নতুন দিল্লীত প্রধানমন্ত্রী, বিত্ত মন্ত্রীকে ধৰি ছগৰাকী কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিত্ত মন্ত্ৰীলৈ মুঠ ছগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম 2.0 কাৰ্যসূচীলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ ।

Published : February 3, 2025 at 10:49 PM IST
গুৱাহাটী : অহা ৫ ফেব্ৰুৱাৰীত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰি সোমবাৰে দেশৰ ৰাজধানী চহৰ দিল্লীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হয় এডাণ্টেজ আছাম 2.0ক লৈ ৷ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিত্ত মন্ত্ৰীলৈ মুঠ ছগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ । বিত্তমন্ত্রী নির্মলা সীতাৰমণ, নীতিন গাডকাৰী, অশ্বিনী বৈষ্ণৱ, জ্যোতিৰাদিত্য সিন্ধিয়া, হৰদীপ সিং পুৰী আৰু পীয়ুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে ৷
সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এইবাৰৰ কেন্দ্রীয় বাজেট ২০২৫-২৬ বৰ্ষত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইতিহাস সূচনা কৰি অসমৰ নামৰূপত ১২.৭ লাখ মেট্রিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্প ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে । লগতে 'এডভাণ্টেজ আছাম 2.0'লৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে, এডভাণ্টেজ আছামৰ সমান্তৰালভাৱে পৰিবেশিত হ’বলগীয়া ঝুমুৰৰ বিশ্ব অভিলেখ অনুষ্ঠানলৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰীয়ে । সামাজিক মাধ্যমযোগে এই কথা ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে কয়, "এই প্রকল্পই ৰাজ্যৰ উন্নয়নমূলক যাত্রাত এক বৃহৎ ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব । আগন্তুক 'এডভাণ্টেজ আছাম 2.0' সন্মিলন আৰু বিশাল ঝুমইৰ প্ৰদৰ্শন সন্দৰ্ভত মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ পৰা মূল্যৱান নির্দেশনা লাভ কৰাৰো সৌভাগ্য হয়।"

মুখ্যমন্ত্রীয়ে দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰি 'ভাৰতৰ ইতিহাসৰ অন্যতম শ্রেষ্ঠ বাজেট উপস্থাপন' কৰা বুলি অভিনন্দন জ্ঞাপন কৰে । এই বাজেটে মধ্যবিত্ত আৰু ক্ষুদ্র ব্যৱসায়ক চৰকাৰৰ কাৰ্যসূচীৰ কেন্দ্রবিন্দুত ৰাখি অভিনৱত্ব প্রদান কৰিব বুলি উল্লেখ কৰে । লগতে তেওঁকো অসমৰ নতুন ইউৰিয়া প্রকল্প স্থাপনৰ কথা ঘোষণাৰ বাবে ৰাজ্যবাসীৰ হৈ ধন্যবাদ জনায় আৰু আগন্তুক এডভাণ্টেজ আছাম সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামৰণী অধিৱেশনত অধ্যক্ষতা কৰিবলৈ সন্মতি প্রদান কৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে সাক্ষাতো আছিল মুখ্যমন্ত্রীৰ দিল্লীত সোমবাৰৰ দিনটোত অন্যতম কার্যসূচী । 'এডভাণ্টেজ আছাম 2.0'ৰ সময়ত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে 'বিকশিত অসমত আই-ৱেজ'ৰ ভূমিকা সম্পর্কে এক বৈঠকত অধ্যক্ষতা কৰিব বুলি জনায় ।

সাক্ষাতৰ পাছত মুখ্যমন্ত্রীয়ে কয়, “এই অধিৱেশনে যোগাযোগ আৰু প্রযুক্তি উদ্যোগৰ মূল অংশীদাৰ আৰু শ্রেষ্ঠ মনক একত্রিত কৰি ৰাজ্যত 'আই-ৱেজ' নির্মাণৰ ক্ষেত্রত অসমক নির্দিষ্ট কৌশল প্রণয়ন কৰাত সহায় কৰিব ।”
কেন্দ্রীয় মন্ত্ৰীৰে মাৰাথন সাক্ষাতৰ সময়ত ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীকো সাক্ষাৎ কৰে ৷ মন্ত্ৰীগৰাকীৰ সৈতে অসমৰ শক্তি সম্ভাৱনা সম্পর্কে এক ফলপ্রসূ আলোচনাত মিলিত হয় । এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত হাইড্র'-কার্বন আৰু শক্তি সম্পর্কীয় আলোচনা সত্রত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে নেতৃত্ব প্রদানৰ সন্মতি জনায় বুলি মুখ্যমন্ত্রীয়ে জনায় ।

ইয়াৰ উপৰি মুখ্যমন্ত্রী ড° শৰ্মাই সোমবাৰে সাক্ষাৎ কৰে কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলকো ৷ এই সাক্ষাতত এডভাণ্টেজ আছাম 2.0 সন্মিলনত অসমক বিকাশৰ ইঞ্জিন হিচাপে গঢ়াৰ বিভিন্ন দিশ সম্বন্ধীয় আলোচনাত নেতৃত্ব প্রদানৰ কথা ব্যক্ত কৰে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, দেশৰ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীৰ সৈতেও এই ধাৰাবাহিক সাক্ষাতৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে এক আলোচনাত মিলিত হয় । কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে মুখ্যমন্ত্রীয়ে অসমৰ পথ আন্তঃগাঁথনিকে ধৰি এডভাণ্টেজ আছাম আদি বিভিন্ন বিষয়ত আলোচনা কৰে ।

মুখ্যমন্ত্রীয়ে সোমবাৰে কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে । এই সময়ত অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ক্ষেত্ৰত কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ অৱদানৰ বাবে ধন্যবাদ জনাই এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন দিশ সম্পর্কত বিশদভাৱে আলোচনা কৰে ।
এই সাক্ষাতৰ পিছতেই 'মুখ্যমন্ত্রী হিচাপে মোৰ আজিৰ সাক্ষাতে অসমক পূৰ্বতকৈও অধিক সমৃদ্ধ কৰিব' বুলি মুখ্যমন্ত্রীয়ে আশা ব্যক্ত কৰে ।

