ETV Bharat / state

লখিমপুৰৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্রী; সকীয়ালে নীপকোক

সোমবাৰে মুখ্যমন্ত্রীয়ে জিলাখনৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকৰ সমস্যা দূৰ কৰাৰ আশ্বাস দিয়ে ।

Assam CM lakhimpur visit
লখিমপুৰj বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 8:27 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ : সোমবাৰে লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ বানৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্রস্ত লোকৰ সৈতে বাৰ্তালাপ কৰি সহায়ৰ আশ্বাস দিয়ে । আনহাতে, জিলাখনৰ এই দুৰ্যোগৰ হোতা নীপকোৰ প্ৰতিও বানাক্ৰান্ত অঞ্চলৰ পৰাই সকীয়নি দিয়ে মুখ্যমন্ত্রীয়ে ।

লখিমপুৰৰ বানৰ অন্যতম হোতা নীপকোক জবাবদিহি কৰিব মুখ্যমন্ত্রীয়ে

লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্রীৰ নীপকোক সতৰ্কবাণী । নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰঙানদীত এৰি দিয়া পানীয়ে বিধ্বস্ত কৰি তোলে লখিমপুৰৰ বিভিন্ন অঞ্চল । এনে বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

লখিমপুৰৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্রী; সকীয়ালে নীপকোক (ETV Bharat Assam)

পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত কয়, "নীপকোৱে ৰিজাৰ্ভাৰটোৰ পানী বেছি হ'বলৈ দি একেলগে এৰি দিলে জলবোমা হৈ যায় । মই এই বিষয়টো আৰু অলপ ছিৰিয়াছলি পাতিম । ২০১৭-২০১৮ চনতো এনেকুৱা হৈছিল । তেতিয়া মই নিজে আহিছিলো । নীপকোলৈও গৈছিলো । মাজত যোৱা কেইবছৰমান ভালেই আছিল । এইবাৰ পুনৰ তেনে পৰিৱেশ হ'ল । আমি আলোচনা কৰি তাৰ সমাধান উলিয়াবলৈ যত্ন কৰিম ।"

মুখ্যমন্ত্ৰীয়ে নীপকোৰ বিৰুদ্ধে কঠোৰ স্থিতি প্ৰকাশ কৰি লগতে কয়, "এয়াৰপ'ৰ্টত মই নীপকোৰ অফিচাৰখিনিৰ লগত কথা পাতিছো । তেওঁলোকক মই অলপ বেয়াকৈ কৈছো । গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম । যদি নীপকোৰ দোষ আছে তেন্তে আমি নীপকোক জবাবদিহি কৰিম ।"

বানাক্ৰান্তক সহায় আশ্বাস

আনহাতে, বানাক্ৰান্তৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, "লখিমপুৰৰ এই দুৰ্যোগৰ কথা গম পোৱাৰ লগে লগে মন্ত্রী ৰণোজ পেগুক পঠিয়াইছিলোঁ । বিধায়ক মানৱ ডেকাও আহিছিল । আজি মন্ত্রী কেশৱ মহন্ত, পীযুষ হাজৰীকাসহ আমি সকলো আহিছোঁ । আহি গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ ।"

বান সমস্যা সমাধানৰ পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয়, "ইয়াত এটা জান আছে । অকণমান যদি জানটোলৈ পানীখিনি পঠিয়াই দিব পাৰোঁ, তেন্তে মানুহখিনিয়ে হয়তো তাৎক্ষণিকভাবে সকাহ পাব । মই এইটো কৰিবলৈ চেষ্টা কৰিম । কালি-পৰহিৰ পৰা মথাউৰিটো সংযোগ কৰাৰ কাম আৰম্ভ হ'ব । বানপানী হৈ যোৱাৰ পাছত অহা ছেপ্টেম্বৰ মাহৰ পৰা মথাউৰিটো স্থায়ীভাৱে নিৰ্মাণৰ কাম হাতত ল'ম ।"

আনহাতে, বন্যাৰ্তক সহায়ৰ আশ্বাস প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বানত ক্ষতিগ্রস্ত ৰাইজৰ কিতাপ-পত্ৰৰ পৰা পশু-পক্ষী, ঘৰ আদিৰ ক্ষেত্ৰত যিমানখিনি পাৰোঁ আমি ৰাইজক সহায় কৰিম ।"

Assam CM lakhimpur visit
লখিমপুৰত বানাক্ৰান্তৰ সমস্যাৰ বুজ লোৱা অৱস্থাত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে বন্যাৰ্ত ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি লগতে কয়, "ইয়াত যিমানখিনি মানুহৰ ক্ষতি হৈছে সকলো খিলঞ্জীয়া থলুৱা মানুহ । যিমানৰ ক্ষতি হৈছে আমি সকলোকে সহায় কৰিম । বান হোৱাৰ লগে লগে মই ইয়ালৈ আহিছোঁ । টিভিত দেখিয়েই মোৰ বেয়া লাগিছে । সেয়ে মই তিনি-চাৰিজন মন্ত্রীক লগত লৈ ইয়ালৈ আহিছোঁ । দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব । আমি সকলোকে পাৰ্যমানে সহায় কৰিম ।" আনহাতে, ৰঙানদীত অবৈধ খননৰ প্ৰসংগ সাংবাদিকে উত্থাপন কৰাত তেওঁ এই দিশত চকু দিব বুলি কয় ।

উল্লেখ্য যে, সোমবাৰে পুৱাবেলা বিশেষ বিমানেৰে গুৱাহাটীৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি মুখ্যমন্ত্রীয়ে জিলাখনৰ বিশেষকৈ ৰঙানদীৰ বানে ক্ষতি কৰা আমতলা, পাঁচনৈ, বৰবিল আদি এলেকাসমূহ পৰিদৰ্শন কৰি বানৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে একাংশ ক্ষতিগ্ৰস্ত লোকৰ সৈতেও বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ আশ্বাস দিয়ে ।

মুখ্যমন্ত্রীৰ এই বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কালত মন্ত্রী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰীকা, বিধায়ক মানৱ ডেকা, নৱ দলে, অমিয় ভূঞা আদিয়েও সংগ দিয়ে ।

উল্লেখ্য যে, প্ৰকৃতিৰ ৰোষত পৰি ক্ষতিগ্ৰস্ত হোৱা লোকসকলে মুখ্যমন্ত্রীয়ে এনেদৰে অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজক সহায়ৰ আশ্বাস দিয়াত তেওঁৰ শলাগ লয় ।

লগতে পঢ়ক :জেঠুৱা বানত ককবকাইছে উজনি-নামনি; ৰাজ্যৰ ৯ জিলাৰ ৭৬৪ খন গাঁও বানৰ কবলত - ASSAM FLOOD 2025
লগতে পঢ়ক :অস্তিত্বৰ সংকটত বাঘবৰৰ এখন ঐতিহাসিক সত্ৰ: ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম - BRAHMAPUTRA EROSION AT BAGHBAR