ডিব্ৰুগড় : মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাতে ডিব্ৰুগড়ৰ সচিবালয়ত আজি অনুষ্ঠিত হ'ব কেবিনেট বৈঠক । এই কেবিনেট বৈঠকত অসম চৰকাৰৰ সকলো মন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে । ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটক লৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিষয়াসকলে । আজি বিয়লি ডিব্ৰুগড়ত উপস্থিত হ'ব মুখ্যমন্ত্ৰী । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত বিয়লি ৪ বজাত অসম চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ।
আজিৰ কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে । কিয়নো সমাগত পঞ্চায়ত নিৰ্বাচন । পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমৰ ৰাইজৰ বাবে ল'ব পাৰে বুলি চৰ্চা চলিছে । ডিব্ৰুগড়ৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে কেবিনেট বৈঠকৰ প্ৰস্তুতি তদাৰক কৰিছে । মন্ত্ৰী গৰাকীয়ে কয়, "কেবিনেটত কি বিষয় আলোচনা হ'ব সেই কথা পূৰ্বে ক'ব পৰা নাযায় যদিও এটা যোগাত্মক চিন্তাক লৈ কেবিনেট অনুষ্ঠিত হ'ব । এই বৈঠকৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ সকলো বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰিব । ফলত উন্নয়নমূলক কাম-কাজসমূহ সফল হোৱাত সহজ হৈ উঠিব ।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ মাইজানত থকা জলসম্পদ বিভাগৰ অতিথিশালাটো নিৰ্মাণ কৰি উলিওৱা হৈছে অসম সচিবালয় হিচাপে । উজনি অসমৰ ৯খন জিলাৰ কাম-কাজ দ্ৰুত গতিত কৰি তোলাৰ বাবে ডিব্ৰুগড় মুখ্যমন্ত্ৰীৰ সচিবালয় পৰা কাম-কাজ তদাৰক কৰিছে মুখ্যমন্ত্ৰীয়ে । তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লক্ষীমপুৰ, মাজুলী, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে কৰি প্ৰায় ৯ খন জিলাৰ কামকাজ তদাৰক কৰা হৈছে ডিব্ৰুগড়ৰ সচিবালয়ৰ পৰা । আজি মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ সময়ত এই ৯ খন জিলাৰ উন্নয়ন তদাৰক কৰিব মুখ্যমন্ত্ৰীয়ে ।
ডিব্ৰুগড় ভ্ৰমণত কি কি কাৰ্যসূচী থাকিব মুখ্যমন্ত্ৰীৰ: চাৰিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়লৈ অহা মুখ্যমন্ত্ৰীয়ে আজি চাৰি বজাত ডিব্ৰুগড় সচিবালয়ত কেবিনেটত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছতে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে । 21 আৰু 22 তাৰিখে ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানীৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছতে তিনিচুকীয়া ডিমৌ, ধেমাজি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। প্ৰতিটো বিধানসভা সমষ্টিৰ পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব পৃথকে পৃথকে ।
23 মাৰ্চ তাৰিখে ডিব্ৰুগড়ত নিৰ্মাণ হৈ থকা বিধানসভা ভৱনৰ বিধায়ক আৱাস পৰিদৰ্শন কৰিব । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ লেপেটকটাত থকা বি চি পি এল পৰিদৰ্শন কৰিব ।
লগতে পঢ়ক: এক লাখ ২২ হাজাৰ কোটি টকাৰ ২৪০ খন বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন