ETV Bharat / state

জেঠুৱা বানত ককবকাইছে উজনি-নামনি; ৰাজ্যৰ ১৯ জিলাৰ ৭৬৪ খন গাঁও বানৰ কবলত

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে ১৯ জিলাৰ ৭৬৪ খন গাঁৱৰ ৩,৬৪,০৪৬ লোক বান প্ৰভাৱিত । ক্ষতিগ্ৰস্ত ৩,৫২৪ হেক্টৰ শস্যভূমি ।

Assam flood 2025
বানৰ সংহাৰী ৰূপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 3:53 PM IST

|

Updated : June 2, 2025 at 9:06 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী/ জোনাই : ৰাজ্যৰ প্ৰথমটো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । ধুমুহা-বতাহেৰে মুষলধাৰ বৰষুণৰ পাছত এতিয়া ৰাজ্যজুৰি বান-খহনীয়াৰ ভয়ংকৰ ৰূপ ৷ বাঢ়নী পানীয়ে ছিঙিছে পথ, ভাঙিছে মথাউৰি । ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে । ঘৰ-বাৰী এৰি বন্যার্তই আশ্রয় ল'বলগা হৈছে ওখ স্থান আৰু মথাউৰিত । বহু পৰিয়ালৰ চকুৰ সন্মুখতে উটি গৈছে সপোনৰ ঘৰখন ।

ধেমাজি, শ্রীভূমি, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, নগাঁও, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া, হোজাই, শিৱসাগৰকে আদি কৰি কেইবাখনো জিলাৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে । আনহাতে, বন্যার্তৰ আশ্ৰয়ৰ বাবে মুকলি কৰা হৈছে আশ্রয় শিবিৰ ।

ৰাজ্যৰ প্ৰথমটো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে (ETV Bharat Assam)

ইফালে বানৰ তাণ্ডৱৰ লগতে কেইবাটাও স্থানত খহনীয়া আৰু ভূমিস্খলনৰ ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে । কাছাৰত বান পৰিস্থিতিৰ বাবে জিলা প্রশাসনে দুদিনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে ।

ইপিনে কিবিটুত ১৭০ মিলিমিটাৰ, হায়ুলিয়াঙত ১৫০ মিঃমিঃ, কলেকটাঙত ১০০ মিঃমিঃকে ধৰি সমগ্ৰ অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত নামনি অংশৰ নদীৰ স্তৰ তীব্ৰগতিত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে ।

৭৬৪ খন গাঁও বানৰ কবলত

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যৰ ১৯ খন জিলাৰ ৭৬৪ খন গাঁও বানৰ কবলত পৰিছে । বানৰ ফলত প্ৰভাৱিত হৈছে ৩ লাখ ৬৪ হেজাৰ ৪৬ জন লোক । বানৰ কবলত পৰিছে ৩,৫২৪ হেক্টৰ শস্যভূমি ।

বান প্রভাৱিত জিলাকেইখন হৈছে লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্রীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাছাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং ।

শ্রীভূমি জিলাত সৰ্বাধিক ১৪৮ খন গাঁও বানৰ কবলত পৰিছে । কাছাৰ জিলাৰ ৮৯ খন গাঁও, নগাঁও জিলাৰ ৯৩ খন গাঁও আৰু লখিমপুৰ জিলাৰ ১০১ খন গাঁও বানৰ কবলত পৰিছে ।

কাছাৰ, হাইলাকান্দি, ডিমা হাছাও, শ্ৰীভূমিত ভূমিস্খলনৰ ভয়াৱহতা

ইপিনে কাছাৰ জিলাত তিনিটা, হাইলাকান্দিত দুটা আৰু ডিমা হাছাও, শ্ৰীভূমিত ক্ৰমে এটাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । ভূমিস্খলনত কাছাৰ জিলাত পাঁচখন গাঁও, ডিমা হাছাওত দুখন, হাইলাকান্দিত দুখন‌ আৰু শ্ৰীভূমিত পাঁচখন মুঠ ১৪ খন‌ গাঁও ক্ষতিগ্ৰস্ত ‌হৈছে ।

ভূমিস্খলনত জিলাকেইখনৰ ১২৭ গৰাকী পুৰুষ, ৯১ গৰাকী মহিলা আৰু ১০০ গৰাকী শিশুসহ মুঠ ৩১৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য ‌মতে, বানত শ্রীভূমি আৰু কাছাৰত এজনকৈ মুঠ দুজনে প্ৰাণ হেৰুৱাইছে । ইয়াকে লৈ চৰকাৰী তথ্য অনুসৰি চলিত বছৰৰ প্ৰথমটো বানত মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পালে ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ

আনহাতে, কেন্দ্রীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ডিব্ৰুগড় আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰ, নুমলীগড়ত ধনশিৰি, কামপুৰত কপিলী, মাটিজুৰিত কটাখাল, বি পি ঘাটত বৰাক আৰু শ্রীভূমিত কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি

অহা তিনি জুনলৈ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । গুৱাহাটীত আগন্তুক ২৪ ঘণ্টাত বিভিন্ন ঠাইত মজলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হ'ব ।

অহা ৬ জুনলৈ গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থাকিব । ইয়াৰ উপৰি ৭ আৰু ৮ জুনত গুৱাহাটীত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

