ETV Bharat / state

দিছপুৰস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বেডমিণ্টন তাৰকা পিভি সিন্ধু

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ভাৰতৰ বেডমিণ্টন তাৰকা পিভি সিন্ধুক ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত তাৰকাগৰাকীৰ লগত আছিল তেওঁৰ স্বামী ভেংকটা দত্ত ছাই৷

Assam CM Himanta Biswa Sarma meets India's badminton star PV Sindhu
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ভাৰতৰ বেডমিণ্টন তাৰকা পিভি সিন্ধুক (@himantabiswa)
author img

By ANI

Published : February 7, 2025 at 9:01 AM IST

3 Min Read
Choose ETV Bharat

দিছপুৰ : বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কাৰ্য়ালয়তে ভাৰতৰ বেডমিণ্টন তাৰকা পিভি সিন্ধুক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে পিভি সিন্ধুক সাক্ষাৎ কৰাৰ সময়ত তেওঁৰ সৈতে স্বামী ভেংকটা দত্ত ছায়ো আছিল ৷

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নৱজীৱনৰ বাবে দুয়োকে অভিনন্দন জনায় ৷ লগতে সিন্ধুৰ তাৰকাময় কৃতিত্বৰ প্ৰশংসা কৰে । সিন্ধুৰ ভৱিষ্যতৰ কাম-কাজৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

Assam CM Himanta Biswa Sarma meets India's badminton star PV Sindhu
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ভাৰতৰ বেডমিণ্টন তাৰকা পিভি সিন্ধুক (ANI)

শেহতীয়া প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে, দুবাৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুয়ে বুধবাৰে প্ৰথম ৰাউণ্ডত পৰাজয়ৰ পিছত ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় । বিশ্বৰ দ্বাদশ স্থানৰ শ্বাটলাৰ সিন্ধুৱে ৩৭ মিনিটৰ ভিতৰতে বিশ্বৰ ৩২ নম্বৰ ভিয়েটনামৰ নুয়েন থুই লিনৰ হাতত ২২-২০, ২১-১২ গ’লত পৰাস্ত হয় ।

ইয়াৰ পূৰ্বে সিন্ধুৱে লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ ৱু লুও ইউক পৰাস্ত কৰি দুবছৰতকৈ অধিক সময়ৰ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ ৱৰ্ল্ড ট্যুৰৰ কিছু বেয়া পৰিস্থিতিৰ অন্ত পেলাইছিল । ৪৭ মিনিট ধৰি চলি থকা এই মেছত সিন্ধুৱে একেৰাহে দুখন খেলৰ ভিতৰতে লুও ইউক ২১-১৪, ২১-১৬ গ’লত পৰাস্ত কৰে।

২০২২ চনৰ জুলাই মাহত ছিংগাপুৰ অ’পেন খিতাপৰ পিছত সিন্ধুৰ প্ৰথমটো BWF ৱৰ্ল্ড ট্যুৰ খিতাপ আছিল, যিটো BWF ছুপাৰ ৫০০ প্ৰতিযোগিতা আছিল, BWF ছুপাৰ ৩০০ প্ৰতিযোগিতা চৈয়দ মোদী ইণ্ডিয়া ইণ্টাৰনেশ্যনেলৰ তুলনাত । ২০২৩ আৰু এই বছৰ স্পেইন মাষ্টাৰছ আৰু মালয়েছিয়া মাষ্টাৰছৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাছিল ।

ইতিমধ্যে সিন্ধুৱে BWF বিশ্ব চেম্পিয়নশ্বিপত পাঁচটা পদক সংগ্ৰহ কৰি চীনৰ জাং নিঙৰ সৈতে এই কৃতিত্ব অৰ্জন কৰা মাত্ৰ দুগৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে । ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত স্পেইনৰ কেৰ’লিনা মেৰিনৰ বিৰুদ্ধে যুঁজ দি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ ফলত অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ হিচাপে সিন্ধু পৰিগণিত হয় । ইয়াৰে পাচত ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দুটা অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় ।

সিন্ধুৰ এই কৃতিত্বই তেওঁক বেডমিণ্টনৰ এগৰাকী পথ পদৰ্শক আদৰ্শ খেলুৱৈ হিচাপে চিনাকী দি আহিছে ৷ ভাৰত আৰু বিশ্বৰ অগণন যুৱ খেলুৱৈক তেওঁক অনুপ্ৰাণিত কৰি আহিছে । (ANI)

লগতে পঢ়ক : প্ৰথম এদিনীয়াত ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত ইংলেণ্ড