২০২৫-২৬ৰ মুঠ বাজেট ১৫৫৪২৮ কোটি, ঘাটি ৬২০.২৭ কোটি: ক’ৰ পৰা আহিব বাজেটৰ টকা ?
২০১৫-১৬ বৰ্ষত অসমত মুঠ ঘৰুৱা উৎপাদন আছিল ২,২৭,৯৫৯ কোটি টকা ৷ ২০২৪-২৫ বৰ্ষত অসমত এই পৰিমাণ হৈছেগৈ ৬,৪৩,৬৬৭ কোটি টকা ৷

Published : March 10, 2025 at 8:22 PM IST
গুৱাহাটী : ‘‘য’ত নাৰী শক্তিক সন্মান কৰা হয়, তাত দেৱতাসকলে বাস কৰে ।” এই উক্তিৰে নাৰী শক্তি সবলীকৰণক প্ৰাধান্য দি অসম বিধানসভাৰ মজিয়াত সোমবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এই কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট ।
২০২৫-২৬ বৰ্ষৰ বাবে ৬২০.২৭ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে । আগন্তুক বিত্তীয় বৰ্ষটোৰ বাবে বিত্তমন্ত্ৰী নেওগে দাখিল কৰে মুঠ ১,৫৫,৪২৮.৭৫ কোটি টকাৰ বাজেট ।
AssamBudget2025 lays a comprehensive roadmap to establish Assam as a front runner state and builds upon the gains made over the last few years. Hon’ble Prime Minster Shri @narendramodi Ji’s mantra of Vikas Bhi and Virasat bhi is the foundational premise of this year’s budget.… pic.twitter.com/beSfTnTMrD
— Himanta Biswa Sarma (@himantabiswa) March 10, 2025
বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ বাজেটত ৰাজ্যখনৰ বিভিন্ন শিতানৰ পৰা মুঠ ১৫৫৪২৮.৭৫ কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰে । বাজেটৰ এই মুঠ ধনৰ ১১৭২২৫.৯৭ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ৩৮২০২.৭৮ কোটি টকা মূলধন শিতানত বিত্তমন্ত্ৰীৰ ২০২৫-২৬ বৰ্ষৰ বাজেটত দেখুওৱা হৈছে ।

বছৰটোৰ আৰম্ভণিৰ ঘাটি ২৫৭৪.৯৫ কোটি টকাৰ হিচাপ মন্ত্ৰী নেওগৰ বাজেটত দেখুওৱা হৈছে যদিও ২০২৫-২৬ বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৬২০.২৭ কোটি টকা হ'বগৈ বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে নিজৰ বাজেট ভাষণত উল্লেখ কৰে ।
১) বাজেটৰ টকাবোৰ আহিব ক’ৰ পৰা :
২০২৫-২৬ বৰ্ষৰ ৰাজ্যৰ বাজেটৰ মুঠ আমদানি ধনৰ পৰিমাণ হ’ব ১,৫৫,৪২৮.৭৫ কোটি টকা । বাজেটৰ এই পুঁজি আহিব ক’ৰ পৰা ? ক’ৰ পৰা কেনেকৈ চৰকাৰে সংগ্ৰহ কৰিব ২০১৫-১৬ বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা ১,৫৫,৪২৮.৭৫ কোটি টকা ?
বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰা বাজেটৰ তথ্য অনুসৰি, বিত্তীয় বৰ্ষটোত মুঠ আমদানি হ’ব : ১৫৫৪২৮.৭৫ কোটি টকা ৷ ইয়াৰে
- ৰাজ্যিক কৰৰ পৰা আহিব : ৩৪,৮২৩.০৪ কোটি টকা, মুঠ বাজেটৰ ২২.৪০ শতাংশ ৷
- কৰ বহিৰ্ভূত ৰাজহৰ পৰা আহিব : ৮,৩৬২.২৪ কোটি টকা, মুঠ বাজেটৰ ৫.৩৮ শতাংশ ৷
- কেন্দ্ৰীয় কৰৰ অংশীদাৰ ৰূপে পাব : ৪৪,৪৯৪.০৪ কোটি টকা, মুঠ বাজেটৰ ২৮.৬৩ শতাংশ ৷
- কেন্দ্ৰীয় অনুমোদিত আঁচনিৰ পৰা আহিব : ২৪,৭৫৪.৫৮ কোটি টকা, মুঠ বাজেটৰ ১৫.৯৩ শতাংশ ৷
- বিত্ত আয়োগৰ অনুমোদনৰ পৰা আহিব : ৪,৪৮২.১৮ কোটি টকা, মুঠ বাজেটৰ ২.৮৮ শতাংশ ৷
- ৰাজ্যিক বিধায়িনী অনান্য হস্তান্তৰ/অনুমোদনৰ পৰা আহিব : ৩১০.৮৮ কোটি টকা ।
- ৰাজহুৱা ঋণ গ্ৰহণৰ পৰা আহিব : ৩৬,১৮৫.০০ কোটি টকা, বাজেটৰ মুঠ ২৩.২৮ শতাংশ ।
- ঋণ আদায় আৰু আগতীয়া আদায়ৰ যোগেদি আহিব : ২,০১৭.৭৮ কোটি টকা, মুঠ বাজেটৰ ১.৩০ শতাংশ ।
অৰ্থাৎ, মন কৰিবলগীয়া বিষয় হ’ল, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ

