নিৰ্বাচনৰ আগতে ৰাজ্যত বন্ধ হ'ব DTO অফিচ : মুখ্যমন্ত্ৰী
ৰাজ্যত বন্ধ হ'ব DTO অফিচ৷ স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলিৰ পাছত এই মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে পথ দুৰ্ঘটনা ৰোধ হোৱাৰো আশা প্ৰকাশ কৰে ৷

Published : October 9, 2025 at 8:23 AM IST
ডিব্ৰুগড় : এতিয়াৰে পৰা আৰু যান-বাহন সংক্ৰান্তিয় কিছু কামৰ বাবে আপুনি আৰু DTO অফিচলৈ যাব নালাগে ৷ কাৰণ নিৰ্বাচনৰ আগতেই বহু কেইটা DTO অফিচ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰি বুধবাৰে এই কথা সদৰীৰে কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰীয়ে কয়, "এই কেন্দ্ৰ হৈ যোৱা পাছত এতিয়াৰে পৰা জিলা পৰিবহন বিষয়া কাৰ্যালয়লৈ যাব নালাগে । ৰাজ্যত থকা DTO অফিচ বন্ধ কৰাৰ সম্ভাৱনা আছে । নিৰ্বাচনৰ আগত বহু কেইটা DTO অফিচ বন্ধ কৰাৰ সিদ্ধান্ত লৈছো । কাৰণ এতিয়া পুৰণা DTO অফিছত সেৱা লোৱাৰ পৰিৱৰ্তে স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰত নিজৰ বাহন পৰীক্ষা কৰিব পাৰিব । ইয়াৰ লগে লগে ভাৰতবৰ্ষৰ যিকোনো ঠাইত নিজৰ বাহনৰ ফিটনেচ চাব পাৰিব । এতিয়া তিনিটা কেন্দ্ৰ নিৰ্মাণ কৰিব বিচাৰিছো ।’’
উল্লেখ্য যে, পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম আৰক্ষী আৰু পৰিবহন বিভাগে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা সংঘটিত হৈয়ে আছে । সেয়ে ৰাজ্যত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰকসমূহ বিশ্লেষণ কৰাৰ চেষ্টা কৰিছে ৰাজ্যিক পৰিবহণ বিভাগে ।
বাহনৰ দুৰ্বলতাৰ বাবে যাতে পথ দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে প্ৰথমবাৰলৈ ডিব্ৰুগড় জিলাৰ লাহোৱালত যান-বাহন ফিটনেচ টেষ্টিং চেণ্টাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰে । বুধবাৰে স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ অনুষ্ঠিতভাৱে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
Vehicle testing in major centres of Assam is now a completely automated process, devoid of manual intervention.
— Himanta Biswa Sarma (@himantabiswa) October 8, 2025
Inaugurated one such facility in Lahowal today, which will offer
🛞Faster vehicle testing
🛞Cost effective fitness testing process
🛞Mobile testing facilities pic.twitter.com/o2hR6h2qvM
প্ৰকল্প ব্যয় ১২০০ লাখ টকাৰে নিৰ্মাণ সম্পূৰ্ণ হয় ৰাজ্যৰ প্ৰথমটো স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ । এই কেন্দ্ৰটোৰ জৰিয়তে এতিয়াৰে পৰা কম খৰচতে যান-বাহন সম্পূৰ্ণ স্বয়ংক্ৰিয় পৰীক্ষা, মানৱীয় হস্তক্ষেপ হ্ৰাস, পৰীক্ষাৰ তথ্য সংৰক্ষণৰ ব্যৱস্থা, যান- বাহনৰ দ্ৰুত পৰীক্ষা কৰিবলৈ সুবিধা লাভ কৰিব যান-বাহনৰ চালক আৰু গৰাকীয়ে ।
বুধবাৰে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, পৰিবহন মন্ত্ৰী যোগেন মোহন , অসম ৰাজ্যিক পৰিবহণ নিগম অধ্যক্ষ পল্লৱলোচন দাস, কেইবাগৰাকী বিধায়ক আৰু পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াসকল ।

- পথ দুৰ্ঘটনা ৰোধৰ বাবে স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ নিৰ্মাণ :
ৰাজ্যৰ প্ৰথমটো স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "ৰাজ্যত যাতে যান-বাহনৰ দুৰ্ঘটনা নহয় তাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰি আহিছে । পথ দুৰ্ঘটনাৰ এটা প্ৰধান কাৰণে হৈছে যান-বাহনৰ ফিটনেচ নথকাটো । ব্ৰেক ফেইল, ষ্টেয়েৰিং ফেইল হোৱা বাবে পথ দুৰ্ঘটনা সংঘটিত হয় । মটৰ পৰিবহন আইন মতে, যান-বাহনসমূহ কম্পিউটাৰৰ দ্বাৰা পৰীক্ষা হ'ব লাগে । সেইবাবে অসম চৰকাৰে স্পেইনৰ এটা কোম্পানীৰ সৈতে ৰাজ্যৰ চাৰিটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ খুলিবলৈ আৰম্ভ কৰিছো দক্ষিণ শালমাৰা, বিশ্বনাথ, যোৰহাট আৰু ডিব্ৰুগড়ত ৷ এই কেন্দ্ৰটো নিৰ্মাণৰ বাবে পৰিবহণ বিভাগে ভূমি যোগান ধৰে আৰু নিযুক্তি আৰু আন বিষয়সমূহ কোম্পানীটোৱে তদাৰক কৰে । পৰিবহন বিভাগ আৰু এই কোম্পানীটোৰ মাজত ৰেভিনিও শ্বেয়াৰ হ'ব ।’’

- আন কেন্দ্ৰতকৈ পৃথক লাহোৱালৰ স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ :
ডিব্ৰুগড়ৰ লাহোৱালত স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰত আন এক বিশেষত্ব আছে । মুখ্যমন্ত্ৰীয়ে কয়, "এই পৰীক্ষণ কেন্দ্ৰত এটা মোবাইল টেষ্টিং ইউনিটো প্ৰৱৰ্তন কৰা হৈছে । যিয়ে তিনিচকীয়া বাহনৰ বাবে স্থানীয়ভাৱে ফিটনেছ পৰীক্ষা কৰিব, ফোন কৰিলে বাহনৰ গৰাকীৰ ঘৰত গৈ বাহন পৰীক্ষা কৰিব । যাৰ ফলত বাহনৰ মালিকৰ বাবে এই সেৱা অধিক সুলভ আৰু সুবিধাজনক হ’ব । ডাঙৰ আৰু গধুৰ বাহন পৰীক্ষাৰ বাবে নতুন যন্ত্ৰ ইয়াত উপলব্ধ কৰা হৈছে । এই ব্যৱস্থাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰাজহ বৃদ্ধি পাইছে, সেৱা ভাল হৈছে ।’’

