ETV Bharat / state

ইউডাইছ ক'ড নথকা বিদ্যালয়ৰ প্ৰতি কঠোৰ শিক্ষা বিভাগ : বিপদত পৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয় - UDISE CODE

ইউডাইছ ক'ড নথকা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ । বিপদত পৰিব পাৰে বহুকেইখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ।

Private sector schools
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকি লগাব ৰাজ্য চৰকাৰে ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 20, 2025 at 9:26 PM IST

4 Min Read

গুৱাহাটী : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকি লগাব ৰাজ্য চৰকাৰে ! বিশেষকৈ একাদশ শ্ৰেণীৰ প্রশ্নকাকত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ফাদিল হোৱাৰ তথ্য প্রমাণ লাভ কৰাৰ পাছৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ।

চৰকাৰী বা প্ৰদেশীকৃত বিদ্যালয়সমূহলৈ ব্যক্তিগত খণ্ডৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন নকৰিবলৈ কঠোৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে । এইবাৰ ইউডাইছ ক'ড নথকা বিদ্যালয়ৰ প্ৰতি কঠোৰ হৈছে শিক্ষা বিভাগ ।

Education department strict towards schools without udise cod
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকি লগাব ৰাজ্য চৰকাৰে ! (ETV Bharat)

একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ইতিমধ্যে দৰ্পণ প'ৰ্টেল মুকলি কৰা হৈছে । এই প'ৰ্টেলত নামভৰ্তিৰ সময়ত বিদ্যালয়ৰ ইউডাইছ ক’ড বাধ্যতামূলক কৰাত কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে বিপদ অনিবাৰ্য হৈ পৰিব ।

ৰাজ্য চৰকাৰে ইউডাইছ ক’ড বাধ্যতামূলক কৰাৰ লগে লগে ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ৰ শিক্ষকৰ অৰ্হতাৰ তথ্যও লাভ কৰিব । সমগ্ৰ শিক্ষা অভিযান অসমৰ উপ সঞ্চালক পৰ্যায়ৰ এগৰাকী বিষয়াই জনোৱা মতে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিজ্ঞাপনৰ প্ৰচাৰে মেধাৱী শিক্ষার্থীক আকৰ্ষিত কৰে যদিও বিদ্যালয়সমূহত অহতাসম্পন্ন শিক্ষক নথকাকৈ শিক্ষাদান কৰি আহিছে ।

বিগত বছৰসমূহত এই দর্পণ প'ৰ্টেলত একাদশ শ্ৰেণীৰ নামভৰ্তি কৰাত বিদ্যালয়সমূহে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিল । কিন্তু এইবাৰ প্ৰয়োজন হৈ পৰিছে বিদ্যালয়ৰ নামত থকা ইউডাইছ ক’ড । চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত এই ইউডাইছ ক'ড উপলদ্ধ যদিও বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰায় সংখ্যকতে নাই এই ইউডাইছ ক’ড । যাৰ ফলত শৈক্ষিক অনুমতি নথকা বা অনুমতি থকা ব্যক্তিগত খণ্ডৰ যিবোৰ বিদ্যালয়ৰ ইউডাইছ ক'ড নাই সেই বিদ্যালয়সমূহে একাদশ শ্ৰেণীত নামভৰ্তিৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব লাগিব ।

উল্লেখ্য যে, একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কোনো প্ৰদেশীকৃত বিদ্যালয়ে চৰকাৰে যোগান ধৰা পাঠ্যপুথি, জলপানি সৰকোৱাৰ স্বাৰ্থত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষার্থীক সুবিধা প্রদান কৰি অহা তথ্য পোহৰলৈ আহিছে । ইউডাইছ ক'ডৰ পৰা প্ৰথম দুটা সংখ্যাই ৰাজ্যখনক, দ্বিতীয় দুটা সংখ্যাই জিলা, তাৰ পৰৱৰ্তী সংখ্যা দুটাই শিক্ষাখণ্ডক তাৰ পৰৱৰ্তী তিনিটা সংখ্যাই গাঁও বা নগৰ আৰু শেষৰ দুটা সংখ্যাই বিদ্যালয়ক চিহ্নিত কৰে ।

ইউডাইছ ক'ডৰ জৰিয়তে বিদ্যালয়ৰ নাম অনুসৰি বিতং তথ্য আহৰণ কৰিব পাৰি । ইউডাইছ ক’ড নথকা বিদ্যালয়ৰ তথ্য চৰকাৰে আহৰণ কৰিব নোৱাৰে । যাৰ ফলত এই ক’ড নথকা বিদ্যালয়ত অৰ্হতাসম্পন্ন শিক্ষক আছে নে নাই সেই কথা শিক্ষা বিভাগৰ অৱগত নহয় ।

এনে পৰ্যায়ৰ বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে কাগজে পত্ৰই মাটি আছে এঠাইত আৰু নীতি বহির্ভূতভাৱে আন এঠাইত ভাৰাঘৰত পাঠদান চলোৱাৰ অভিযোগো সময়ে সময়ে উত্থাপন হয় । ইউডাইছ ক’ড নথকাত চৰকাৰেও এনে বিদ্যালয় নিৰীক্ষণ কৰিব নোৱাৰে ।

চৰকাৰী, বেচৰকাৰী খণ্ডৰ সকলো পৰ্যায়ৰ বিদ্যালয়ত শিক্ষকৰ অৰ্হতা মাধ্যমিক পৰ্যায়ত স্নাতক ডিগ্রীসহ বি এড আৰু উচ্চতৰ পৰ্যায়ত স্নাতকোত্তৰ ডিগ্রীসহ বি এড থকাটো বাধ্যতামূলক যদিও বেচৰকাৰী বিদ্যালয়ত তেনে অর্হতা নথকা শিক্ষক একাধিক আছে । চৰকাৰী খণ্ডত এনে অৰ্হতা নথকা শিক্ষক ২০১৪-১৫ চনৰ আগতে নিযুক্তি পোৱাসকলৰ মাজত আছে । কিন্তু তেওঁলোক অভিজ্ঞতা সম্পন্ন ।

২০১৩-১৪ চনৰ পৰা শিক্ষকৰ বাবে বি এড থকাটো বাধ্যতামূলক হৈছে । বি এড অহতা নথকাকৈ চলাই থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তথ্যও ইউডাইছ ক'ডৰ জৰিয়তে ৰাজ্য চৰকাৰে লাভ কৰিব । ইউডাইছ ক’ড বাধ্যতামূলক কৰাৰ ফলত বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিপদত পৰাটো নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক : পুনৰ ২২ এপ্ৰিলত ৯০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে

লগতে পঢ়ক : অসমৰ শিক্ষা খণ্ডৰ উদ্বেগজনক ছবি; এবছৰত অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.