'৪২ ৰ ২০ আগষ্টত ত্ৰিৰংগা পতাকা উৰা অসমৰ বিশেষ থানাখন এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ
ঐতিহাসিক চতিয়া থানাৰ নতুন ৰূপ । মুখ্যমন্ত্ৰীয়ে কৰিলে শিলান্যাস ।

Published : August 21, 2025 at 3:01 PM IST
তেজপুৰ: চতিয়া থানা, যাৰ সৈতে জড়িত আছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সোণালী অতীত ৷ সেই সোণালী অতীতক চিৰযুগমীয়া কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক চতিয়া থানাত স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত এই থানাৰ এলেকা সংৰক্ষণৰ বাবে শিলান্যাস কৰে ।
মুঠ ৪০৬০ বৰ্গ মিটাৰ সীমাৰ এলেকাত থকা থানাখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে গঢ়ি তুলিবলৈ নতুনকৈ নিৰ্মাণ কৰা হ’ব । ইতিমধ্যে পুৰাতত্ত্ব বিভাগে সংৰক্ষণ কৰি ৰাখিছে থানাখনৰ চৌহদ ।
বুধবাৰে প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে উদযাপন কৰা চতিয়া দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘চতিয়াৰ ৰাইজে সেই সময়ত দেখুৱাই দিয়া সাহসী কৰ্মৰাজি অসমৰ বুৰঞ্জীৰ পাতত লিখা আছে । বিগত সময়ছোৱাত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই বিধানসভাৰ মজিয়াত এই বিষয়ে বিস্তৃতভাৱে দাঙি ধৰে ৷ বিধানসভাৰ মজিয়াত তিনিঘণ্টা ধৰি আলোচনা কৰাৰ পিছত চতিয়া দিৱস উদযাপন কৰাৰ বিষয়ে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে ৷’’
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘গহপুৰ আৰু ঢেকীয়াজুলিত বহু স্বাধীনতা সেনানী শ্বহীদ হৈছিল । অসমৰ সেই শ্বহীদসকলক আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷" আনহাতে ১৯৪২ চনৰ ঘটনাৰ আধাৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ বিষয়েও তেওঁ অৱগত কৰে ।’’

এতিয়া জানো আহক চতিয়া থানাৰ বিশেষত্বৰ বিষয়ে :
বৰ্তমান শোণিতপুৰ জিলাৰ এখন ঐতিহাসিক থানা । ঐতিহাসিক চতিয়া থানা সেই সময়ৰ অবিভক্ত দৰং জিলা আৰু পৰৱৰ্তী সময়ত অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত চতিয়া বিধানসভা সমষ্টিৰ তিনিখন থানা আৰু দুখন আৰক্ষী চকীৰ ভিতৰত এখন অন্যতম থানা । ব্ৰিটিছ শাসনৰ সময়ত এই থানা ব্ৰিটিছ পুলিচৰ দ্বাৰা পৰিচালিত হৈছিল ।
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ১৯৪২ চনৰ ২০ আগষ্টত অসমৰ দৰং জিলাৰ চতিয়া থানাত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছিল । এই অনুষ্ঠানটোক পৰৱৰ্তী সময়ত "চতিয়া দিৱস" হিচাপে উদযাপন কৰা হয় ।

চতিয়াত ব্ৰিটিছৰ গোলামী পতাকা ইউনিয়ন জেক নমাই চৰকাৰী কাৰ্যালয়ত ত্ৰিৰংগা পতাকা প্ৰথমবাৰৰ বাবে উত্তোলন কৰা বুলি বিবেচিত হয় । সেই সময়ত চতিয়া থানাৰ আৰক্ষীয়ে কোনো বাধা প্ৰদান আৰু কোনো হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ দিয়া নাছিল বুলি জনা যায় ।
থানাৰ অফিচাৰ ইন-চার্জ হলীৰাম ডেকা আৰু উপ-পৰিদৰ্শক ডিমাছাদ দাসৰ সক্ৰিয় সহযোগিতাত চতিয়াৰ স্বাধীনতা সেনানীসকলৰ নেতৃত্ব দিয়া গোলোক শইকীয়াই প্ৰথম পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিল ।
পতাকা উত্তোলনৰ পৰামৰ্শ :
স্বাধীনতা আন্দোলনত ভাগ লোৱা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ আগৰৱালাৰ পৰামৰ্শ অনুসৰি ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো থানাতে ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ এক বিশেষ পৰিকল্পনা কৰা হয় । সেইবাবে স্বাধীনতা সংগ্ৰামী লোকনায়ক অমিও কুমাৰ দাসে তেজপুৰত, তেজপুৰ কংগ্ৰেছ কমিটীৰ এখন বৈঠকৰ আয়োজন কৰিছিল ।