পথ-পথাৰ একাকাৰ, দিখাৰী নদীৰ বানত জলমগ্ন জোনাইৰ বিস্তীৰ্ণ অঞ্চল

জোনাই : আনহাতে, কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ জামুগুৰি, উলুৱনি অঞ্চলত বান পৰিস্থিতি শোচনীয় হৈ পৰিছে । দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনি, জামুগুৰি অঞ্চলৰ ১৫ খনৰো অধিক গাঁও ।

কেইবাদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিখাৰী নদীৰ পানী । দিখাৰী নদীৰ পানীয়ে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১, ২, ৩ নং জামুগুৰি, ১, ২ নং উলুৱনি, উলুৱনি মাজগাঁও, উলুৱনি জয়পুৰ, বিঞ্চুপুৰ, লংকা, ১, ২, ৩ নং মলান, নলাপাৰা, তাকাবাৰী, চিয়াৰী আদি ১৫ খনৰো অধিক কৃষিজীৱি গাঁৱৰ পথ-পথাৰ বুৰাই পেলায় ।

দিখাৰী নদীৰ বানত উলুৱনি, জামুগুৰি অঞ্চলৰ গাঁওসমূহৰ বাট-পথবিলাক দিখাৰী নদীৰ বানে বুৰাই পেলোৱাৰ ফলত কৃষিজীৱী গাঁওসমূহৰ বিঘাই বিঘাই শস্য পথাৰ বুৰ যোৱাৰ লগতে গঞাৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে ।

ইপিনে তেলাম গাঁও পঞ্চায়তৰ অৰুণ চাপৰি গাঁৱৰ পথ-পথাৰ বুৰাই পেলাইছে দিখাৰী নদীৰ বাঢ়নী পানীয়ে । ৰামধন দিখাৰী আৰু তেলাম গাঁও পঞ্চায়তৰ বানপীড়িত অঞ্চলত পথ, পথাৰ বানত জলমগ্ন হৈ পৰাৰ ফলত পশুধনৰ মাজত ভীষণ খাদ্যৰ সমস্যাই দেখা দিছে ।

উল্লেখ্য যে, দিখাৰী নদীৰ বাঢ়নী পানীত চিয়াৰীৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পঃতে নলা সংযোগী পথছোৱা জলমগ্ন হৈ পৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত অবৰ্ণনীয় সমস্যাই দেখা দিছে ।

আনহাতে, জোনাই সমষ্টিৰ অন্তৰ্গত নামনি চিচিটঙানী গাঁও পঞ্চায়তৰ ৯ খন গাঁও সম্পূৰ্ণ পানীত ডুব গৈছে ৷ পশুধন, খোৱাপানী আৰু খোৱা খাদ্যৰ সমস্যাই দেখা দিছে ৷ তিনিদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত ডুব গৈছে ধেমাজি জিলাৰ নামনি চিচিটঙানী পঞ্চায়তৰ অধিকাংশ অঞ্চল ।

পশুধন, খোৱাপানী আৰু খোৱা খাদ্যক লৈ সৃষ্টি হৈছে সমস্যা ৷ অঞ্চলটোত কাংকান চাপৰি, ৰেঙাম দলুং, মৌজা চাপৰি, চিচি চুমনী, ৰাংকপ চাপৰি, চিচি কঁঠালগুৰি, শিয়ালমৰা, উজনি মিৰি, জংগলী অফিচ আদি ৯ খন গাঁও দুই-তিনিদিন ধৰি এতিয়া সম্পূৰ্ণ বানৰ কবলত ৷

একাধিক ৰাজপথ, ঘৰ-দুৱাৰ, স্কুল আদি ইতিমধ্যে পানীত ডুব গৈছে ৷ এইসকল দুৰ্ভগীয়া নৈপৰীয়া ৰাইজে চৰকাৰে দিয়া বিনামূলীয়া চাউল আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ টুলুঙা নাৱত এনেদৰে লৈ যাবলগা হৈছে ।

আনহাতে, বানাক্ৰান্ত ৰাইজে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত কয়, "যোৱাকালিৰ পৰায়ে পানীত ডুবি আছোঁ । ৭ টা বজাৰ পৰা এতিয়ালৈকে বাঢ়ি আছে, কমা নাই । গোটেই গাঁও এতিয়া জলমগ্ন হৈ আছে । আপোনালোকে দেখিছেই । সেই কাৰণে আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছোঁ যাতায়াত বুলিবলৈ হাত নাৱৰ বাহিৰে একোৱে নাই । পশুধনৰ খাদ্য নাই । অলপমান ওখ ঠাই আছে তাত আশ্ৰয় লৈ আছে । গাহৰিৰ খাদ্য নাই, গৰুৰ খাদ্য নাই এতিয়া মানুহৰো খাদ্যৰ সমস্যাই দেখা দিছে ।"

লগতে পঢ়ক :কপিলী নদীৰ বাঢ়নী পানীয়ে ছিগিলে কামপুৰৰ পটিয়াপামত মথাউৰি - ASSAM FLOOD 2025
লগতে পঢ়ক :বিভীষিকা :বাৰিষাৰ প্ৰথমটো বানত জলবন্দী হাজাৰ হাজাৰ জনতা - ASSAM FLOOD 2025
Last Updated : June 2, 2025 at 9:06 PM IST