ETV Bharat / state

মই মৰিলে এইটো গানেই বাজিব কিন্তু... ! এই কথাখিনিয়ে মূক কৰি পেলাইছে মুখ্যমন্ত্ৰীক

জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ চমজি ল'বলৈ বিশেষ বিমানেৰে দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ।

Assam CM Himanta Biswa Sarma's emotional post before fly to Delhi
জুবিনবিনে যেন আধৰুৱা হৈ পৰিছে অসমখন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 6:01 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আৰু কিমান অপেক্ষা কৰিব ! কিমান আৰু পদূলিলৈ চাব ! ঘৰৰ ল'ৰাটো কেতিয়া আহি পাবহি আপোন ঘৰখনত ! জুবিন বিনে যেন আধৰুৱা হৈ পৰিছে অসমখন !

একে ঠাইত এখন্তেকো শান্তিৰে বহি নথকা শিশুসুলভ মনৰ গৰাকী সেই জুবিন আজি এটা কফিনৰ মাজত কেনেকৈ বাৰু শুই আছে ! কাৰো বেয়া চিন্তা নকৰা, সদায় নিজতকৈ আনক আগত ৰখা জুবিনৰ আত্মাই চাগে আজি কান্দিছিল- যেতিয়া তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত চিৰাচিৰ কৰি পেলোৱা হৈছিল শৰীৰ !

অসমৰ মুখ্য়মন্ত্ৰীয়ে উল্লেখ কৰা মতে, ইতিমধ্যে ছিংগাপুৰত সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা । আজি ৰাতিৰ ভিতৰত ছিংগাপুৰৰ পৰা দিল্লী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ কঢ়িয়াই অনা বিমান ৷ । যাৰ বাবে শনিবাৰে বিয়লি বিশেষ বিমানযোগে গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । লগত গৈছে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা ৷

মুখ্যমন্ত্ৰীয়ে দিল্লী বিমান বন্দৰত আনুষ্ঠানিকভাৱে চমজি ল'ব কৰিব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰটো । তাতে তেওঁ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই বিশেষ বিমানৰ জৰিয়তে অসমলৈ আনিব ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰা মতে, অসমীয়াৰ আবেগ, অসমৰ গৌৰৱ জুবিন গাৰ্গৰ নশ্বৰদেহ দিল্লী আহি পোৱাৰ লগে লগে এঘণ্টাৰ ভিতৰতে গুৱাহাটীলৈ লৈ অহা হ'ব । গুৱাহাটীলৈ অনাৰ পাছত প্ৰথমে কাহিলিপাৰাৰ বাসগৃহত পৰিয়ালৰ লোকৰ কাষত ৰখা হ'ব । তাৰ পাছত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি নিবেদনৰ বাবে সৰুসজাইত ৰখা হ'ব ।

দিল্লীলৈ উৰা মৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত এটা আবেগিক পোষ্ট কৰে । তেওঁ যেতিয়া দিল্লীলৈ উৰা মাৰিবলৈ গুৱাহাটী বিমান বন্দৰ অভিমুখে গৈ আছিল, তেতিয়া তেওঁ জুবিন গাৰ্গৰ মায়াবিনী গীতটোৰ এটা ক্লিপ বাৰে বাৰে চাইছিল ।

''মই মৰিলে এইটো গানেই বাজিব কিন্তু...'' এই কথাখিনি শুনি মূক হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী ।

লগতে পঢ়ক : মায়াবিনী ৰাতিৰ বুকুত হেৰাই গ'ল জুবিন; শোকৰ বন্য়া

লগতে পঢ়ক : প্ৰাণৰ শিল্পীগৰাকী আৰু নাই, বৈছে চকুলোৰ নৈ

লগতে পঢ়ক : যুৱ প্ৰজন্মৰ মন সাগৰত জোৱাৰ তুলি গুচি গ'ল জুবিন

লগতে পঢ়ক : মই মৰিলে এইটো গানেই বাজিব কিন্তু...