ETV Bharat / state

বনৌষধিৰ সম্ৰাটৰ মৃত্যুৰ লগে লগেই যেন সকলো শেষ...

ৰাজ্যৰ বিশিষ্ট বনৌষধি বিশেষজ্ঞ প্ৰয়াত ড৹ গুণাৰাম খনিকৰৰ কথা আপুনি জানেনে ? তেওঁ স্থাপন কৰা খনিকৰ বনৌষধিৰ উদ্যান আৰু সংগ্ৰহালয়ৰ বৰ্তমানৰ অৱস্থা কি ?

Gunaram Khanikar herbal Museum
বিশিষ্ট বনৌষধি বিশেষজ্ঞ প্ৰয়াত ড৹ গুণাৰাম খনিকৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 4:58 PM IST

7 Min Read
Choose ETV Bharat

গোলাঘাট : অসমৰ প্ৰায়বোৰ পৰিয়ালে ঘৰত এখন গ্ৰন্থ ৰাখে । গ্ৰন্থখনৰ নাম 'সহজ লভ্য বন দৰৱৰ গুণ'। গ্ৰন্থখন ৰখাৰ উদ্দেশ্য হ'ল তাত প্ৰায় সংখ্যক ৰোগৰে নিৰাময়ৰ ঘৰুৱা বিধান আছে । সহজতে পোৱা গছ-লতা, বন-বিৰিখৰ পৰা কোনবিধ ঔষধি উদ্ভিদ কোনটো ৰোগত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বিশদ বৰ্ণনা আছে এই গ্ৰন্থখনত । সেয়েহে এই গ্ৰন্থখন মানুহে বৰ সযতনে ঘৰত ৰাখি থয় । কিন্তু আপুনি জানেনে এই গ্ৰন্থখনৰ প্ৰণেতা কোন ?

বনৌষধিৰ সম্ৰাট ড৹ গুণাৰাম খনিকৰ

গ্ৰন্থখনৰ লিখক আছিল ড৹ গুণাৰাম খনিকৰ । ড৹ গুণাৰাম খনিকৰ আছিল অসাধাৰণ ব্যক্তিত্বৰ গৰাকী । অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বন দৰৱৰ ব্যৱহাৰ, পাৰম্পৰিক ঔষধৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অনন্য । অসমৰে নহয় ভাৰতৰ ভিতৰতে তেওঁ এগৰাকী প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ হিচাপে পৰিচিত আছিল ।

অৱহেলিত খনিকৰৰ বনৌষধিৰ উদ্যান আৰু সংগ্ৰহালয় (ETV Bharat)

গোলাঘাট জিলাৰ চকৰধৰা দ' গাঁৱত জন্মগ্ৰহণ কৰা ড৹ গুণাৰাম খনিকৰে তেতেলীতলত স্থাপন কৰিছিল ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ । তেওঁ প্ৰস্তুত কৰি উলিওৱা বিভিন্ন বনৌষধ দেশৰ লগতে বিদেশতো বিক্ৰী হৈছিল ।

এটা সাধাৰণ কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা খনিকৰে সৰুৰে পৰাই বন দৰৱৰ প্ৰতি আগ্ৰহী আছিল । তেওঁ সেইবোৰ চিনাক্তকৰণ, অধ্যয়ন, সংগ্ৰহ, সংৰক্ষণ আদিত গুৰুত্ব দি চকৰধৰা দ' গাঁৱত বনৌষধিৰ উদ্যান আৰু সংগ্ৰহালয় স্থাপন কৰি সংৰক্ষণ আৰু গৱেষণা চলাইছিল । ১৯৭০ চনৰ পৰা তেওঁ এই কামতে জীৱন উজাৰি দিছিল । বন দৰৱ বিষয়ত তেওঁ লিখা প্ৰৱন্ধৰ সংখ্যা কেইবা হাজাৰো হ'ব । প্ৰায় ৪৩ খনৰো অধিক গ্ৰন্থ ৰচনা কৰা ড৹ গুণাৰাম খনিকৰ আছিল বনৌষধিৰ সম্ৰাট ।

