গুৱাহাটী: সাংসদ গৌৰৱ গগৈৰ হৈ দেশবাসীৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । কিন্তু অসমৰ কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে এনে কি কাম কৰিলে যাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিবলগীয়া হ'ল ?
মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে দিছপুৰত এক সংবাদমেলত মন্তব্য কৰে যে গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ দেশবাসীৰ ওচৰত তেওঁ লজ্জিত হৈছে । লোকসভা আৰু ৰাজ্যসভাত ইতিমধ্যে গৃহীত হোৱা ৱাকফ বিল অনুমোদন বিতৰ্কত গৌৰৱ গগৈয়ে লোকসভাত আগবঢ়োৱা বক্তব্যক লৈ গগৈৰ সমালোচনাত শুকুৰবাৰে মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
মুছলমান সমাজে পদপথত নামাজ পঢ়া কাৰ্যক সমৰ্থন কৰি সংসদৰ মজিয়াত বক্তব্য আগবঢ়াইছিল সাংসদ গৌৰৱ গগৈয়ে । ইয়াকে লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি কয়, "অসমৰ মুছলমান লোকে ৰাজপথত নামাজ নপঢ়ে । নামাজ পঢ়িবলৈ অসমত সুন্দৰ মছজিদ আছে ৷"
সাংসদ গৌৰৱ গগৈৰ নাম পোনপটীয়াভাৱে এবাৰো উচ্চাৰণ নকৰিলেও তেওঁকেই লক্ষ্য কৰি সংসদত সাংসদগৰাকীয়ে কৰা মন্তব্যত তেওঁ লাজ পোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ক'লে এইদৰে, "ৱাকফ বিল সংশোধনীৰ সময়ত অসমৰ এজন সাংসদে যি মন্তব্য দাঙি ধৰিলে, ৰাস্তাতে নামাজ পঢ়িব দিব লাগে বুলি সাংসদজনে ক'লে ৷ স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই, এটা বিশেষ ধৰ্মৰ মানুহেহে কৰিছিল । সংসদত তেখেতে যিবোৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো, কষ্ট পাইছো ।"
অসমৰ মুছলমানসকলে ৰাস্তাত নামাজ নপঢ়ে বুলি গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমৰ মুছলিম মানুহেও ৰাস্তাত নামাজ পঢ়িব নিবিচাৰে ৷ তেওঁলোকে ধুনীয়া মছজিদ বনাইছে, তেওঁলোকে মছজিদত নামাজ পঢ়ে ৷ কোনেও ৰাস্তাত নামাজ নপঢ়ে । যিটো বস্তু অসমৰ কোনো মুছলমান মানুহেও বিচৰা নাই, তেওঁ তাতকৈয়ো ওপৰলৈ গ'ল ।"
ইয়াৰ উপৰিও, মহাত্মা গান্ধী আৰু অসমৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনা তথা ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গৌৰৱ গগৈৰ সংসদৰ ভাষ্যৰ বাবে ক্ষমা বিচাৰি কয়, "দ্বিতীয়তে তেওঁ এনেকুৱা কৰি দিলে যে স্বাধীনতা সংগ্ৰাম মহাত্মা গান্ধী, গোপীনাথ বৰদলৈ আদিয়ে কৰাই নাছিল ৷ মই নিজে লাজ পাইছো ৷ দেশৰ বিভিন্নজনে মোক ফোন কৰি আছে ৷ অসমৰ পৰা এনেকুৱা মানুহো এম পি হয় নেকি বুলি মোক সুধিছে ? এনেকুৱা বিবৃতিৰ বাবে দেশৰ ওচৰত অসম লজ্জানত হ'বলগীয়া হৈছে । অসমৰ এগৰাকী সাংসদে সংসদত এনেকুৱা বক্তব্য আগবঢ়োৱা বাবে মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো ৷"