ৰহস্যঘন হৈ পৰিছে নম্ৰতা বৰাৰ মৃত্যু : মেঘালয়ৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা নম্ৰতাৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰাবলৈ কনৰাড চাংমাক অনুৰোধ অসমৰ মুখ্য়মন্ত্ৰীৰ ।

Published : June 7, 2025 at 5:00 PM IST
গুৱাহাটী : মেঘালয় আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ দ্বাৰা অসমৰ যুৱতী নম্ৰতা বৰাৰ মৃত্যুৰ তদন্ত বিচাৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে অধিবক্তা যুৱতী নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনা । মেঘালয়ৰ নংপোত ৰহস্যজনকভাৱে মৃত্যু হোৱা প্ৰসংগই সমগ্ৰ ৰাজ্য জোঁকাৰিছে । নিশা মেঘালয়লৈ ফুৰিবলৈ যোৱা নম্ৰতাৰ নৈশ প্ৰমোদ ভ্ৰমণৰ সহযাত্ৰী সকলো সোমাই কৰিছে বিতৰ্কৰ আৱৰ্তত ।
নিহত নম্ৰতাৰ সংগী আছিল এআইইউডিএফৰ বিধায়ক হাফিজ বচিৰ কাছিমীৰ ৪০ বছৰীয়া পুত্ৰ আনায়াতুল ৱাদুদৰ নাম ৷ লগতে আছিল মৃগাংক বৰা, গায়ত্ৰী বৰা আৰু প্ৰজ্ঞা দিহিঙিয়া ৷ মেঘালয়ৰ নংপো আৰক্ষীয়ে শুকুৰবাৰৰ নিশা নম্ৰতাৰ নৈশ ভ্ৰমণৰ আটাইকেইগৰাকী সংগীক কেইবাঘণ্টা জুৰি জেৰা চলায় ৷ তাৰ মাজতে এই ঘটনাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হস্তক্ষেপ কামনা কৰি তেওঁক বিশেষভাৱে অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা নম্ৰতাৰ মৃত্যুৰ ঘটনাটোৰ তদন্ত কৰাবলৈ অনুৰোধ জনোৱাৰ কথা সদৰী কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছো ।”
লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, “এ এছ-০১ ই ভি-৯৫৭৮ পঞ্জীয়ন নম্বৰযুক্ত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, আনহাতে আন চাৰিজন সহযাত্ৰীয়ে সামান্য আঘাতহে পায় । নংপো আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে । তথাপি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক ।”
ইপিনে, এই প্ৰসংগত শনিবাৰে নলবাৰীত মুখ্য়মন্ত্ৰীগৰাকীয়ে মন্তব্য় কৰি কয়, "মই ৰাতিপুৱাই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে কথা পাতিছো । তেখেতেক মই অনুৰোধ কৰিছো এজন জ্য়েষ্ঠ তদন্তকাৰী বিষয়াক সমগ্ৰ ঘটনাটোৰ দায়িত্ব দিয়ক । মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত সমগ্ৰ ঘটনাৰ এক আলোচনাৰ পিছত জ্য়েষ্ঠ অভিজ্ঞ বিষয়াক তদন্ত প্ৰক্ৰিয়া অৰ্পণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।"
আনহাতে মেঘালয়ৰ ঘটনা সন্দৰ্ভত গুৱাহাটীতো এক প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰি মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়, "গুৱাহাটীতো আমি এক প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছো অসম আৰক্ষীৰ দ্বাৰা । ইয়াৰ বাবে কেইটামান দিনৰ প্ৰয়োজন হ'ব । যদি এই ঘটনাত কিবা আছে নিশ্চয় আমি ঘটনাটোৰ গুৰিলৈকে যাব পাৰিম ।"

