ETV Bharat / state

নামঘৰতো গৰু মাংস পৰিব নালাগে, মছজিদতো গাহৰি মাংস পৰিব নালাগে: মুখ্যমন্ত্ৰী

গুৱাহাটীৰ মছজিদত গাহৰি মাংস পেলাই থৈ যোৱা দুষ্কৃতিকাৰীক নিশ্চিতভাৱে আটক কৰা হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ৷

PORK MEAT FOUND IN MOSQUE
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 8:15 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : "গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব । এই কামটো বন্ধ হ'ব লাগে । না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে ।" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা মছজিদত গাহৰি মাংস উদ্ধাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়,"গৰুৰ মাংসক দুই এজনে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছিল । হিন্দু মানুহক আঁতৰোৱাৰ কাৰণে গৰু মাংস থৈ দিম, তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব । সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰিৰ মাংসও নালাগে । নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে । অসমখন শান্তি আৰু প্ৰগতিৰ এক মহান স্থান হৈ থাকিব লাগে ।"

মছজিদত গাহৰি মাংস উদ্ধাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat)

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰিৰ মাংস পৰিলেও আন্দোলন হ'ব লাগে ।" মছজিদত গাহৰি মাংস পেলাই থৈ যোৱা দুষ্কৃতিকাৰীক নিশ্চিতভাৱে আটক কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "আমি কাকো আইন অমান্য কৰিবলৈ নিদিও । কিন্তু অসমত বাৰে বাৰে যিবোৰ ঘটনা ঘটি আছে তাৰ বাবে মানুহ বহুত অসন্তুষ্ট হৈ আছে । সেইকাৰণে মই ভাবো কোনো পক্ষই আইন হাতত ল'ব নালাগে ।"

উল্লেখ্য যে গো-মাংসক লৈ ৰাজ্যজুৰি বিতৰ্ক চলি থকাৰ মাজতে গুৱাহাটীৰ মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস । পাঞ্জাবাৰীৰ পুৰাণবস্তিৰ ফখৰুদ্দিন আলী আহমেদ নগৰৰ ঈদগাহ মছজিদ চৌহদত নিশা দুষ্কৃতিকাৰীয়ে দলিয়াই থৈ গৈছিল গাহৰিৰ মাংস । তাৰ পাছতে বিষয়টোৱে ৰাজ্যত এই বিতৰ্ক তীব্ৰতৰ কৰিছে ।

লগতে পঢ়ক :গো-মাংসৰ সলনি এইবাৰ মছজিদত উদ্ধাৰ গাহৰি মাংস - PORK MEAT FOUND IN MOSQUE PREMISES