Gunaram Khanikar herbal Museum
গোলাঘাটত আছে খনিকৰৰ বনৌষধিৰ উদ্যান আৰু সংগ্ৰহালয় (ETV Bharat)

অসম চৰকাৰে তেওঁক এই কামৰ বাবে ১৯৯৭ চনত ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাইছিল । তেওঁক কেন্দ্ৰীয় চৰকাৰে ভেষজ ৰত্ন উপাধি প্ৰদান কৰাৰ উপৰিও মানৱ মিত্ৰ, বনৌষধৰ বিজ্ঞানী আদি উপাধি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰদান কৰিছিল ।

Gunaram Khanikar herbal Museum
গুণাৰাম খনিকৰ স্বাস্থ্য ভৱন (ETV Bharat)

মৃত্যুৰ লগে লগে ইতিহাস হ'ল খনিকৰৰ সপোন

২০১৬ চনৰ ৭ জানুৱাৰীত ড৹ গুণাৰাম খনিকৰৰ দেহাৱসান ঘটে । হৃদৰোগত আক্ৰান্ত হৈ তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় । তেওঁৰ মৃত্যুৰ পাছত যেন সকলো সলনি হৈ গ'ল । বনৌষধৰ গৱেষণা আৰু প্ৰচাৰ-প্ৰসাৰৰ বাবে গোলাঘাটত তেওঁ স্থাপন কৰা উদ্যানখনো এতিয়া এৰাবাৰীত পৰিণত হ'ল । খনিকৰ চুবুৰীৰ চকৰধৰাত থকা এই উদ্যানখনত আছিল বহু মূল্যৱান ঔষধি গুণ সম্পন্ন উদ্ভিদ । উদ্যানৰ কাষতে আছিল এটা নামঘৰ আৰু তাৰ সৈতে সংলগ্ন এটা ঘৰত এটা সংগ্ৰহালয় স্থাপন কৰা হৈছিল ।

Gunaram Khanikar herbal Museum
জহি-খহি গৈছে ড৹ গুণাৰাম খনিকৰৰ বনৌষধি সংগ্ৰহালয় (ETV Bharat)

এই উদ্যানৰ চাৰিওফালে এতিয়া হাবি বননিৰে ভৰি পৰাৰ লগতে জহি খহি যাবলৈ ধৰিছে তেওঁ উদ্ভাৱন কৰা বনৌষধিৰ গৱেষণা কেন্দ্ৰ । ইয়াৰ উপৰিও তেওঁ সংগ্ৰহালয়ৰ কাষত স্থাপন কৰা সমন্বয় নামঘৰলৈও এতিয়া কোনোৱে নাহে । খনিকৰৰ মৃত্যুৰ পিছৰে পৰা চাকি বন্তিও জ্বলোৱাৰ পৰা বিৰত আছে পৰিয়ালৰ সদস্যসকল । আনহাতে ইয়াৰ সমীপতে অৱহেলিত হৈ পৰি ৰৈছে খনিকৰৰ অন্যতম সম্পদ ভ্ৰাম্যমাণ চিকিৎসালয় আৰু প্ৰদৰ্শনী ।

Gunaram Khanikar herbal Museum
জহি-খহি গৈছে ভ্ৰাম্যমাণ চিকিৎসালয় আৰু প্ৰদৰ্শনী (ETV Bharat)

AS-05-0078 নম্বৰৰ বাছখনতে তেওঁ স্থাপন কৰিছিল অসমৰ প্ৰথম ভ্ৰাম্যমাণ চিকিৎসালয় আৰু প্ৰদৰ্শনী । এই বাছখন লৈ অসমৰ বিভিন্ন প্ৰান্তত বনৌষধিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আছিল ড৹ গুণাৰাম খনিকৰৰ । কিন্তু পৰিতাপৰ কথাটো হ'ল উদ্যানখনৰ নিলগতে এই বাছখনো এতিয়া জহি-খহি গৈছে । বাছৰ ভিতৰত বনৌষধিৰ নমুনাবোৰ তেনেদৰেই পৰি আছে ।

