গুৱাহাটী : ৰাজ্যৰ ৰাজহ বিভাগৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে শনিবাৰে দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থাক নতুনত্ব প্ৰদান কৰে । সম্পত্তিৰ লেনদেনৰ বাবে ‘‘সম্পত্তিৰ ই-পঞ্জীয়ন’’ অৰ্থাৎ ই-ডীড ব্যৱস্থাৰ প'ৰ্টেল মুকলি কৰা হয় । সেইদৰে ৰাজহ সংক্ৰান্তিয় গোচৰসমূহৰ নিষ্পত্তিৰ বাবে ‘‘ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী’’ (আৰ চি চি এম এছ) প'ৰ্টেল মুকলি কৰা হয় ।
আনহাতে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ আবেদন পত্ৰৰ প'ৰ্টেলো শনিবাৰে মুকলি কৰা হয় । দিছপুৰৰ লোক সেৱা ভৱনত শনিবাৰে এই সেৱা কেইটাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সেৱা কেইটা মুকলি কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ৰাজ্যৰ ৰাজহ বিভাগৰ দুটাকৈ সংস্কাৰ সাধন কৰা হৈছে । সম্পত্তিৰ লেনদেনৰ বাবে ডীড কৰাৰ ব্যৱস্থা মেন্যুৱেলি আছিল । যাৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হয় । বহু সময়ত দলিল হেৰাই যায় । যাৰ বাবে প'ৰ্টেলৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ দ্বাৰা অনলাইনতে ডীড কৰিব পৰা যাব ।’’
‘‘আজিৰ পৰা এটা ডাঙৰ সমস্যাৰ সমাধান হ'ল । আনহাতে ৰাজহ সম্পৰ্কীয় গোচৰ নিষ্পত্তি ব্যৱস্থা আগতে ৰাজহ আদালতত মেন্যুৱেলি আছিল । কিন্তু এতিয়াৰে পৰা প'ৰ্টেলৰ যোগেদি হ'ব । এতিয়া ৰাজহ সম্পৰ্কীয় গোচৰ ঘৰতে বহি পঞ্জীয়ন কৰিব পৰা যাব । গোচৰৰ সিদ্ধান্ত প'ৰ্টেলতে সংৰক্ষিত হ'ব ।" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ আবেদন পত্ৰৰ প'ৰ্টেল সন্দৰ্ভত তেওঁ কয়, "বাজেটত ২ লাখ যুৱকক আত্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ দিয়াৰ ঘোষণা কৰা হৈছিল । সেই অনুসৰি ২৫ হাজাৰ যুৱকক প্ৰথম কিস্তিৰ ধন দিয়া হৈছিল । দ্বিতীয় কিস্তিৰ ধন দিয়া হ'ল ।’’
‘‘আনহাতে আৰু ৭৫ হাজাৰ যুৱকক ২ লাখ টকাকৈ দিয়াৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ বাবে ১.৬২ লাখ যুৱকে পঞ্জীয়ন কৰিছে । এতিয়া প্ৰকল্পকে ধৰি সবিশেষ জনাই তেওঁলোকে আবেদন কৰিব লাগিব । ইয়াৰ বাবে প'ৰ্টেল মুকলি কৰা হৈছে । প'ৰ্টেলত আবেদনৰ বাবে এমাহ সময় থাকিব । এই আবেদনৰ পৰা ৭৫ হাজাৰ যুৱকক বাচনি কৰা হ'ব ।" মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷
আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "বাজেটত দেশৰ বাবে ১০.১ শতাংশ জিডিপি ধাৰ্য কৰা হৈছে । দেশৰ অৰ্থনীতি ১০ শতাংশ আধাৰত বৃদ্ধি হ'ব । উন্নয়নৰ বাবে ১১ লাখ কোটি টকা ঋণ ল'ব । আজিৰ বিকশিত ভাৰতৰ বাজেটে সকলোৰে বাবে এক নতুন শক্তি কঢ়িয়াই আনিছে । যিয়ে অসমৰ বিকাশৰ গতিপথত ইন্ধন যোগাব আৰু আমাৰ উদ্যোগীসকলৰ বাবে এক নতুন গুৰুত্ব প্ৰদান কৰিব ।’’
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত নামৰূপত ১২.৭৫ লাখ মেট্ৰিক টন ইউৰিয়া কাৰখানাৰ ঘোষণা ৰাজ্যৰ বাবে পৰৱৰ্তী বৃহৎ প্ৰকল্প হিচাপে বিবেচিত হ'ব । প্ৰায় ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নতুন সাৰ কাৰখান নিৰ্মাণ কৰা হ'ব ।’’
‘‘বাজেটত ৰাজ্যসমূহত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ বছৰীয়া সুতমুক্ত ঋণৰ ৰূপত ১.৫ লাখ কোটি টকা আবণ্টন কৰা হৈছে । আমাৰ ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যোগীসকলক দেশৰ অৰ্থনীতিৰ বিকাশৰ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰাত কেন্দ্ৰীয় বাজেটে এক স্পষ্ট বার্তা প্ৰেৰণ কৰিছে । ১২ লাখ টকালৈকে আয়কৰ ৰেহাই অসম আৰু সমগ্ৰ দেশৰ মধ্যবিত্তৰ বাবে এক উৎকৃষ্ট খবৰ ।" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷
উল্লেখ্য যে, শনিবাৰে আয়োজিত এই সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত থাকে ।