে পশুধনৰ বাবেও পশুখাদ্য যোগান ধৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।
কলিয়াবৰৰ বান পৰিস্থিতি
হাতীমূৰা মথাউৰি ছিঙি ব্ৰহ্মপুত্ৰৰ পানী হোৰাহোৰে কলঙৰ বুকুৰে সোমাই জলমগ্ন কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁও । বৰ্তমান পানীৰ সোঁত কমিছে যদিও ন ন অঞ্চল বুৰিছে পানীত । কেৰিবাকৰি, দেৱসত্ৰ, ঢেকীয়াল, শেনচোৱা, বৰভকতি, মিৰিভেটিকে ধৰি কেবাখনো গাঁও জলমগ্ন । কলিয়াবৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়, বিদ্যালয়, ঘৰ-দুৱাৰ এতিয়া বানপানীৰ কবলত । জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ প্ৰেছ ক্লাব, ৰাষ্ট্ৰীয় ঘাইপথ দাঁতিত বানপীড়িত লোকে গ্ৰহণ কৰে আশ্ৰয় । এতিয়ালৈকে কলিয়াবৰ ৰাজহ চক্ৰৰ ২৮ খন গাঁও বানৰ কবলত পৰিছে ।
মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰৰ সন্ধিয়া পুনৰ মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে কলিয়াবৰবাসীয়ে । কলঙৰ খনন সম্পূৰ্ণ নোহোৱাকৈয়ে কিয় শ্লুইচ গেটৰ সন্মুখৰ অভাৰ ডাম কাটি দিয়া হ'ল বুলি প্ৰশ্ন তুলি স্থানীয় ৰাইজে কাৰ স্বাৰ্থত, কাৰ নিৰ্দেশত কলিয়াবৰক বিপদত পেলোৱাৰ ফন্দি পাতিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ।
বাস্তৱিকতে দীৰ্ঘদিন ধৰি মৃত কলঙক নতুন জীৱন দিয়াৰ প্ৰয়াসেৰে 2020 চনৰ অক্টোবৰ মাহত আৰম্ভ কৰা 135 কোটি টকাৰ আঁচনি অৱশেষত বিভাগীয় মইমতালি আৰু ঠিকাদাৰৰ হেমাহিত ভেকো-ভাওনাত পৰিণত হয় বুলি এটা পক্ষই আক্ষেপ প্ৰকাশ কৰিছে ।
দৰঙৰ বান পৰিস্থিতি
দৰঙতো আহাৰৰ বানত দিশহাৰা হৈ পৰিছে নৈপৰীয়া ৰাইজ । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠাত বাঢ়নি পানীয়ে প্লাৱিত কৰিছে দৰঙৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ চৰাঞ্চলৰ কেবাখনো গাঁও । ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বদলি বৰালি, কালাইৰ চৰ, 1/2 নং মাগুৰমাৰী আদি গাঁও ।
নিৰাপদ স্থান বিচাৰি হাহাকাৰ লাগিছে বানাক্ৰান্তৰ । ভুটভুটী, টুলুঙা নাও আদিৰে পৰিয়াল-পশুধন আদি লৈ ওখ ঠাইলৈ ঢাপলি মেলিছে বহু পৰিয়াল । অস্বাভাৱিক জলস্তৰ বৃদ্ধিয়ে চৰবাসীৰ পশুধনলৈ মাতিছে ভয়ংকৰ বিপদ । বান পৰিস্থিতিৰ বুজ ল’বলৈ 1/2 নং মাগুৰমাৰী, কালাইৰচৰ আদিত SDRF বাহিনীক লগত লৈ উপস্থিত হয় জিলা প্ৰশাসনৰ লোক । প্ৰশাসনৰ লোকে বান-বিধ্বস্ত ভালেমান অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বুজ লয় ৷

