৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
বছৰজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্ম জয়ন্তী পালনৰ সিদ্ধান্ত চৰকাৰৰ । সেয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক নিমন্ত্রণ জনালে মুখ্যমন্ত্ৰীয়ে ।

Published : April 19, 2025 at 4:45 PM IST
গুৱাহাটী: শনিবাৰে দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ড৹ ভূপেন হাজৰিকাৰ জন্ম-জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণিৰ অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক নিমন্ত্রণ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
অহা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ বছৰজোৰা জন্ম-জয়ন্তী পালন অনুষ্ঠানলৈ আহিব বুলি নিশ্চিতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰিছে এই তথ্য ৷
“সুধাকণ্ঠৰ জন্ম-জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে ৫,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোডৰ লগতে মঙলদৈ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রী মোদীয়ে।”
It was my privilege to meet Hon’ble Prime Minister Shri @narendramodi ji in New Delhi today.
— Himanta Biswa Sarma (@himantabiswa) April 19, 2025
I had the honour of inviting him to Assam as the Chief Guest for the inaugural ceremony of the year-long celebration of Bharat Ratna Dr. Bhupen Hazarika’s birth centenary.
I also took… pic.twitter.com/v6BFxvybFa
শনিবাৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যম Xত উল্লেখ কৰিছে, “ ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা উদযাপনৰ উদ্বোধনী অনুষ্ঠানত তেওঁক মুখ্য অতিথি হিচাপে অসমলৈ নিমন্ত্ৰণ কৰাৰ গৌৰৱ লাভ কৰিলো ।”
”লগতে, ৩০০ কে টি পি এ বাঁহক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি ৪৯ কে টি পি এ ইথানল উৎপাদন ক্ষমতাৰে অসম বায়’-ইথানল প্লাণ্ট উদ্বোধনৰ বাবে তেওঁৰ সদয় উপস্থিতিৰ বাবে অনুৰোধ জনালো ।” এই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “ইয়াৰ উপৰিও ৫,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং মেডিকেল কলেজ আৰু হাস্পতাল - দুটা প্ৰধান আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈও অনুৰোধ জনালো ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বছৰৰ ৮ ছেপ্টেম্বৰত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ শোভা বঢ়াবলৈ সন্মত হৈছে। অৰ্থাৎ ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
উল্লেখ্য় যে সৰ্বকালৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া গণশিল্পী ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । যোৱা ১৩ এপ্ৰিলত হোৱা অসম চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই অনুসৰি ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী এই বৰ্ষৰ ৮ ছেপ্টেম্বৰত আৰম্ভ হৈ ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত সামৰণি পৰিব ।
আনহাতে, ২০২৬ৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত অসমত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰীৰ অসম আগমনে অসমত যে নিৰ্বাচনী বতাহ বলাব সেয়া সহজেই অনুমেয় ।

