অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি : মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া
''বৰ্তমান সময়ত অসমত মুছলমানৰ জনসংখ্যা ৩৯.৫ শতাংশ । মাজুলীটো বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা ।'' এয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ।

Published : October 13, 2025 at 12:05 AM IST
গুৱাহাটী : "জনগাঁথনিগত পৰিৱৰ্তনৰ ভুক্তভোগী হিচাপে অসমৰ লগতে গোটেই ভাৰতবৰ্ষই প্ৰভাৱিত । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰা জনগাঁথনি মিছনৰ উচ্চস্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত নিশ্চিতভাৱে অতি প্ৰয়োজনীয় আৰু বিশেষ ।" - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।
দেওবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে এইদৰে কয় । মুখ্যমন্ত্রীয়ে কয়, "দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা । অসমত মুছলমানৰ জনসংখ্যা ৩৮ শতাংশ পাৰ হৈ গৈছে । পৰৱৰ্তী লোক পিয়লত পোহৰলৈ আহিব এই তথ্য ।''
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আৰু কয়, ''বৰ্তমান সময়ত অসমত মুছলমানৰ জনসংখ্যা হ'ব ৩৯.৫ শতাংশ । আচৰিত হ'ব যে মাজুলীৰ দৰে ঠাইত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে এশ শতাংশ । অসমীয়া মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ এইটো নহয় । আমাৰ দৰে একেই ।''
মুখ্যমন্ত্রী শৰ্মাই কয়, ''মাজুলীৰ দৰে ঠাইতো যদি মুছলমানৰ জনসংখ্যা এশ শতাংশ বৃদ্ধি হয় তাৰ মানে সমস্যা কিমান গভীৰ । যদি অসমত ৪০ শতাংশ মুছলমান বুলি ধৰি লও তেন্তে হিন্দু ৬০ শতাংশ । তেনেহ'লে আজিৰ তাৰিখত অসমত অসমীয়া হিন্দু মানুহৰ সংখ্যা ৪০ শতাংশ হ'ব ।''
তেওঁ লগতে কয়, ''এইবোৰ ২০১১ চনৰ ওপৰত কৰা প্ৰজেক্সন । গতিকে এই বিষয়টো যথেষ্ট চিন্তাৰ বিষ য়। এই বিষয়টো লৈ আমি সকলো চিন্তিত ।"

