ধুবুৰীত মৌলবাদীৰ ভাবুকিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী; চিকেন নেক অঞ্চলত বাংলাদেশৰ প্ৰভাৱক লৈ মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভাৰতীয় নাগৰিকক বুধবাৰে বাংলাদেশী মৌলবাদী সংগঠনে দিয়া ভাবুকিৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ মন্তব্য প্ৰকাশ কৰিছে ৷

Published : August 21, 2025 at 10:01 PM IST
গুৱাহাটী: ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত লৈ বাংলাদশী মৌলবাদী সংগঠনৰ ভাবুকিক লৈ উদ্বিগ্ন অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সমান্তৰালকৈ 'ভাৰতৰ চিকেন নেক’ ক লৈ উত্তৰ-পূৰ্বাঞ্চলে বিশেষকৈ অসমে সদায়েই এক ভূ-ৰাজনৈতিক দিশত স্পৰ্শকাতৰভাৱে পাৰ কৰিবলগীয়া হৈ আহিছে ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভাৰতীয় নাগৰিকক বুধবাৰে বাংলাদেশী মৌলবাদী সংগঠনে দিয়া ভাবুকিৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ মন্তব্য প্ৰকাশ কৰিছে যে অসম-পশ্চিমবংগৰ মাজৰ বাংলাদেশৰ সমীপৱৰ্তী 'চিকেন নেক' নামেৰে পৰিচিত অতি স্পৰ্শকাতৰ এই অঞ্চলটো সীমান্তৰ সিপাৰৰ পৰা অহা প্ৰভাৱৰ ক্ষেত্ৰত অত্যন্ত স্পৰ্শকাতৰ ।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সমুখত মন্তব্য কৰে যে, তেওঁৰ শেহতীয়া ধুবুৰী ভ্ৰমণৰ সময়ত স্থানীয় লোকসকলক বাংলাদেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা দেৱালৰ লিখনি তেওঁ দেখা পাই আহিছে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, “এই অঞ্চলটো 'চিকেন নেক'ৰ অন্তৰ্গত । বৰ্তমান চিকেন নেকৰ দুয়োফালে বাংলাদেশৰ পৰা অহা লোকৰ বসতি আছে । প্ৰায় ২২ কিলোমিটাৰ দীঘল এই অঞ্চলটো পৰ্যবেক্ষণ কৰিলে দেখা যায় যে এই লোকসকল মূলতঃ ১৯৭১ বা আনকি ১৯৫১ ৰ পূৰ্বে বাংলাদেশৰ পৰা অহা । তেওঁলোক এতিয়া ভাৰতীয় নাগৰিক হ’লেও বাংলাদেশৰ মৌলবাদে সংগঠনে তেওঁলোকক অহৰহ প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিছে যে তেওঁলোক ভাৰতীয় নহয়, প্ৰকৃততে বাংলাদেশৰহে । এইদৰে বাংলাদেশপন্থী মনোভাৱ উৎসাহিত কৰাৰ চেষ্টা কৰা হৈছে, যিটো আগন্তুক দিনবোৰত আমাৰ বাবে গুৰুতৰ সুৰক্ষাৰ ভাবুকি হৈ পৰিব।”

উল্লেখযোগ্য যে , ধুবুৰীৰ সীমান্তবৰ্তী গাঁৱৰ বাসিন্দাসকলে বাংলাদেশৰ জামাত-ই-ইছলামীৰ নামত বাংলাদেশৰ ফোন নম্বৰৰ পৰা ভাবুকি ভৰা ফোন আৰু অডিঅ’ বাৰ্তা পোৱাৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে । জিলাখনৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত লখিমাৰী আৰু বিষখোৱাৰ গাঁৱৰ লোকে আৰক্ষী থানাত গোচৰ তৰা অনুসৰি, বাংলাদেশৰ নম্বৰৰ পৰা অহা এই ভাবুকিসমূহত পুলিচক সহায় কৰিলে 'ভয়ংকৰ পৰিণতি'ৰ ভাবুকি দিয়াৰ লগতে সীমান্ত এলেকাৰ ঘৰবোৰ জ্বলাই দিয়াৰ ভাবুকি দিয়া হৈছে ।
আনহাতে, স্বাধীনতা দিৱসৰ পূৰ্বে গোলকগঞ্জ পুলিচে সীমান্ত এলেকাৰ পৰা এজন যুৱকক বাংলাদেশী ছীম কাৰ্ড আৰু ৰাষ্ট্ৰীয় পতাকাৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল ৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ মৌলবাদীসকলে প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰি অহা চিকেন নেকত থকা লোকসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ ভাৰতৰ প্ৰতি থকা আনুগত্যকলৈও প্ৰশ্ন উত্থাপন কৰে ৷ ১৯৭১ বা ১৯৬১ ৰ আগত বাংলাদেশৰ পৰা অহা এতিয়া ভাৰতীয় নাগৰিক লোকসকলে ভৱিষ্যতে যদি যুদ্ধৰ পৰিৱেশ হয়, তেন্তে তেওঁলোকে কাৰ পক্ষ ল’ব বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, “চিকেন নেকৰ বাংলাদেশী মূলৰ লোকসকলে কাৰ পক্ষ ল’ব সেয়া নিৰ্ভৰ কৰিব তেওঁলোকে কি আদৰ্শ ল’ব তাৰ ওপৰত । এতিয়া একাংশ বাংলাদেশী সংগঠন বহুত সক্ৰিয় হৈ পৰিছে । তেওঁলোকে বাংলাদেশ মূলৰ বৰ্তমান ভাৰতীয় নাগৰিকসকলক অহৰহ মনোজগত সলনি কৰাৰ বাবে লাগি আছে ৷ এই ফোন কল, মেছেজ, দেৱাল লিখন তথা বাংলাদেশৰ লিখনি প্ৰচাৰ আদি আদি তাৰ গেমপ্লে’ৰ অংশ ৷”
লগতে পঢ়ক: ১৮ বছৰৰ ওপৰত কোনো নাগৰিকেই নতুনকৈ নাপাব আধাৰ কাৰ্ড: কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

