ETV Bharat / state

ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু, ২১ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ৰাজ্যত কিছু উন্নত হৈছে বান পৰিস্থিতি ৷ শ্ৰীভূমিত সৰ্বাধিক ১,২১,৮৪৭ জন আৰু হাইলাকান্দিত ৩৩,৮৩৮ জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

ASSAM FLOOD 2025
অসমৰ বান পৰিস্থিতি (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 9:34 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সোমবাৰে পুনৰ ৰাজ্যত বানত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পায় ৷ ইফালে পূৰ্বতকৈ উন্নত হৈছে বান পৰিস্থিতি ৷ বানত ক্ষতিগ্ৰস্ত হোৱা জিলা সংখ্যা ৯খন হোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ১.৬৩ লাখলৈ হ্ৰাস পাইছে ৷

ইফালে নদীসমূহৰো জলস্তৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে আৰু কোনো নদী বিপদসীমাৰ ওপৰেদি বোৱা নাই ৷ বৰষুণ নহ’লে বানৰ পানী কমি যাব অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বান সম্পৰ্কীয় প্ৰতিবেদনত উল্লেখ কৰে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি ৯খন জিলা ক্ৰমে হাইলাকান্দি, কামৰূপ, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, গোলাঘাট, নগাঁও, কামৰূপ (ম), লখিমপুৰৰ ২৫টা ৰাজহ চক্ৰৰ ৩৮৯খন গাঁৱৰ ১,৬৩,০৮৩জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । শ্ৰীভূমিত সৰ্বাধিক ১,২১,৮৪৭ জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ পাছতেই হাইলাকান্দিত ৩৩,৮৩৮ জন বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

ইফালে নিহত লোকজন শ্ৰীভূমি জিলা সদৰৰ বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বান সম্পৰ্কীয় প্ৰতিবেদনত উল্লেখ কৰে ৷ ইয়াৰ লগে লগে ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭লৈ বৃদ্ধি পাইছে ।

জিলা প্ৰশাসনৰ তৰফৰ পৰা স্থাপন কৰা ৪৩টা সাহায্য শিবিৰত ৬ হাজাৰৰো অধিক স্থানচ্যুত লোকে আশ্ৰয় লৈছে আৰু ৪৮টা সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে । ৩৫০০ হেক্টৰতকৈ অধিক কৃষি ভূমি সম্প্ৰতি প্লাৱিত হৈ আছে ৷ বানৰ ফলত আঠটাকৈ জীৱ-জন্তুৰ মৃত্যু হোৱাৰ বিপৰীতে ১১৩৬০৫ টা জীৱ-জন্তু বানত আক্ৰান্ত হৈছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বান সম্পৰ্কীয় প্ৰতিবেদনত উল্লেখ কৰে ৷

লগতে পঢ়ক : ৰাজ্যত উন্নত হৈছে বান পৰিস্থিতি, বানত নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

ৰাজ্যত বান আৰু ভূমিস্খলনত পুনৰ দুজন লোকৰ মৃত্যু

এক ব্য়তিক্ৰমী দৃশ্য়; বানৰ মাজতো শিবিৰতেই ওমলিছে এজাক শিশুৱে