Gunaram Khanikar herbal Museum
ভ্ৰাম্যমাণ চিকিৎসালয় আৰু প্ৰদৰ্শনীৰ ভিতৰৰ বনৌষধি (ETV Bharat)

মানুহজনৰ মৃত্যুৰ পাছত যেন সকলো এলাগী হৈ ৰ'ল । সেইবোৰ চোৱাচিতা কৰিবলৈও কাৰো আহৰি নহ'ল । এতিয়া সেই বাছখন লাও-কোমোৰা বগোৱা হেন্দালিত পৰিণত হৈছে । গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰণৰ দ্বাৰা নিৰ্মাণ কৰা উদ্যানত সংলগ্ন গৃহটো এতিয়া ভূত বাংলোতকৈ কম নহয় ! সমগ্ৰ উদ্যানখন লতা আৰু অপতৃণই ভৰি পৰিছে । বহু মূল্যৱান গছ মৰি গৈছে । দিনতে মানুহ তাত সোমাবলৈ ভয় কৰা এক পৰিৱেশ ! অথচ এদিন এই উদ্যানখনেই বহুলোকক নিৰাময়ৰ বিধান দিছিল ।

Gunaram Khanikar herbal Museum
খনিকৰৰ অন্যতম সম্পদ ভ্ৰাম্যমাণ চিকিৎসালয় আৰু প্ৰদৰ্শনী (ETV Bharat)

জীৱনৰ সকলো সময়তে ৰাইজৰ হিতৰ বাবে চিন্তা কৰা ড৹ গুণাৰাম খনিকৰ আছিল অবিবাহিত । তেওঁৰ মৃত্যুৰ পাছত সেই সম্ভাৱনাক কোনেও ধৰি ৰাখিব নোৱাৰিলে । চৰকাৰ তথা প্ৰশাসনেও ড৹ গুণাৰাম খনিকৰৰ সেই সপোনলৈ পিঠি দিলে । তেওঁৰ পৰিয়ালৰ কেইবাজনো লোকক এই উদ্যান আৰু প্ৰতিষ্ঠানটোৰ এনে দশা কিয় হ'ল বুলি জানিব বিচাৰিলে কোনেও মুখ খুলি একো ক'ব নোখোজে ।

Gunaram Khanikar herbal Museum
ড৹ গুণাৰাম খনিকৰৰ বনৌষধি সংগ্ৰহালয় (ETV Bharat)

ড৹ গুণাৰাম খনিকৰৰ সপোনৰ উদ্যান আৰু প্ৰতিষ্ঠানটো এতিয়া দিনক-দিনে জহি-খহি যাবলৈ ধৰিছে । এতিয়াও তাত বহু ঔষধি গছ আছে । হাবি-বনৰ মাজত পোত গৈ থকা সংগ্ৰহালয়টোৰ দুৱাৰ-খিৰিকী ভাঙি গৈছে । কোনবিধ ঔষধি উদ্ভিদ, কি ৰোগত প্ৰয়োগ কৰিব লাগে তাৰ ফলকবোৰ ইফালে-সিফালে পৰি ৰৈছে ।

Gunaram Khanikar herbal Museum
অৱহেলিত ড৹ গুণাৰাম খনিকৰৰ বনৌষধি সংগ্ৰহালয় (ETV Bharat)

চৰকাৰৰ অৱহেলা

আয়ুষ মন্ত্ৰালয়ে বনৌষধ আৰু পৰম্পৰাগত চিকিৎসাৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে বহু আঁচনি লৈছে । কিন্তু গুণাৰাম খনিকৰে বহু বছৰ পূৰ্বে লোৱা এই উদ্যোগৰ খবৰ ল'বলৈ আহৰি নাপালে বিভাগটোৱে ।

