উৰিয়ামঘাটৰ প্ৰস্তাৱিত উচ্ছেদস্থলী পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে
ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে উৰিয়ামঘাটৰ সীমান্তত উপস্থিত হ'ব মুখ্যমন্ত্ৰী । প্ৰস্তাৱিত উচ্ছেদস্থলী পৰিদৰ্শন কৰিব ।

Published : July 24, 2025 at 7:49 PM IST
সৰুপথাৰ : এইবাৰ উচ্ছেদ চলিব গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ সীমান্তত ! ইতিমধ্যে বন বিভাগে বেদখলকাৰীক জাননী জাৰি কৰিছে । বন বিভাগৰ জাননী লাভ কৰাৰ পিছতে ১০০০ ৰো অধিক পৰিয়ালে শান্তিপূৰ্ণভাৱে ৰেংমা বনাঞ্চল ত্যাগ কৰিছে । প্ৰশাসনেও উচ্ছেদৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । তাৰ মাজতে শুকুৰবাৰে উৰিয়ামঘাটৰ প্ৰস্তাৱিত উচ্ছেদস্থলী পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সমগ্ৰ অঞ্চল পৰ্যৱেক্ষণৰ পিছতে উচ্ছেদৰ পৰৱৰ্তী নিৰ্দেশ প্ৰদান কৰা হ'ব ।
উৰিয়ামঘাটৰ কেইবাটাও স্থানত হ'বলগীয়া উচ্ছেদৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীয়ে নিজেই উপস্থিত হ'ব সীমান্তত । ইতিমধ্যে বন বিভাগে উৰিয়ামঘাটৰ সীমান্তত ১১,০০০ বিঘা ভূমি জৰীপ কৰিছে বুলি জনাইছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ।
উল্লেখ্য যে উচ্ছেদৰ জাননী পোৱাৰ পিছৰে পৰা শ শ সৰু-বৰ মালবাহী ট্ৰাকেৰে উৰিয়ামঘাট সীমান্তৰ পৰা ৰাওনা হৈছে বেদখলকাৰী । নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰৰ পৰা অহা মালবাহী ট্ৰাকত বয়-বস্তু কঢ়িয়াই বেদখলকাৰী উভতিছে । ইতিমধ্যে ১০০০ খন সৰু-বৰ বাহন পঞ্জীয়ন হৈছে উৰিয়ামঘাট আৰক্ষীৰ থানাত । সৰু মালবাহী ট্ৰাকসমূহে ৮ ৰ পৰা ১২ হাজাৰ টকালৈকে লৈছে ভাড়া । ডাঙৰ মালবাহী ট্ৰাকৰ ভাড়া ১৫ৰ পৰা ২৫ হাজাৰ টকা । যিয়ে যেনেকৈ পাৰে ঘৰৰ সামগ্ৰীসমূহ লৈ এৰিছে সীমান্ত । কিন্তু এই উচ্ছেদৰ মাজতেই লাভান্বিত হৈছে মালবাহী গাড়ীৰ মালিক ।
ইফালে মুখ্যমন্ত্ৰীৰ সীমান্ত ভ্ৰমণ সন্দৰ্ভত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয়, "মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কাইলৈ উৰিয়ামঘাটৰ বিদ্যাপুৰত আহি উপস্থিত হ'ব । সীমান্তৰ প্ৰস্তাৱিত উচ্ছেদ অভিযানৰ স্থানসমূহ নিজেই পৰ্যালোচনা কৰিবলৈ বিদ্যাপুৰত উপস্থিত হ'ব । মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে উৰিয়ামঘাটত আহি ১২:৩০ বজাত উপস্থিত হ'ব ।"
বিধায়কগৰাকীয়ে লগতে কয়, "ইতিমধ্যে এই অঞ্চলৰ যিসকলে বন বিভাগৰ পৰা জাননী লাভ কৰিছে তেওঁলোক শান্তিপূৰ্ণভাৱে ঘৰ-বাৰী এৰি সীমান্তৰ পৰা আঁতৰি গৈছে । উৰিয়ামঘাট আৰক্ষী থানাত পঞ্জীয়ন কৰা অনুসৰি সীমান্তৰ পৰা ১০০০তকৈ অধিক গাড়ীত বয়-বস্তু কঢ়িয়াই সীমান্তৰ বেদখলকাৰীসকল বিভিন্ন ঠাইলৈ গুছি গৈছে । আমি আশা কৰিম প্ৰস্তাৱিত উচ্ছেদ হোৱা মুহূৰ্তলৈকে সকলো বেদখলকাৰীয়ে এই অঞ্চল ত্যাগ কৰিব । উচ্ছেদ সম্পূৰ্ণ হোৱাৰ পিছতেই সীমান্তত বনানিকৰণৰ কাম হাতত ল'ব পৰা যাব । ইতিমধ্যে সীমান্তত বন বিভাগে ১১,০০০ বিঘা ভূমিৰ জৰীপ কৰিছে ।"
লগতে পঢ়ক :গো-মাংস বৰ্জন-উৰিয়ামঘাটৰ উচ্ছেদক সমৰ্থন খিলঞ্জীয়া মুছলমান সমাজৰ - SARUPATHAR JAMAAT ANCHALIK SAMITI