- ২২.৪০ শতাংশ টকা অহাৰ উৎস হ’ব ৰাজ্যিক কৰ ৷
- ২৮.৬৩ শতাংশ টকা অহাৰ উৎস হ’ব কেন্দ্ৰীয় চৰকাৰৰ কৰৰ অংশ ৷
- মুঠ বাজেটৰ ৫১.০৩ শতাংশ আহিব কৰৰ পৰা ৷
- ২৩.২৮ শতাংশ টকা অহাৰ উৎস হ’ব ৰাজহুৱা ঋণ ৷
২) ঘৰুৱা উৎপাদনৰ ৩২ শতাংশতে সীমাবদ্ধ থাকিব ঋণৰ পৰিমাণ :
১০ বছৰতকৈয়ো কম সময়ত অসমৰ বাজেট ব্যয় ২৫০% বৃদ্ধি পোৱা বুলি নিজৰ বাজেট ভাষণত উল্লেখ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে । এয়া দেশৰ বিত্তীয় ইতিহাসত অন্যতম বুলি তেওঁ সদৰী কৰে ।

লগতে, ২০১৫-১৬ বৰ্ষত অসমত মূলধনী ব্যয় আছিল ২৯৫২ কোটি টকা । তাৰ বিপৰীতে, ২০২৪-২৫ বৰ্ষত মূলধনী ব্যয় ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে বুলি বিত্তমন্ত্ৰীগৰাকীৰ উল্লেখ কৰে এইবাৰৰ বাজেটত । ২০১৫-১৬ বৰ্ষৰ তুলনাত এই পৰিমাণ ৮গুণ বৃদ্ধি পাইছে বুলি বাজেট ভাষণত সদৰী কৰে ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দীৰ্ঘম্যাদী বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে অসমৰ ঋণৰ পৰিমাণ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ওপৰত নিৰ্ধাৰণ কৰি ৩২ শতাংশতে সীমাবদ্ধ থাকিব ৷
ইয়াৰ উপৰিও বিত্তমন্ত্ৰী অজন্তা নেওগে বিজিপি চৰকাৰৰ দিনত বিগত ১০ বছৰত অসমৰ অৰ্থনৈতিক বিকাশে নতুন মাত্ৰা লাভ কৰা বুলি উল্লেখ কৰে নিজৰ বাজেট ভাষণত । ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন আৰু জনমুৰি আয় বৃদ্ধি হোৱা বুলি সদৰী কৰে ।
সদনত মন্ত্ৰী নেওগে দিয়া তথ্য অনুসৰি -
ক) ২০১৫-১৬ বৰ্ষত অসমত

- মুঠ ঘৰুৱা উৎপাদন আছিল : ২,২৭,৯৫৯ কোটি টকা
- মুঠ জনমুৰি আয় আছিল : ৬০,৮১৭ কোটি টকা
খ) ২০২৪-২৫ বৰ্ষত অসমত

- মুঠ ঘৰুৱা উৎপাদন হৈছেগৈ : ৬,৪৩,৬৬৭ কোটি টকা
- মুঠ জনমুৰি আয় আছিল : ১,৫৪,২২২ কোটি টকা
বিত্তমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (GDP) তুলনাত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধি পাইছে । বিত্তমন্ত্ৰীৰ বাজেটৰ তথ্য অনুসৰি ২০২৪-২৫ বৰ্ষত দেশা ঘৰুৱা উৎপাদন (GSDP)১৩ শতাংশ বৃদ্ধি পাইছে ।
আনহাতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ২০২৩-২৪ৰ তুলনাত অসমত ঘৰুৱা উৎপাদন (GDP) ১০ শতাংশ বৃদ্ধি পাইছে ৷ অৰ্থাৎ ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ ঘৰুৱা উৎপাদনতকৈ (GDP)৷ অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) ৩ শতাংশ ওপৰত ।
বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগৰ মন্তব্য, “ৰাজ্যৰ জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ বিত্তীয় বোজা আৰোপ নকৰাকৈয়ে বাজেট দাখিল কৰি আমাৰ মুখ্যমন্ত্ৰীয়ে এক মহৎ উদাহৰণ দাঙি ধৰিছে । বিধি কাঠামো (Rule Framework)ৰ সৰলীকৰণ কৰি সকাহ প্ৰদান কৰিছে ।”
লগতে পঢ়ক : বাজেট : নাৰীকেন্দ্ৰিক তিনিখন আঁচনিত ৮৪২৯ কোটি টকা লগতে পঢ়ক : অসম বাজেট ২০২৫-২৬ : অৰুণোদয়ৰ সমপৰ্যায়ৰ হ’ব বিধৱা পেন্সন- বিত্তমন্ত্ৰী - ASSAM BUDGET 2025 26 |

