ETV Bharat / state

এডভাণ্টেজ আছাম ২.০: বিনিয়োগকাৰীৰ সন্ধানত বিদেশলৈ যোৱাৰ যো-জা মুখ্যমন্ত্রীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ বাবে দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ যাব অসমৰ মুখ্যমন্ত্ৰী ।

Advantage Assam
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণকলৈ ব্যাপক ব্যস্ত মুখ্যমন্ত্রী (Fb@himantabiswasarma)
author img

By ETV Bharat Assamese Team

Published : January 8, 2025 at 4:41 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ফেব্ৰুৱাৰী মাহৰ ২৪ আৰু ২৫ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব বিয়াগোম এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অৰ্থাৎ এডভাণ্টেজ আছাম ২.০ । যাৰ বাবে ব্যস্ততাৰ অন্ত নোহোৱা হৈছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰৰ পৰা তিনিদিন মুম্বাইত ব্যস্ত থকাৰ পাছত মঙলবাৰে দিল্লীত ব্যস্ত আছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে কোনোধৰণৰ ত্ৰুটি ৰাখিব বিচৰা নাই মুখ্যমন্ত্রীয়ে । যাৰ বাবে নিজেই এডভাণ্টেজ আছামৰ প্ৰচাৰত নামি পৰিছে ।

এইবাৰ বিনিয়োগকাৰীৰ সন্ধানত সদলবলে বিদেশলৈ যাবলৈ সাজু হৈছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা । মুম্বাই আৰু দিল্লীৰ পাছত মুখ্যমন্ত্ৰীৰ লক্ষ্য হৈছে দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰৰ বিনিয়োগকাৰী ।

এডভাণ্টেজ আছামৰ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী

লক্ষণীয় বিষয় যে বিগত কেইবাদিন ধৰি মুম্বাইত বাহৰ পাতি মুখ্যমন্ত্রীয়ে দেশৰ আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি অসমত বিনিয়োগৰ সম্ভাৱনীয়তাৰ বিষয়ে সদৰি কৰাৰ লগতে এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনায় । মঙলবাৰৰ দিনটোত মুখ্যমন্ত্রীয়ে ৩৬ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্য প্ৰতিনিধিৰে সাক্ষাৎ কৰি এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিষয়ে অৱগত কৰে ।

বিদেশলৈ যাব মুখ্যমন্ত্ৰী

দেশৰ উপৰিও বিদেশৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে এডভাণ্টেজ আছামৰ প্ৰচাৰৰ বাবে এইবাৰ মুখ্যমন্ত্রীয়ে কেইবাখনো ৰাষ্ট্ৰলৈ যাব । অহা ১৯ জানুৱাৰীত মুখ্যমন্ত্রীয়ে দক্ষিণ কোৰিয়া আৰু জাপান অভিমুখে ৰাওনা হ'ব । ১৯ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ মুখ্যমন্ত্ৰী এই দুখন দেশ ভ্ৰমণ কৰিব । উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে প্ৰকাশ কৰা চৰকাৰী জাননী অনুসৰি মুখ্যমন্ত্ৰীক এই ভ্ৰমণত সংগ দিব বিধায়ক বলীন চেতিয়া, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ জে বি এক্কা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড৹ কে কে দ্বিবেদী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত সচিব ড৹ পি উদয় প্রবীণ, মুখ্যমন্ত্ৰীৰ প্রধান ব্যক্তিগত সচিব প্রশান্ত প্রতীম কাঠকটীয়া, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কাৰী সঞ্জীৱ ঘোষ ।

আনহাতে 'ফিকি'ৰ জ্যেষ্ঠ প্রতিনিধিও মুখ্যমন্ত্ৰীৰ এই দলটোত থাকিব । দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণৰ পাছত মুখ্যমন্ত্ৰী সদলবলে ছিংগাপুৰ ভ্ৰমণলৈ যাব । ১০ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ মুখ্যমন্ত্রী ছিংগাপুৰত থাকিব ।

উল্লেখ্য যে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত এডভাণ্টজ আছামৰ আয়োজন কৰা হৈছে যদিও মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণত মুখ্যমন্ত্রীৰ সৈতে নাই উদ্যোগ মন্ত্রী বিমল বড়া । মন্ত্রীগৰাকী এডভাণ্টেজ আছামৰ আয়োজনকলৈ ব্যস্ত হৈ আছে । উল্লেখ্য যে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে এডভাণ্টেজ আছাম ২.০ অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে ২০১৮ চনত প্ৰথমবাৰৰ বাবে এডভাণ্টেজ আছাম অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :উমৰাংছ' কয়লাখনিৰ দুৰ্ঘটনা: চৰকাৰক জবাবদিহি গৌৰৱ গগৈৰ - CONGRESS MP GAURAV GOGOI