কংগ্ৰেছৰ নেতাসকলে য'তে মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে : মুখ্যমন্ত্ৰী
''সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব । প্ৰদ্যুৎ বৰদলৈ নিৰাপত্তা বৃদ্ধি কৰা হ'ব ।'' ঘোষণা মুখ্যমন্ত্ৰীৰ ।

Published : April 27, 2025 at 11:39 PM IST
ডিব্ৰুগড় : ''কংগ্ৰেছৰ ওপৰত অসমৰ সংখ্যালঘু ৰাইজ বিতুষ্ট হৈছে । তেওঁলোকে মুকলিকৈ বিজেপি কৰিব নোৱাৰে । সেয়ে কংগ্ৰেছ নেতাসকলে য'তে মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে ।'' এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
তেওঁ লগতে কয়, ''ৰকিবুল হুছেইন ধুবুৰীলৈ যোৱা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে । তাত গ'লে তাতো আক্ৰমণৰ সন্মুখীন হ'ব । সংখ্যালঘু অঞ্চলত কংগ্ৰেছ সাংঘাটিকভাৱে অপ্ৰিয় হৈছে । সেয়ে ক্ষোভ হতাশা গাড়ী ভাঙি প্ৰকাশ কৰিছে ।''
''সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰা সকলৰ ব্যৱস্থা লোৱা হ'ব । প্ৰদ্যুৎ বৰদলৈৰ নিৰাপত্তা বৃদ্ধি কৰিব বিচাৰিছো ।'' মুখ্যমন্ত্ৰী শৰ্মাই কয় ।
উল্লেখ্যে যে, দেওবাৰে ধিঙত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা সময়ত নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই । ঘটনাৰ সময়ত সাংসদ বৰদলৈৰ সৈতে আছিল বট্টদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা । এই ঘটনাৰ পাছতে ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰাক লৈ মুখ্যমন্ত্ৰীয়ে কয়, "মই নিজেই বুজি পোৱা নাই সংখালঘু এলেকাত কংগ্ৰেছৰ কি হৈছে । তাত বিজেপি থাকিব নালাগে । জুৰীয়া, ৰূপহী, ধিং, লাহৰীঘাট, চামগুৰিৰ জনগাঁথনি যদি চাই তেতিয়া দেখিব এইসমূহ ঠাই বিজেপিৰ ভোট বেংক নহয় । বিজেপিৰ তাত বুথ কমিটী এটাও নাই ।"
"কংগ্ৰেছে কৈ থাকে বিজেপিয়ে আমাক আক্ৰমণ কৰিছে । বিজেপিৰ জনপ্ৰিয়তা যদি সেইবোৰ ঠাইত সোমাই গৈছে তেতিয়া হ'লে বৰ সাংঘাটিক কথা হ'ব ।" মুখ্যমন্ত্ৰীয়ে কয় ।
ইফালে ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । সমষ্টিয়ে সমষ্টিয়ে মন্ত্ৰী, সাংসদ আৰু বিধায়কে আৰম্ভ কৰিছে প্ৰচাৰ । ইয়াৰ মাজতে সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

