ETV Bharat / state

ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি: তিনিখন জিলা বানৰ কবলত - ASSAM FLOOD SITUATION

গোলাঘাট জিলাৰ ২ খন, ধেমাজি জিলাৰ ২ খন আৰু লখিমপুৰ জিলাৰ ৪ খন ৰাজহ চক্ৰ বানৰ কবলত পৰিছে ।

Assam flood situation is getting worse
অসমৰ শেহতীয়া বান পৰিস্থিতি (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 5:16 PM IST

5 Min Read

গুৱাহাটী: ৰাজ্যত যোৱা দুদিন ধৰি হৈ থকা কলহৰ কাণে ঢলা বৰষুণৰ ফলত ইতিমধ্যে কেবাখনো জিলা বানৰ কবলত পৰিছে । কেবাখনো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে শনিবাৰে পুৱা ৯ বজা পৰ্যন্ত প্ৰকাশ কৰা তথ্য মতে, ৰাজ্যৰ তিনিখন জিলা বানৰ কবলত পৰিছে । ধেমাজি, লখিমপুৰ আৰু গোলাঘাট জিলা ।

গোলাঘাট জিলাৰ ২ খন, ধেমাজি জিলাৰ ২ খন আৰু লখিমপুৰ জিলাৰ ৪ খন ৰাজহ চক্ৰ বানৰ কবলত পৰিছে । এই জিলা তিনিখনৰ ১১ খন গাঁৱৰ ১৮৫৬ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।

ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ :

ইপিনে নেৰানেপেৰা বৰষুণৰ বাবে ডিমা হাছাও জিলাত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাই দেখা দিছে । প্ৰচণ্ড বৰষুণৰ ফলত বন্ধ হৈ পৰিছে হাফলং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । ইপিনে ডিমা হাছাও জিলা প্ৰশাসন আৰু আৰু দুৰ্যোগ প্ৰশমন বিভাগে ডিমা হাছাও জিলাত সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰাৰ উপৰি হাফলং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু হাৰেংগাজাওৰ মাজতে যানবাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ।

২ জুনলৈকে এই ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা থাকিব বুলি জিলা প্ৰশাসনৰ পৰা কোৱা হৈছে । জিলাখনৰ আয়ুক্ত সীমান্ত কুমাৰ দাসে এক নিৰ্দেশত উল্লেখ কৰিছে যে বিশেষ জৰুৰী কাম নাথাকিলে কোনো মানুহ যাতে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে ।

নীপকোৱে এৰি দিয়া ৰঙানদীৰ পানীত লখিমপুৰত মহাপ্লাবন :

পিনে নীপকোৱে এৰি দিয়া ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত জলৰাশিয়ে লখিমপুৰত মহাপ্লাবন সৃষ্টি কৰিছে । যোৱা ৩৬ ঘণ্টাৰো অধিক সময় অৰুণাচলৰ য়াজালিত থকা ৪০৫ মেগাৱাট শক্তিসম্পন্ন ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি নীপকোৱে ৰঙানদীত মোকোলাই ৰাখিছে । পৰিণতিত লখিমপুৰত ভয়াবহ বানৰ সৃষ্টি হৈছে ।

নগৰৰ সমীপৰ পাচ নৈ অঞ্চলৰ দহ-বাৰখন গাঁৱৰ সহস্রাধিক পৰিয়াল বানৰ কবলত পৰিছে । অঞ্চলটোৰ মূল পথটো বানে ছিঙি পেলাইছে । শ শ পৰিয়ালৰ ঘৰ-বাৰী এতিয়া পানীৰ তলত । একেদৰে পহুমৰা কিমিন সংযোগী পথৰ ওপৰৰে পানী বাগৰি যাতায়াত ব্যাহত হৈছে । আটিচুককে ধৰি একাধিক স্থানত দুটা বান্ধ ছিঙি বানে প্ৰায় ৪০ খন গাঁও বুৰাই পেলাইছে ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো পানী বাগৰিছে । এটা ৰিং বান্ধ ছিঙি ৰঙানদীয়ে কেইবাখনো গাঁও বুৰাই পেলাইছে । অন্য দিশে ৰঙানদীৰ বানে অঞ্চলটোৰ কুৰিখনৰো অধিক গাঁও বুৰাই পেলাইছে । চৌদিশে কেৱল সাগৰ সদৃশ পৰিস্থিতি । তাৰ মাজতে ৰাইজৰ হাহাকাৰ । এই এলেকাৰ সমীপৰ যোৰহাট ডাম্বুকিয়ালত ৰাজকুমাৰ টাইদ (৫৫ ) নামৰ এজন লোকৰ মৃত্যু হৈছে ।

