বাক্সা : ''চিৰাং, গোৰেশ্বৰ আৰু তেজপুৰত বাথৌ থানসালি নিৰ্মাণৰ বাবে ৫ কোটি টকাকৈ মুঠ ১৫ কোটি টকা নিৰ্ধাৰণ কৰা হ'ব । তদুপৰি এইবাৰ ১০০খন বাথৌ সানথালিৰ নিৰ্মাণৰ বাবে ৫ লাখ টকাকৈ আবণ্টন দিয়া হ'ব ।'' এই ঘোষণা মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
উল্লেখ্য যে, তামুলপুৰ জিলাৰ দ্বাৰকুছিত তিনিদিনীয়াকৈ অনুষ্ঠিত নিখিল বাথৌ মহাসভাৰ আজি আছিল সামৰণিৰ দিনা । আজিৰ অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীগৰাকীয়ে প্ৰথমে বাথৌ মন্দিৰত চলি থকা আৰজ বন্দনাত অংশগ্ৰহণ কৰি মুকলি সভাত মুখ্য অতিথিৰ ভাষণত বাথৌ ধৰ্মৰ ঐতিহাসিক তাত্বিকসমূহৰ বিষয়ে উল্লেখ কৰে । মুখ্যমন্ত্রীগৰাকীয়ে কয়, "ইতিমধ্যে যোৱা বৰ্ষত ২০০ টা বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে ধন আবণ্টন দিয়া হৈছিল ।"
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে বড়ো জনগোষ্ঠীক একগোট হৈ থাকিবলৈ আহ্বান জনাই কয়, "আমাৰ মাজত মিলাপ্ৰীতি থাকিলেহে উন্নয়নৰ সম্ভৱ হ'ব আৰু সমাজত শান্তিৰ পৰিৱেশ ঘূৰি আহিব ৷" বি টি আৰ চুক্তি সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয়, "আমাৰ দিনত বি টি আৰ চুক্তি ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে ৷" বৰ্তমান গহপুৰলৈ সম্প্ৰসাৰণ কৰা হৈছে বুলিও মন্তব্য় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Kherai & Bagurumba are integral part of our Bodo community. Apart from organising a mega Bagurumba later this year, we are supporting 300 Bathou Thansalis and Brahma Mandirs.
— Himanta Biswa Sarma (@himantabiswa) April 6, 2025
In Delhi’s Assam Bhawan we are also in the process of installing a Sijou Tree, a symbol of the Bathou… pic.twitter.com/Il6K1DmAkc
তৰোৱালৰ ওপৰত কৰা খেৰাই নৃত্যৰে সকলোকে আপ্লুত কৰা সভাত বি টি আৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই অংশগ্ৰহণ কৰি কয়, "সমগ্ৰ অসমৰ লগতে বি টি আৰৰ এলেকাতো বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহ চলি আছে । কম সময়ৰ ভিতৰতে বাথৌ মন্দিৰসমূহ উন্নত কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছো ।"
जै बाथौ आर'ज। जै बोराइ बाथौ।
— Himanta Biswa Sarma (@himantabiswa) April 6, 2025
Was blessed to join the 32nd All Bathou Mahasabha in Tamulpur. Bwrai Bathou represents the faith of our Bodo Community and deeply rooted with Prakriti. Preserving the ancient culture of Assam’s indigenous communities is at the core of our agenda. pic.twitter.com/najswOb4jh
আজিৰ এই অনুষ্ঠানটোত সাংসদ ৰণগৌৰা নাৰ্জাৰী, বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ পাৰিষদ মন্টু বড়োকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।