ETV Bharat / state

অসমত বিজেপিৰ বিকাশৰ তাণ্ডৱ চলিছে: মুখ্যমন্ত্ৰী

Basistha Junction flyover: বশিষ্ঠ চাৰিআলিৰ জংচন উৰণ সেতু আৰু জয়ানগৰ আণ্ডাৰপাছ বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে । ৰাজ্যখনত বিজেপিৰ বিকাশৰ তাণ্ডৱ চলি থকা বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

Guwahati 6 lane Highway
অসমত বিজেপিৰ বিকাশৰ তাণ্ডৱ চলিছে
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 5:15 PM IST

2 Min Read
Choose ETV Bharat
অসমত বিজেপিৰ বিকাশৰ তাণ্ডৱ চলিছে

গুৱাহাটী, ১৪ মাৰ্চ: বিজেপি চৰকাৰৰ শাসনত অসমত বিকাশৰ তাণ্ডৱ চলিছে । শিৱই যেনেকৈ তাণ্ডৱ কৰে তেনেদৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত বিকাশৰ তাণ্ডৱ চলিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰা বশিষ্ঠ চাৰিআলিৰ জংচন উৰণ সেতু আৰু জয়ানগৰ আণ্ডাৰ বৃহস্পতিবাৰে মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শিলচৰৰ পৰা গুৱাহাটী হৈ শ্ৰীৰামপুৰলৈ ইষ্ট ৱেষ্ট কৰিডৰৰ ঘাইপথটো নিৰ্মাণ কৰি আছে । প্ৰথমে গুৱাহাটীৰ মাজেৰে যোৱা বাইপাছ পথটো চাৰিলেনযুক্ত আছিল ।

পৰৱৰ্তী সময়ত খানপাৰাৰ পৰা জালুকবাৰীলৈ গুৱাহাটীৰ মাজেৰে যোৱা বাইপাছ পথটো ছয়লেনযুক্ত কৰা‌ৰ সিদ্ধান্ত গ্ৰহণ কৰা‌ হয় ।‌ সেইমতে খানপাৰাৰ পৰা জালুকবাৰীলৈ গুৱাহাটীৰ মাজেৰে যোৱা বাইপাছ পথটোত ব্যয় ৪৪৩ কোটি নিৰ্ধাৰণ কৰি গড়চুক, বৰাগাঁও, লখৰা আৰু বশিষ্ঠ চাৰিআলিত ৪ খন উৰণ সেতু নিৰ্মাণ কৰি পথটো ছয়লেনযুক্ত কৰা‌ হৈছে । ইতিমধ্যে গড়চুক, বৰাগাঁও, লখৰা উৰণ সেতুৰে বাহনৰ চলাচল অব্যাহত আছে ।

তেওঁ কয় যে এই পথছোৱা ৬ মাহ আগতে নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ল । এতিয়াৰ পৰা অহা ১০ বছৰলৈ‌ গুৱাহাটীত যানজঁট নহয়‌ বুলিও তেওঁ দাবী‌ কৰে । তেওঁ কয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমত দুটা অতি ভাল‌ কাম কৰি আছে । এটা হ'ল ৫৭৩০ কোটি টকা খৰচ কৰি গুৱাহাটী ৰিং ৰোড আৰু কলিয়াবৰ আৰু নুমলীগড়ক সংযোগ কৰি ৫৫০০ কোটি‌ টকাৰ চাৰিলেনযুক্ত ঘাইপথ । এই কামৰ যাৱতীয় সকলো অনুমোদন‌ হৈছে বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত সাংসদ কুইন ওজা, সাংসদ‌ পবিত্ৰ মাৰ্ঘেৰিটা আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি কেইবাগৰাকী নেতা আৰু দলীয় কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক :কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্রীয়ে ?