জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত SIT গঠন
আইক’নিক শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল ৷ এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷

Published : September 24, 2025 at 9:09 PM IST
গুৱাহাটী: হাৰ্টথ্ৰ’ব, শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ৰহস্য আজিও পোহৰলৈ অহা নাই ৷ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ মৃত্যুক সাৱটিছিল শিল্পীগৰাকীয়ে ৷ শিল্পীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি যি বিতৰ্কৰ সূত্ৰপাত ঘটিছিল, সেয়া এতিয়াও অব্যাহত আছে ৷
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ আশ্বাস ইতিমধ্যে ৰাজ্যবাসীক দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে এই গোচৰৰ তদন্ত চি আই ডিক অৰ্পণ কৰা হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বুধবাৰে কয় যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত আইক’নিক শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল(SIT) ৷
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
বুধবাৰে এই তথ্য সামাজিক মাধ্যমত সদৰী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এনেদৰে লিখিছিল, ‘‘আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ । আজি অসমৰ মাননীয় মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু এ ডি জি পি, চি আই ডিৰ সৈতে এখন বৈঠকত মিলিত হওঁ ৷ আৰক্ষী সঞ্চালকপ্ৰধানক অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ । ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব । এছ আই টিৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্ত কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব ।’’
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত অসমবাসীৰ শোক আৰু এই মৃত্যুক কেন্দ্ৰ কৰি উত্থাপন হোৱা উচিত তদন্তৰ দাবীৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আৰক্ষী সঞ্চালকপ্ৰধান (ডি জি পি), অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চি আই ডি), মুখ্য সচিব, আৰু অন্যান্য শীৰ্ষ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীয়ে এছ আই টি গঠনৰ নিৰ্দেশ দি কয় যে তদন্ত সম্পূৰ্ণ পেছাদাৰী সততাৰে কৰিব লাগিব ।
ৰাজধানী দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীলৈ ভিচেৰা নমুনা প্ৰেৰণৰ সিদ্ধান্তৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু বিশ্বাসযোগ্য তদন্ত নিশ্চিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ সম্প্ৰতি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰাত এছ আই টিৰ তথ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।
"অসমৰ হাৰ্টথ্ৰব" হিচাপে পৰিচিত গাৰ্গ আছিল অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম জনপ্ৰিয় কণ্ঠ ৷ কেৱল অসমীয়া আৰু হিন্দী সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সাংস্কৃতিক আইকন হিচাপে লোৱা ভূমিকাৰ বাবেও পৰিচিত আছিল শিল্পীগৰাকী ।
জুবিন গাৰ্গৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৱে সমগ্ৰ ৰাজ্যৰ অনুৰাগীক স্তব্ধ কৰি তুলিছে ৷ সকলোৱে একেমুখে প্ৰকৃত সত্য উন্মোচনৰ ক্ষেত্ৰত কোনো সোপাঢিলা নীতি অৱলম্বন নকৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।
এম পি গুপ্তাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট গঠন
মুখ্যমন্ত্ৰীয়ে দিয়া আশ্বাস অনুসৰিয়েই শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল(SIT) ৷ এই দলটোক নেতৃত্ব দিব আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাই ৷ দহজনীয়া এই দলটোত আছে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া ৷
এম পি গুপ্তাৰ নেতৃত্বত গঠিত এই দলটোত আছে - ৰ’জী কলিতা(এ পি এছ, এছ এছ পি, চি এম ভিজিলেন্স), মৰমী দাস(এ পি এছ, অতিৰিক্ত আৰক্ষী অধীক্ষক, চি আই ডি), লব ডেকা(এ পি এছ, অতিৰিক্ত আৰক্ষী অধীক্ষক, উত্তৰ লখিমপুৰ), তৰুণ গোৱেল(আই পি এছ, চি ডি এছ পি, তিতাবৰ), পৰিমিতা সৰকাৰ(এ পি এছ, ডি ৱাই এছ পি, নগাঁও), চি আই ডিৰ পৰিদৰ্শক ক্ৰমে- ধ্ৰুৱজ্যোতি বৰা, মুক্তাজুৰ ৰহমান আৰু কৃষাণু পাঠক আৰু গিৰেন্দ্ৰ কেওট(উপ পৰিদৰ্শক, চাইবাৰ ক্ৰাইম, ডি আই ডি) ৷
লগতে পঢ়ক: একাংশ জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী: ১৪ জনক আটক, ৪ জনক জেললৈ

