ETV Bharat / state

কাশ্মীৰত আবদ্ধ অসমৰ পৰিয়ালক সুকলমে ঘূৰাই অনাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ - PAHALGAM TERROR ATTACK

মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে, যাতে পৰিয়ালটোক অসমলৈ ঘূৰি অহাত সহায় কৰিব পাৰে ৷

PAHALGAM TERROR ATTACK
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ANI Photo)
author img

By ANI

Published : April 24, 2025 at 11:38 AM IST

3 Min Read

গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কাশ্মীৰ উপত্যকাত আন আন পৰ্যটকসকলৰ সৈতে আবদ্ধ হৈ পৰা অসমৰ এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ পৰিয়ালক অতি সোনকালে ঘূৰাই অনাৰ আশ্বাস প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে, যাতে পৰিয়ালটোক অসমলৈ ঘূৰি অহাত সহায় কৰিব পাৰে ৷

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত এনেদৰে সদৰী কৰে, "মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা পৰা এজন লোকৰ সৈতে কথা পাতিছে আৰু কালি তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতিৰ সম্পূৰ্ণ আভাস লৈছে । ব্যক্তিজনৰ সমগ্ৰ পৰিয়ালটো ঘৰলৈ উভতি অহাৰ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰা হৈছে আৰু অসম চৰকাৰে ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰি পৰিয়ালটোক অতি সোনকালে অসমলৈ ঘূৰাই আনিব ।"

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়তাৰে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ীসকলক “চিকাৰ” কৰা হ’ব ।

শৰ্মাই এক্সত পোষ্ট কৰি কয়, "মোৰ সম্পূৰ্ণ বিশ্বাস যে ভাৰতে আজি পহলগামত সংঘটিত হোৱা ভয়াৱহ আক্ৰমণৰ বাবে দায়ী সেই কাপুৰুষসকলৰ প্ৰতিজনক চিকাৰ কৰিব । এই শোকৰ সময়ত সমগ্ৰ জাতিটোৱে শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।"

নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বুধবাৰে ৰাজ্য প্ৰশাসনক কাশ্মীৰ এৰি ঘৰলৈ যাবলৈ চেষ্টা কৰা পৰ্যটকসকলৰ বাবে শ্ৰীনগৰ আৰু জম্মুৰ মাজত যাতায়াত সূচল কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

তেওঁ কয়, ‘‘কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি লোৱা আৰু বহুতে আহত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উপত্যকা এৰি পৰ্যটকসকল ওলাই যোৱাটো হৃদয়বিদাৰক যদিও বুজা যায় ।’’

তদুপৰি এইক্ষেত্ৰত হ’ব পৰা যান-জঁট সুস্থিৰভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে আবদ্ধ হৈ থকা সকলো বাহন মুক্ত কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে বুলিও তেওঁ কয় ।

আব্দুল্লাই কয়, ‘‘আমি আবদ্ধ হৈ থকা সকলো বাহন মুকলি কৰাৰ বাবেও কঠোৰ পৰিশ্ৰম কৰিছো । আমি এই মুহূৰ্তত বাহনৰ সম্পূৰ্ণ মুক্ত চলাচলৰ অনুমতি দিব নোৱাৰিম যদিও আমি আশা কৰিছো যে সকলোৱে আমাক সহযোগ কৰিব ।’’

জম্মু-কাশ্মীৰ চৰকাৰে মৃত ভুক্তভোগীৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহত হোৱা লোকৰ বাবে ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে ।

২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত এই সন্ত্ৰাসবাদী আক্ৰমণ ইতিহাসৰ অন্যতম বৃহৎ আক্ৰমণ হিচাপে বিবেচিত হৈছে । অৱশ্যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত আহতৰ সংখ্যা চৰকাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা নাই ।

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীক বিচাৰি অভিযান আৰম্ভ কৰে । আক্ৰমণৰ পিছৰে পৰা নিৰাপত্তা অধিক কটকটীয়া হৈ পৰিছে ৷ সাধাৰণতে ব্যস্ত পৰ্যটন অঞ্চলটোৰ ৰাজপথবোৰো জনশূন্য হৈ থকা দেখা গৈছে । এই আক্ৰমণৰ পিছতে বহু সংগঠনে জম্মু বন্ধৰ আহ্বান জনাইছে ।

লগতে পঢ়ক: এইকেইটাই সেইকেইটা দানৱ: পহলগামৰ নৰসংহাৰত জড়িত সন্ত্ৰাসবাদীৰ স্কেচ্চ ৰাজহুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.