গোৱালপাৰা আৰু গুৱাহাটীৰ‌ মাজত যাতায়ত স্তব্ধ হোৱাৰ উপক্ৰম:

কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ উপক্ৰম হৈছে । মেঘালয় দিশত বৰষুণৰ পানীয়ে ছয়গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ আশংকাৰ সৃষ্টি কৰিছে । এই পথটো বন্ধ হ'লে গোৱালপাৰা আৰু গুৱাহাটীৰ‌ মাজত যাতায়ত‌ সম্পূৰ্ণ বন্ধ হৈ পৰিব ।‌

কামৰূপ জিলাৰ অন্তৰ্গত বিজয়নগৰত মূল পথত সৃষ্টি হোৱা কৃত্ৰিম বানে যাতায়ত ব্যাহত কৰি তুলিছে । আনহাতে বোকাঘাটত ডিফলু নৈৰ বাঢ়নী পানীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ উপক্ৰম হৈছে । নুমলীগড়ৰ কালিয়নী নদীৰ বাঢ়নীয়ে বানৰ সৃষ্টি কৰিছে ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি :

জলসম্পদ বিভাগৰ পুৱা ৯ বজা পৰ্যন্ত সদৰী কৰা তথ্য মতে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদী ১০৫.৩৭ মিটাৰ জলপৃষ্ঠৰ ওপৰেৰে বৈ আছে । ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমা ১০৫.৭০ মিটাৰ । পাচীঘাটত ব্ৰহ্মপুত্ৰ নদী ১৫২.০৯ মিটাৰ জলপৃষ্ঠৰ ওপৰেৰে বৈ আছে ।

পাচিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমা ১৫৩.৯৬ মিটাৰ । ধলাত ব্ৰহ্মপুত্ৰ নদী ১২৬.২৯ মিটাৰ জলপৃষ্ঠৰ ওপৰেৰে বৈ আছে । ধলাত ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমা ১২৮.২৭ মিটাৰ । ইপিনে বুঢ়িদিহিং নদী মাৰ্ঘেৰিটাত ১৩৫.৬৬ মিটাৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

বতৰ বিজ্ঞানৰ সতৰ্কতা :

অহা চাৰিদিনলৈ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অঞ্চলত ধুমুহা-বতাহৰ সৈতে মুষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই অহা চাৰিদিনৰ বাবে জাৰি কৰা বতৰৰ আগলি বতৰা অনুসৰি অসম, অৰুণাচল প্রদেশ, মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কোনো কোনো অঞ্চলত এই সময়ছোৱাত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহৰ লগতে বিজুলী-গাজনিৰে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ অহাৰ আশংকা আছে । বিশেষকৈ অহা দুদিন মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে ।

ৰাজ্যত বান পৰিস্থিতি মোকাবিলা কৰিবলৈ প্রস্তুতি হিচাপে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু ডি ডি আৰ এফক ৰাজ্যৰ বিভিন্ন জিলাত ইতিমধ্যে সাজু কৰি ৰখা হৈছে । মন্ত্ৰী আৰু ন’ডেল বিষয়াসকলক জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'বলৈ কোৱা হৈছে ।

লগতে পঢ়ক : ৰে'ল সেৱাত জন্মিব পাৰে ব্যাঘাত, ভূমিস্খলনে লৈছে ভয়ংকৰ ৰূপ

লগতে পঢ়ক : এয়া হৈছে কামৰ নমুনা ! মুষলধাৰ নহয়.. কিনকিনীয়া বৰষুণতেই খহিল কোটিটকীয়া মথাউৰি

লগতে পঢ়ক : নীপকোৱে এৰিলে পানী: লখিমপুৰত দোকোলটঁকা বান, জলপ্ৰলয়ত দুজনৰ মৃত্যু

লগতে পঢ়ক : কলহৰ কাণে বৰষুণ ঢালিছে; শনিবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, ৰাজ্যত জাৰি ৰেড এলাৰ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.