ETV Bharat / state

সুস্থ হৈ উঠিছে মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়া

অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে ।

Writer Nagen Saikia
নগেন শইকীয়াৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 8:47 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়া অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন । ১৩ জুলাইৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত স্বাস্থ্য কিছু উন্নত হৈছে বিশিষ্ট সাহিত্যিকগৰাকীৰ । প্ৰস্ৰাৱজনিত ৰোগৰ লগতে বাৰ্ধক্যজনিত কেইবাটাও ৰোগত আক্ৰান্ত বিশিষ্ট সাহিত্যিকগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ তত্বাৱধানত কেইবাজনো জ্যেষ্ঠ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰি আছে ।‌

বিশিষ্ট সাহিত্যিকগৰাকীৰ অসুস্থতাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতেই জাতীয় দল-সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়কেও তেওঁৰ স্বাস্থ্যৰ বুজ লৈছে ।‌ তাৰ মাজতে শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসাধীন সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ সৈতে বাৰ্তালাপ কৰে আৰু সাহিত্যিকগৰাকীৰ বাবে চিকিৎসকসকলক সকলো প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ সুবিধা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন সাহিত্যিক ড৹ নগেন শইকীয়া (ETV Bharat)

সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ড৹ নগেন শইকীয়াক আমি সকলোৱে জানো । তেখেতৰ জাতীয় জীৱনলৈ বিশাল অৱদান আছে । তেখেত কিছু দিনৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।‌ তেখেতৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে অহা সোমবাৰে চিকিৎসকে ছুটী দিব বুলি কৈছে । ভগৱানে তেওঁক দীৰ্ঘায়ু কৰক তাৰে কামনা কৰিছোঁ ।"‌

উল্লেখ্য যে, মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়াই অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিৱেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিৱেশনত সভাপতিত্ব কৰিছিল । তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ লগতে তেওঁ নতুন দৈনিক আৰু আমাৰ অসম কাকতৰ সম্পাদক হিচাপেও সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াইছে । আনহাতে অসমীয়া ভাষা সাহিত্য ক্ষেত্ৰলৈ প্ৰায় শতাধিক মূল্যৱান গ্ৰন্থ, গৱেষণামূলক গ্ৰন্থ আদি ৰচনা কৰাৰ কৰা লগতে বহুতো গৱেষণামূলক গ্ৰন্থ সম্পাদনা কৰিছে ।

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজৰ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ - CM DIBRUGARH VISIT