ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ঝুমইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছাম ২.০ৰ কাৰ্যসূচীত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

Himanta Biswa Sarma
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (@CMOfficeAssam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 11:38 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব মেগা ঝুমুৰ নৃত্য । একেদৰে খানাপাৰাত আয়োজিত এডভাণ্টেজ আছাম ২.০ৰ উদ্বোধনী কাৰ্যসূচীতো উপস্থিত থাকিব প্ৰধানমন্ত্ৰী । যাৰ বাবে ইতিমধ্যে চৰকাৰ তথা প্ৰশাসনে 'ঝুমইৰ বিনন্দিনী' কাৰ্যসূচীৰ লগতে এডভাণ্টেজ আছাম ২.০ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । সমান্তৰালকৈ প্ৰধানমন্ত্ৰীক আদৰিবলৈও সাজু হৈছে ৰাজ্য চৰকাৰ ।

প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই প্ৰধানমন্ত্ৰীৰ আদৰাৰ সকলো ব্যৱস্থাৰ তদাৰক কৰিছে । বিমানবন্দৰ, সৰুসজাই আৰু খানাপাৰাত তেওঁ উপস্থিত হৈ সকলো ব্যৱস্থা পৰিদৰ্শন কৰিছে । তাৰ মাজতে নিশা মুখ্য়মন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত কয়, "আমাৰ বিষয়াসকলে, মন্ত্ৰীসকলে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে যাতে অহাকালিলৈকে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিব পাৰো । ৫.৩০ বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব । সৰুসজাইত তেখেত ৭.৩০ বজালৈকে থাকিব । ৭.৩০ বজাত তেখেত খানাপাৰাত আহিব আৰু আমি ইয়াতে আয়োজন কৰা প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰিব । প্ৰায় ৪০ মিনিট সময় তেওঁ প্ৰদৰ্শনীখন চাব । প্ৰদৰ্শনীৰ প্ৰথম পৰ্যায়ত আমি কাজিৰঙা, মুগা, অসমৰ দক্ষতা বিশ্ববিদ্যালয়, আন্তঃগাঁথনি আদিৰ 'প্ৰাউড অৱ আছাম' বুলি এটা চেগমেণ্ট কৰিছো । পৰৱৰ্তী পৰ্যায়ত 'ফিউচাৰ অৱ আছাম', ছেমিকণ্ডাক্টৰ, ৰিলায়েন্স, গুৱাহাটী বিমানবন্দৰ আদি ৰাখিছো । তাৰ আগলৈ আৰু তিনিটা ব্লক আছে...।"

এডভাণ্টেড আছামৰ উদ্বোধনী অনুষ্ঠানত থাকিব প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিশা আমাৰ ১ নম্বৰ গেষ্ট হাউচত কটাব । পিছদিনা পুৱা ১০.৩০ বজাৰ পৰা আমাৰ ইয়াতে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব । উদ্বোধনী অনুষ্ঠানৰ বাবে আমি মানুহক নিমন্ত্ৰণ কৰিছো । পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী ১.৩০ বজাত বিহাৰলৈকে যাব ।

এডভাণ্টেজ আছাম ২.০ৰ আন আন কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,"২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে বিদায় লোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ এখন অধিৱেশন হ'ব । তাৰ পিছত ছেমিকণ্ডাক্টৰৰ ওপৰত এখন অধিৱেশন হ'ব য'ত অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আহিব । বাকী অধিৱেশনসমূহ চলি থাকিব । সময়ে সময়ে আমাৰ ইনভেষ্টমেণ্টৰ ওপৰত এমঅ'ইউ স্বাক্ষৰ হৈ থাকিব ।"

ক'ৰ ক'ৰ পৰা আহিছে প্ৰতিনিধি

অসমলৈ অহা বিদেশৰ অতিথি সন্দৰ্ভত তেওঁ কয়, "যিসকল ৰাজদূত বা ৰাজ অতিথি আহিছে তেওঁলোক দুটা বেটছত আহিছে । এটা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰৰ লগত আহিছে । তেওঁলোকে বাহিৰে বাহিৰে ঝুমুৰ অনুষ্ঠানলৈ আহিব । যিখিনি আমাৰ বন্ধু ৰাষ্ট্ৰ যেনে ভূটান, থাইলেণ্ড, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, জাপান...এইখিনি দেশৰ বেলেগকৈ আহিছে । তেওঁলোক কাইলৈ গুৱাহাটী আহি পাব ।"

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম ২.০ত 'এক্ট ইষ্ট' শীৰ্ষক এক অধিৱেশনত বৈদেশিক মন্ত্ৰীৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে উপস্থিত থাকিব ।

লগতে পঢ়ক :'ঝুমইৰ বিনন্দিনী'ৰ কাউন্ট-ডাউন আৰম্ভ - JHUMOIR BINANDINI

লগতে পঢ়ক :এছ জয়শংকৰ নেতৃত্বত অসমত উপস্থিত ৪৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দল - ADVANTAGE ASSAM 2