Gunaram Khanikar herbal Museum
ড৹ গুণাৰাম খনিকৰৰ বনৌষধি সংগ্ৰহালয়ৰ দুৰৱস্থা (ETV Bharat)

এই সম্পৰ্কে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ অমৰেন্দ্ৰ দত্তই কয়, "গুণাৰাম খনিকৰৰ এই বনৌষধি উদ্যানখন ১৯৯৭ চনৰ পৰা দেখি আহিছোঁ । বনৌষধিৰ প্ৰচাৰ-প্ৰসাৰ আৰু চৰ্চাৰ বাবে তেওঁ আগ্ৰহী আছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁ বনৌষধি প্ৰচাৰ আৰু প্ৰসাৰ কৰা মই দেখা পাইছিলোঁ । ইয়াৰ উপৰিও তেওঁ বহু সজাগতা সভা, কিতাপ লিখা, আলোচনী প্ৰকাশ কৰিছিল । কিন্তু তেওঁৰ মৃত্যুৰ পাছত এই বনৌষধি সম্পদটো প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ম্লান পৰি গ'ল । এই সম্পদ সম্প্ৰসাৰণ হৈ থাকিলে অসমৰ ৰাইজৰ বাবে বহু সুবিধা হ'ব ।"

Gunaram Khanikar herbal Museum
জহি-খহি গৈছে ড৹ গুণাৰাম খনিকৰৰ বনৌষধি সংগ্ৰহালয় (ETV Bharat)

তেওঁ লগতে কয়, "যদি চৰকাৰ বা পৰিয়ালৰ লোক বা স্থানীয় কোনো লোকে আগবাঢ়ি আহি এই বনৌষধি উদ্ভিদসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে প্ৰস্তুত কৰা প্ৰণালী শিকি বজাৰত উলিয়াই দিয়ে অসমৰ ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব । অসমতে থকা বিভিন্ন ধৰণৰ উদ্ভিদ কলকাতালৈ নি তাত প্ৰস্তুত কৰি পুনৰ অসমৰ বজাৰত উচ্চ মূল্যত বিক্ৰী কৰে ।"

Gunaram Khanikar herbal Museum
ড৹ গুণাৰাম খনিকৰ বনৌষধিৰ সংগ্ৰহালয় (ETV Bharat)

গুণাৰাম খনিকৰৰ মৃত্যুৰ পাছত তেওঁৰ সকলো সম্পত্তি এটা ট্ৰাষ্টৰ নামত যোৱা সম্পৰ্কে তেওঁ কয়, "পূৰ্বতে টকা আহি আছিল এই সম্পৰ্কে মই অৱগত নহয় । কিন্তু ট্ৰাষ্টলৈ যদি পইচা আহি আছে কিন্তু কোনো ধৰণৰ আলোচনী বা কিতাপ প্ৰকাশ কৰা দেখা নাই ।"

Gunaram Khanikar herbal Museum
ড৹ গুণাৰাম খনিকৰ বনৌষধি সংগ্ৰহালয় (ETV Bharat)

এনেদৰেই এতিয়া বনৌষধিৰ সম্ৰাটৰ সপোনবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ গৈছে । কিন্তু পৰিতাপৰ কথাটো হ'ল চকুৰ সন্মুখত এক সম্পদৰ মৃত্যুমুখী যাত্ৰা দেখিও চৰকাৰে আজিলৈ কোনো পদক্ষেপে নল'লে । যাৰ বাবে সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Gunaram Khanikar herbal Museum
বনৌষধিৰ প্ৰচাৰ আৰু প্ৰসাৰত জড়িত আছিল ড৹ গুণাৰাম খনিকৰ (ETV Bharat)

লগতে পঢ়ক :বনদস্যুৰ কবলৰ পৰা উদ্ধাৰ কৰা এই স্থানে আপোনাৰো মন-মগজু শান্ত কৰিব... - BORJHORA WATERFALL