সেই সময়ছোৱাত ৰাজ্যত কংগ্ৰেছৰ সকলো বিশিষ্ট নেতাক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল । একমাত্ৰ শাৰীৰিক অসুস্থতাৰ বাবে গ্ৰেপ্তাৰ নহ’ল অমিও কুমাৰ দাস । পৰৱৰ্তী সময়ত বিজয় চন্দ্ৰ ভাগৱতী, বিমান চন্দ্ৰ বৰা আৰু কংগ্ৰেছৰ আৰু বাৰজন সদস্যৰ উপস্থিতিত তেজপুৰত অনুষ্ঠিত হোৱা বৈঠকত চতিয়া থানাত পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু সেইটো সম্পন্ন কৰাৰ দায়িত্ব বিমান চন্দ্ৰ বৰাক অৰ্পণ কৰা হয় । বিমান চন্দ্ৰ বৰাই তেজপুৰৰ পৰা গৈ চতিয়াত উপস্থিত হৈ অঞ্চলৰ বহু বিশিষ্ট নেতাক আলোচনাৰ বিষয়ে বিতংভাৱে অৱগত কৰে ।
১৯৪২ চনৰ ১১ আগষ্টত চতিয়াৰ কচাড়ী গাঁৱৰ নামঘৰত অনুষ্ঠিত সাধাৰণ সভাত ভাষণ প্ৰদান কৰি স্বাধীনতা আন্দোলনৰ প্ৰতি মানুহক উচটনি দিয়াৰ অপৰাধত বিজয় চন্দ্ৰ ভাগৱতী আৰু কামাখ্যা প্ৰসাদ ত্ৰিপাঠীক প্ৰশাসনে গ্ৰেপ্তাৰ কৰে । অৱশ্যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিকল্পনা অনুসৰি ২০ ছেপ্টেম্বৰত পতাকা উত্তোলন কৰিব লাগিছিল । কিন্তু সাংগঠনিক শক্তিৰ বাবে চতিয়াবাসীয়ে নিৰ্ধাৰিত সময়ৰ এমাহ আগতেই সেই কামটো সম্পন্ন কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিল ।
ইয়াৰ বাবে চতিয়া হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি কাম কৰি আছিল । একেদৰে বিহালি হাইস্কুলৰ শিক্ষক পদৰ পৰা পদত্যাগ কৰাৰ পিছত ডিম্বেশ্বৰ হাজৰিকা, তৃণায়ণ বৰকতিয়ে আন্দোলনত জপিয়াই পৰে ।

কোনে উত্তোলন কৰিলে পতাকা :
১৯৪২ চনৰ ২০ আগষ্টৰ অভিযানৰ বাবে প্ৰস্তুতি চলাবলৈ সাধাৰণ মানুহক আৰু সজাগ কৰি তুলিবলৈ বহুতো বৈঠক, আলোচনা আৰু সভাৰ আয়োজন কৰা হৈছিল । ২০ আগষ্টৰ দিনা হাইস্কুলৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত কছাৰীগাঁও , হাজাৰিমল, বাৰভূঞা, ৰে’লপথ, চৰাইজনীয়া, চিকিৎসালয় পথ, মৰনৈ নদীৰ পাৰৰ মাজেৰে বিশাল শান্তিপূৰ্ণভাৱে পদযাত্ৰা কৰি চতিয়াত ৰাইজে থানা অৱৰোধ কৰি শান্তিপূৰ্ণভাৱে ত্ৰিৰংগ পতাকা উত্তোলন কৰে গোলোক শইকীয়াৰ লগতে চেনিধৰ দাস, দেৱেন্দ্ৰনাথ শৰ্মাই ।
বিভিন্ন ঠাইত গুলীচালনা সংঘটিত হৈছিল যদিও চতিয়াত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি বৰ্তমান চতিয়াৰ সেই ঐতিহাসিকভাৱে সংৰক্ষণ কৰা থানাৰ এক বিশেষ স্থানত অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা লিখিতভাৱে ৰখা হৈছে । বৰ্তমান এই ঐতিহাসিক চতিয়া থানা পুৰাতত্ত্ব বিভাগৰ অধীনত আছে ।
অভিযানত অংশগ্ৰহণ :
এই অভিযানত চতিয়া, নাগশংকৰ, জামুগুৰিহাট, বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় তিনি হাজাৰ লোক উপস্থিত হৈছিল । এই শোভাযাত্ৰাত সমাজৰ প্ৰতিটো শ্ৰেণীৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, কৃষক, শ্ৰমিক, যুৱক-যুৱতী, মহিলা, ব্যৱসায়ী আদি লোকে অংশগ্ৰহণ কৰে ।

হাজাৰ হাজাৰ লোকে শ্লোগান দি চিঞৰি হাতত প্ৰায় দুশ পতাকা, পাঁচখন শান্তিৰ পতাকা (বগা) লৈ ফুৰিছিল । থানা হস্তক্ষেপৰ পাছত বিমান চন্দ্ৰ বৰাৰ অধ্যক্ষতাত থানা চৌহদত এখন সাধাৰণ সভা অনুষ্ঠিত হয় । শোভাযাত্ৰাৰ নেতৃত্ব লোৱা বলোৰাম বৰমুদৈ আৰু ডিম্বেশ্বৰ হাজৰিকা, স্বৰ্ণপ্ৰভা মহন্তই হাতত বিশাল পতাকা লৈ আগবাঢ়ি যায় আৰু ছাত্ৰ-ছাত্ৰীসকলে হাতেৰে নিৰ্মিত কাগজৰ পতাকা কঢ়িয়াই লৈ ফুৰে ।
সেই নিশাই আৰক্ষীৰ ওচৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ অভিযোগত ব্ৰিটিছ প্ৰশাসনে বিমান চন্দ্ৰ বৰা, ডিম্বেশ্বৰ হাজৰিকা, মহেন্দ্ৰ বৰকটকী, বীৰেণ বৰকটকী, বেনুধৰ হাজৰিকা, চন্দ্ৰনাথ বৰা, চেনিধৰ দাস, বলোৰাম বৰমুদৈ, দেৱেন্দ্ৰনাথ শৰ্মা, পুৱাল বৰুৱাক গ্ৰেপ্তাৰ কৰে ষ্টেচন চৌহদত । চতিয়াবাসীৰ বাবে এক আনন্দৰ দিন আজি, কিয়নো সুদীৰ্ঘ সময়ৰ পাছত সেই স্বাধীনতাৰ সোৱাদ যেন পুনৰ সকলোৱে একেলগে উদযাপন কৰিবলৈ সুবিধা লাভ কৰিলে ।

