ETV Bharat / state

বিজেপি দল নিৰ্মাণত ৰাজেন গোঁহাইৰ অভূতপূৰ্ব বৰঙণি আছে : মুখ্যমন্ত্ৰী

BJP দলেও ৰাজেন গোঁহাইক সন্মান জনাই বহুবাৰো সাংসদ হোৱাৰ সুবিধা দিছিল বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

Assam CM Himanta Biswa Sarma reacts on Rajen Gohain's resignation
বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে ক’ৰ কমিটীৰ বৈঠক (@himantabiswa X)
author img

By ETV Bharat Assamese Team

Published : October 10, 2025 at 7:59 AM IST

|

Updated : October 10, 2025 at 12:45 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : "ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে । দল নিৰ্মাণত ৰাজেন গোহাঁইয়ে যথেষ্ট বৰঙণি আগবঢ়াই গৈছে । ৰাজেন গোহাঁইৰ বৰঙণি প্ৰতি সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক কেইবাবাৰো সাংসদ হোৱাৰ সুবিধা দিছিল ।’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে ক’ৰ কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোহাঁইয়ে পদত্যাগ কৰাক লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয়, ‘‘তেওঁ আজি দল ত্যাগ কৰিছে যদিও তেওঁৰ পুত্ৰ আজিও ভাৰতীয় জনতা পাৰ্টীতে আছে, দলৰ বিভিন্ন দায়িত্ব পালন কৰিছে । তেওঁৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল হয় আৰু সৰ্বাংগ সুন্দৰ হয় দেশৰ প্ৰতি যাতে কাম কৰি থাকিব পাৰে তাৰ বাবে শুভেচ্ছা জনাইছো ।’’

বিজেপি দল নিৰ্মাণত ৰাজেন গোঁহাইৰ অভূতপূৰ্ব বৰঙণি আছে : মুখ্যমন্ত্ৰী (ETV Bharat Assam)

উল্লেখ্যে যে, ’২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলীয় সাংগঠনিক কাম-কাজক লৈ তৎপৰ হৈছে শাসক দল বিজেপি । বৃহস্পতিবাৰে ’২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা ।‌

Assam CM Himanta Biswa Sarma reacts on Rajen Gohain's resignation
বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে ক’ৰ কমিটীৰ বৈঠক (ETV Bharat Assam)

ডিব্ৰুগড়ৰ আৰক্ষী চাউনীৰ বহুমুখী উপযোগিতা ভৱনত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে অনুষ্ঠিত হোৱা ক’ৰ কমিটীৰ বৈঠকত নিশা অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ।‌ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু লগতে দলটো মন্ত্ৰী, বিধায়ক সাংসদসকলেও এই সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।‌

এই সভাত অংশলৈ সাংবাদিকৰ আগত ৰাজেন গোহাঁইয়ে পদত্যাগকে ধৰি হাগ্ৰামা মহিলাৰীৰ চৰকাৰ গঠন, জুবিন গাৰ্গক ন্যায় প্ৰদানকে ধৰি কেতবোৰ বিষয় সন্দৰ্ভত মন্তব্য কৰে ৷

  • হাগ্ৰামা মহিলাৰীক চৰকাৰ চলোৱাত বিজেপি দল আৰু চৰকাৰে সহযোগীতা আগবঢ়াই যাব :

বিটিএডি নিৰ্বাচনত BPF দলে জয়লাভ কৰা পাছতেই চৰ্চা চলিছে, বিজেপিৰ সৈতে মিত্ৰতাত আহিব BPF । এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ভাৰতীয় জনতা পাৰ্টীয়ে BPFৰ লগত যি আলোচনা কৰিব লাগে, তাক কৰি আছো । বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিছে ।‌ তেওঁলোকে নিজৰ মনৰ ভাব প্ৰকাশ কৰিছে যে NDA ত তেওঁলোক আহিব বিচাৰে কিন্তু UPPL থাকিব নালাগে । এই সিদ্ধান্ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব । বৰ্তমান হাগ্ৰামা মহিলাৰীৰ চৰকাৰখন যাতে সফল হয়, তাৰ বাবে বিজেপি দল আৰু চৰকাৰে সহযোগীতা আগবঢ়াই যাম ।’’

Assam CM Himanta Biswa Sarma reacts on Rajen Gohain's resignation
বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে ক’ৰ কমিটীৰ বৈঠক (ETV Bharat Assam)
  • জুবিন গাৰ্গৰ তদন্তৰ গতি ন‍্যায়ৰ পৰ্যায়লৈকে যাতে যাব পাৰে তাৰ বাবেও চৰকাৰক নিজৰ দায়িত্ব পালনৰ আহ্বান :

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত বিজেপি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি মুখ‍্যমন্ত্ৰীয়ে সভাৰ সন্দৰ্ভত কয়,
‘‘এই সভাত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হয় । সভাৰ শেষত বিজেপিৰ ৰাজ‍্যিক ক'ৰ কমিটীৰ বৈঠক এখন অনুষ্ঠিত হয় । এই বৈঠকত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন সমিতি নিৰ্মাণৰ বাবে আজি ক'ৰ কমিটীয়ে প্ৰস্তাৱ লৈছে ।’’

‘‘গুৱাহাটীত বিজেপিৰ বুথ সভাপতিসকলক লৈ এখন সমাৱেশ কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু বিভিন্ন বুথৰ যুৱ মৰ্চাৰ সভাপতিসকলক লৈ যুৱ সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । সমান্তৰালভাৱে নৰেন্দ্ৰ মোদীৰ আগন্তুক কেইবাটাও অসম ভ্ৰমণ, গৃহমন্ত্ৰী অমৃত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাদ্দাৰ অসম ভ্ৰমণ সম্পৰ্কেও সভাত আলোচনা হৈছে ।’’

‘‘সভাত সকলোৱে একেলগে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু জুবিন গাৰ্গৰ তদন্তৰ গতি ন‍্যায়ৰ পৰ্যায়লৈকে যাতে যাব পাৰে তাৰ বাবেও চৰকাৰক নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায় । ইয়াৰ লগতে আমি BTC নিৰ্বাচন আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে । এই ক্ষেত্ৰত সকলোকে একত্ৰিতভাৱে আগবাঢ়িবলৈ সিদ্ধান্ত লোৱা হয় ।’’

লগতে পঢ়ক : বিজেপি এৰিলে প্ৰাক্তন সাংসদ ৰাজেন গোঁহায়ে, বাজপেয়ী ভৱনলৈ আহি দিলে পদত্যাগ পত্ৰ

লগতে পঢ়ক : শুকুৰবাৰে ঘোষণা হ'ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ ফলাফল

Last Updated : October 10, 2025 at 12:45 PM IST